ETV Bharat / bharat

PM Modi meets Murli Manohar Joshi : জ্যেষ্ঠ নেতা মুৰলী মনোহৰ যোশীক সাক্ষাৎ প্ৰধানমন্ত্ৰী মোদীৰ

author img

By

Published : Jul 30, 2023, 10:38 AM IST

ভাৰতীয় জনতা পাৰ্টীৰ জ্যেষ্ঠ নেতা মুৰলী মনোহৰ যোশীক সাক্ষাৎ কৰি আশীৰ্বাদ লয় প্ৰধানমন্ত্ৰী মোডীয়ে । বিজেপিৰ প্ৰতিগৰাকী কৰ্মী জ্যেষ্ঠ নেতাগৰাকীক সাক্ষাৎ কৰিবলৈ আগ্ৰহী বুলিও তেওঁ উল্লেখ কৰে ।

PM Modi meets Murli Manohar Joshi
জ্যেষ্ঠ নেতা মুৰলী মনোহৰ যোশীক সাক্ষাৎ প্ৰধানমন্ত্ৰী মোডীৰ

নেশ্যনেল ডেস্ক,৩০ জুলাই : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে পুৱাই সাক্ষাৎ কৰে ভাৰতীয় জনতা পাৰ্টীৰ জ্যেষ্ঠ নেতা মুৰলী মনোহৰ যোশীক । প্ৰাক্তন কেন্দ্ৰীয় মানৱ সম্পদ আৰু উন্নয়ন মন্ত্ৰীগৰাকীক সাক্ষাৎ কৰাৰ পাছতে প্ৰধানমন্ত্ৰী মোডীয়ে টুইটাযোগে কয় যে, তেওঁ মুৰলী মনোহৰ যোশীৰ পৰা নিৰ্দেশনা আৰু আশীৰ্বাদ লাভ কৰে । তেওঁ উল্লেখ কৰা মতে তেওঁৰ দৰে প্ৰতিগৰাকী কৰ্মীয়ে তেওঁক সাক্ষাৎ কৰাৰ পাছত সদায়ে এক নতুন শক্তি লাভ কৰে ।

ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোডীয়ে শনিবাৰে দিল্লীৰ ভাৰত মণ্ডপমত অখিল ভাৰতীয় শিক্ষা সমাগম শীৰ্ষক এক শৈক্ষিক সন্মিলন উদ্বোধন কৰে । যি ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ৰ তৃতীয় বাৰ্ষিকীৰ সৈতে জড়িত । প্ৰধানমন্ত্ৰীয়ে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ সৈতে সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত প্ৰগতি ময়দানৰ ভাৰত মণ্ডপমত উপস্থিত থাকে ।

অনুষ্ঠানটোত মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান, অন্নপূৰ্ণা দেৱী, সুভাষ সৰকাৰ আৰু ৰাজকুমাৰ ৰঞ্জন সিং উপস্থিত থাকে । প্ৰধানমন্ত্ৰীয়ে একাংশ কিশোৰ-কিশোৰী আৰু প্ৰাপ্তবয়স্কসকলৰ সৈতে বাৰ্তালাপ কৰে আৰু শিক্ষাৰ্থীসকলে প্ৰদৰ্শন কৰা প্ৰকল্পসমূহ পৰিদৰ্শন কৰে । সমবেত লোকসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কয় যে, ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে একবিংশ শতিকাৰ ভাৰতক এক নতুন দিশ প্ৰদান কৰিবলৈ গৈ আছে আৰু সকলো এই বিশেষ মুহূৰ্তৰ সাক্ষী হৈ পৰিছে যিয়ে আমাৰ দেশৰ ভৱিষ্যত গঢ়ি তোলাৰ ভেটি স্থাপন কৰিছে ।

প্ৰধানমন্ত্ৰী মোডীয়ে শিক্ষাৰ তাৎপৰ্যৰ ওপৰতো গুৰুত্ব আৰোপ কৰি কয় যে, শিক্ষাই দেশৰ ভাগ্য সলনি কৰাৰ ক্ষমতা আছে । প্ৰধানমন্ত্ৰী মোডীয়ে লগতে কয় যে দেশখনে যি লক্ষ্যৰে আগবাঢ়িছে সেই লক্ষ্য উপনীত হোৱাত শিক্ষাৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে । সমবেত লোকসকলক উদ্দেশ্যি তেওঁ কয় যে, তেওঁলোক ইয়াৰ প্ৰতিনিধি । অখিল ভাৰতীয় শিক্ষা সমাগমৰ অংশ হোৱাটো তেওঁ বাবেও এক গুৰুত্বপূৰ্ণ সুযোগ বুলি উল্লেখ কৰে প্ৰধানমন্ত্ৰী মোডীয়ে ।

লগতে পঢ়ক :Lok Sabha Speaker Meghalaya visit:মণিপুৰৰ ঘটনাক অত্যন্ত বেদনাদায়ক আখ্যা লোকসভাৰ অধ্যক্ষৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.