অসম

assam

Centre policy on China : ৰাহুল গান্ধীক তীব্ৰ সমালোচনা সীতাৰমণৰ

By

Published : May 30, 2023, 4:05 PM IST

ৰাহুল গান্ধীক উভতি ধৰিলে কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে (Sitharaman slams Rahul Gandhi)। চীন সম্পৰ্কে কেন্দ্ৰীয় চৰকাৰৰ নীতিক লৈ ৰাহুল গান্ধীয়ে কৰা সমালোচনাৰ বাবে অসন্তুষ্ট মন্ত্ৰীগৰাকী । তেওঁৰ মতে চীনালোকৰ সৈতে ৰাহুলৰ গোপন চুক্তি আছে ।

Centre policy on China
ৰাহুল গান্ধীক তীব্ৰ সমালোচনা সীতাৰমণৰ

নেশ্যনেল ডেস্ক,৩০ মে':কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে চীন সম্পৰ্কে ভাৰত চৰকাৰৰ নীতিক সমালোচনা কৰাৰ বাবে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক আক্ৰমণ কৰে (Nirmala Sitharaman slams Rahul Gandhi)। সীতাৰমণে কয় যে ৰাহুল গান্ধীয়ে সেই মন্তব্যৰ বাবে লজ্জিত হোৱা উচিত । বিজেপিৰ সংবাদমেলত অংশগ্ৰহণৰ বাবে মুম্বাইত উপস্থিত হোৱা বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে সাংবাদিকৰ আগত এই মন্তব্য কৰে ।

সীতাৰমণে কয় যে ৰাহুল গান্ধীয়ে চীনৰ বিষয়ত ভাৰত চৰকাৰক তাচ্ছিল্য কৰাৰ বাবে লাজ পোৱা উচিত । তেওঁৰ মতে ৰাহুল গান্ধীক চীনা ৰাষ্ট্ৰদূতে কথা কয় কিন্তু তেওঁ আমাৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে কোৱা কথা নুশুনে । বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে ডোকলাম সংঘৰ্ষৰ সময়ত ভাৰতত চীনা ৰাষ্ট্ৰদূতৰ সৈতে ৰাহুল গান্ধীৰ বৈঠকৰ কথা উল্লেখ কৰাৰ পাছতে সীতাৰমণৰ এই মন্তব্য কৰিছে (Sitaraman on Rahul and China relation)।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে চীনৰ সৈতে মোডী চৰকাৰৰ সম্পৰ্ক সন্দৰ্ভত কংগ্ৰেছ নেতাৰ সমালোচনাৰ উপযুক্ত প্ৰত্যুত্তৰ দিয়ে । জয়শংকৰৰ মতে তেওঁ ৰাহুল গান্ধীক চীনৰ ওপৰত এটা পাঠ দিলেহেঁতেন কিন্তু তেওঁ গম পাইছিল যে ৰাহুলে চীনা ৰাষ্ট্ৰদূতৰ পৰা ইতিমধ্যে পাঠ লৈছে ।

কংগ্ৰেছক আক্ৰমণ কৰি সীতাৰমণে কয় যে যেতিয়াই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এই বিষয়টোত সংসদত কথা কয়, কংগ্ৰেছ নেতাসকলে হয় বাহিৰলৈ ওলাই যায় বা প্ৰধানমন্ত্ৰীৰ ভাষণত ব্যাঘাত জন্মাবলৈ হুলস্থূলৰ সৃষ্টি কৰে (Oppositions reacts over Centre policy on China)। সীতাৰমণে প্ৰধানমন্ত্ৰী মোডীক সমালোচনা কৰাৰ বাবে ৰাহুল গান্ধীকো তীব্ৰ সমালোচনা কৰি কয় যে ৰাহুল গান্ধীয়ে চীনা লোকসকলৰ সৈতে কি চুক্তি কৰিছে কোনেও নাজানে । সেই চুক্তিত কি আছে সেয়াও কোনোৱে নাজানে বুলি সীতাৰমণে উল্লেখ কৰে । সীতাৰমণে লগতে কয় যে সংবাদ মাধ্যমসমূহেও ৰাহুল গান্ধীক তেওঁৰ চীনাসকলৰ সৈতে হোৱা চুক্তিৰ বিষয়ে প্ৰশ্ন কৰিব লাগে ।

লগতে পঢ়ক:Manipur Violence : খাৰ্গেৰ নেতৃত্বত কংগ্ৰেছ প্ৰতিনিধিয়ে সাক্ষাৎ কৰিব ৰাষ্ট্ৰপতিক

ABOUT THE AUTHOR

...view details