অসম

assam

Nirav Modi's property seized: নীৰৱ মোডীৰ 253.62 কোটি টকাৰ সম্পত্তি বাজেয়াপ্ত

By

Published : Jul 23, 2022, 10:11 AM IST

ED Seized Nirav Modi's assets worth Rs 253 cr in Hong Kong
নীৰৱ মোডীৰ 253.62 কোটি টকাৰ সম্পত্তি বাজেয়াপ্ত

নীৰৱ মোডীৰ প্ৰায় 253.62 কোটি টকাৰ সম্পত্তি, গহনা আৰু বেংক পুঁজি বাজেয়াপ্ত ইডিৰ(ED Seized Nirav Modi's assets worth Rs 253 cr) ৷ ইডিয়ে হংকঙৰ পৰা বাজেয়াপ্ত কৰে এই সম্পত্তিবোৰ ৷ পলাতক ব্যৱসায়ীগৰাকীৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি ধাৰাৰ 420, ধাৰা 467, ধাৰা 471 আৰু ধাৰা 120-বিৰ অধীনত ৰুজু কৰা হৈছে গোচৰ ।

নিউজ ডেস্ক, 23 জুলাই : পলাতক হীৰা ব্যৱসায়ী নীৰৱ মোডীৰ বিৰুদ্ধে ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিছে প্ৰৱৰ্তন সঞ্চালকালয় চমুকৈ ইডিয়ে ৷ ইডিয়ে পিএনবি গোচৰত নীৰৱ মোডীৰ সৈতে সম্পৰ্কিত প্ৰায় 253 কোটি টকাৰ সম্পত্তি বাজেয়াপ্ত কৰিছে(Nirav Modi's Assets Worth Rs 253 Crore Seized By ED) ।ইয়াল লগতে ইডিয়ে এতিয়ালৈ নীৰৱ মোডীৰ পৰা জব্দ কৰা সম্পত্তিৰ পৰিমাণ হৈছে 2,650.07 কোটি টকা(ED attaches Nirav Modi's movable properties) ।

মানি লণ্ডাৰিং প্ৰতিৰোধী আইনৰ অধীনত, ইডিয়ে হংকঙৰ পৰা এই সম্পত্তিবোৰ বাজেয়াপ্ত কৰে ৷ ইডিৰ এই অভিযানৰ সময়ত হংকঙৰ স্থানীয় প্ৰশাসনে সহায় কৰিছিল ৷ নীৰৱ মোডীৰ কোম্পানীসমূহৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ কেইবাটাও ধাৰাৰ অধীনত পঞ্জীয়ন কৰা এজাহাৰৰ আধাৰত এই পদক্ষেপ গ্ৰহণ কৰা হয় । তদুপৰি পলাতক ব্যৱসায়ীগৰাকীৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰাৰ 420, ধাৰা 467, ধাৰা 471 আৰু ধাৰা 120-বিৰ অধীনত গোচৰো ৰুজু কৰা হৈছে ।

পঞ্জাৱ নেছনেল বেংকৰ প্ৰায় 13,500 কোটি টকাৰ জালিয়াতি কাণ্ডত অভিযুক্ত হৈ বৰ্তমান লণ্ডনত কাৰাৰুদ্ধ অৱস্থাত থকা হীৰা ব্যৱসায়ী নীৰৱ মোডীক ভাৰতলৈ প্ৰত্যাৱৰ্তনৰ বাবে চেষ্টা চলাই থকা হৈছে ৷ চলিত বৰ্ষৰ ১৫ এপ্ৰিলত ব্ৰিটেইনৰ মুখ্য সচিব প্ৰীতি পেটেলে নীৰৱ মোডীক ভাৰতলৈ প্ৰত্যাৰ্পণৰ চুক্তিত স্বাক্ষৰ কৰে । কিন্তু নীৰৱ মোডীয়ে আবেদন কৰে যে যদি তেওঁ ভাৰতলৈ উভতি আহে তেন্তে তেওঁ নিৰপেক্ষ বিচাৰ নাপাব । সেই আবেদনৰ শুনানি এতিয়াও চলি আছে ।

লগতে পঢ়ক :মালিয়া, চ'ক্সি আৰু নীৰৱ মোডীৰ শ্বেয়াৰ বিক্ৰী কৰি ৭৯২.১১ কোটি উদ্ধাৰ

ABOUT THE AUTHOR

...view details