ETV Bharat / bharat

মালিয়া, চ'ক্সি আৰু নীৰৱ মোডীৰ শ্বেয়াৰ বিক্ৰী কৰি ৭৯২.১১ কোটি উদ্ধাৰ

author img

By

Published : Jul 16, 2021, 10:41 PM IST

ED
বিজয় মালিয়া, চ'ক্সি আৰু নীৰৱ মোডীৰ শ্বেয়াৰ বিক্ৰী কৰি উদ্ধাৰ ৭৯২.১১ কোটি টকা

এনফৰ্চমেণ্ট ডিৰেক্টৰেটে শুকুৰবাৰে জনোৱা মতে ভাৰতীয় ষ্টেট বেংকৰ নেতৃত্বত এটা কনচৰ্টিয়ামে পলাতক ব্যৱসায়ী বিজয় মালিয়া, নীৰৱ মোডী আৰু মেহুল চ'ক্সিৰ শ্বেয়াৰ বিক্ৰী কৰি এই ধন উদ্ধাৰ কৰিছে । চৰকাৰী বিবৃতি অনুসৰি এই ধনৰ লগতে তিনিওগৰাকী ব্যৱসায়ীৰ সম্পত্তি বিক্ৰী কৰি উদ্ধাৰ কৰা ধনৰ পৰিমাণ হ'লগৈ ১৩,১০৯.১৭ কোটি টকা ।

নেশ্যনেল ডেস্ক, ১৬ জুলাই: কোটি কোটি টকাৰ লুণ্ঠনকাৰী ব্যৱসায়ী বিজয় মালিয়া(Vijay Mallya), নীৰৱ মোডী(Nirav Modi) আৰু মেহুল চ'ক্সিৰ(Mehul Choksi) শ্বেয়াৰ বিক্ৰী কৰি পুনৰ ৭৯২.১১ কোটি টকা উদ্ধাৰ কৰা হৈছে । এনফৰ্চমেণ্ট ডিৰেক্টৰেটে শুকুৰবাৰে জনোৱা মতে, ভাৰতীয় ষ্টেট বেংকৰ নেতৃত্বত এটা কনচৰ্টিয়ামে পলাতক ব্যৱসায়ী বিজয় মালিয়া, নীৰৱ মোডী আৰু মেহুল চ'ক্সিৰ শ্বেয়াৰ বিক্ৰী কৰি এই ধন উদ্ধাৰ কৰিছে । চৰকাৰী বিবৃতি অনুসৰি এই ধনৰ লগতে তিনিওগৰাকী ব্যৱসায়ীৰ সম্পত্তি বিক্ৰী কৰি উদ্ধাৰ কৰা ধনৰ পৰিমাণ হ'লগৈ ১৩,১০৯.১৭ কোটি টকা ।

উল্লেখ্য যে বৰ্তমান নিষ্ক্ৰিয় হৈ পৰা কিংফিছাৰ এয়াৰলাইনছৰ (Kingfisher Airlines) গৰাকী মালিয়াই বেংকসমূহৰ পৰা ৯,০০০ কোটি টকাৰো অধিক ঋণ লোৱাৰ লগতে পঞ্জাৱ নেচনেল বেংক (PNB) ঋণ জালিয়াতি গোচৰৰ মুখ্য অভিযুক্ত হীৰা ব্যৱসায়ী নীৰব মোডী আৰু চ'ক্সিয়ে বেংকটোক ১৩,০০০ কোটি টকাৰ লোকচান কৰিছিল ।

ইফালে ইয়াৰ পূৰ্বে ই.ডি.ৰ দ্বাৰা এছ.বি.আই. নেতৃত্বাধীন কনচৰ্টিয়ামক সম্পত্তি বিক্ৰী কৰি পৰিশোধ কৰা ধনৰ পৰিমাণ আছিল ৭১৮১.৫০ কোটি টকা । তদুপৰি, পিএনবিৰ গোচৰত অভিযুক্ত পলাতক নীৰৱ মোডী সন্দৰ্ভত অৰ্থনৈতিক অপৰাধ আদালতে বেংকসমূহক ১,০৬০ কোটি টকা দিয়াৰ অনুমতি দিছে আৰু পলাতকজনৰ পৰা অৰ্থনৈতিক অপৰাধী আইনৰ ধাৰাৰ অধীনত ED য়ে ৩২৯.৬৭ কোটি টকা জব্দ কৰিছে ।

২০২১ চনৰ ১ জুলাইত নীৰৱ মোডীৰ ভগ্নী পূৰৱী মোডীয়ে তেওঁৰ বিদেশী বেংক একাউণ্টৰ পৰা অপৰাধৰ জৰিয়তে লাভ কৰা ধনৰ পৰা ১৭.২৫ কোটি টকা EDলৈ স্থানান্তৰ কৰিছে । কেইদিনমান পূৰ্বে, EDয়ে ৩,৬৪৪.৭৪ কোটি টকাৰ শ্বেয়াৰ, ৫৪.৩৩ কোটি টকাৰ ডিমাণ্ড ড্ৰাফ্ট আৰু ২৯.৫৭ কোটি টকাৰ স্থাৱৰ সম্পত্তিসহ এছবিআই নেতৃত্বাধীন কনচৰ্টিয়ামক ৩,৭২৮.৬৪ কোটি টকাৰ সম্পত্তি হস্তান্তৰ কৰিছে ।

উল্লেখ্য যে মালিয়া, মোডী আৰু মেহুল চ'ক্সিয়ে বিভিন্ন ৰাজহুৱা খণ্ডৰ বেংকসমূহক তেওঁলোকৰ কোম্পানীৰ জৰিয়তে পুঁজি আত্মসাৎ কৰি প্ৰৱঞ্চনা কৰিছিল, যাৰ ফলত বেংকসমূহৰ মুঠ ২২,৫৮৫.৮৩ কোটি টকাৰ লোকচান হৈছিল । আনহাতে তেওঁলোকৰ পৰা জব্দ কৰা ১৮,১৭০.০২ কোটি টকাৰ সম্পত্তিৰ ভিতৰত আছে বিদেশত থকা ৯৬৯ কোটি টকাৰ সম্পত্তি ।

লগতে পঢ়ক :উত্তৰ প্ৰদেশত সমাজবাদী পাৰ্টিৰ ৰেলীত পাকিস্তান পন্থী শ্ল’গান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.