অসম

assam

মণিপুৰত ৩.৫ ৰিখটাৰ স্কেলত ভূমিকম্পৰ জোকাৰণি

By

Published : Nov 4, 2021, 11:59 AM IST

বৃহস্পতিবাৰে পুৱা মণিপুৰৰ মৈৰাঙৰ ওচৰত ভূমিকম্পৰ জোকাৰণি অনুভূত হয় । ভূমিকম্পৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ কোনো তথ্য এতিয়ালৈ জানিব পৰা হোৱা নাই ।

Manipur
ভূমিকম্পৰ জোকাৰণি

নেশ্যনেল ডেস্ক, 4 নৱেম্বৰ :পুনৰ ভূমিকম্পই (Earthquake) জোকাৰি গ'ল মণিপুৰক । বৃহস্পতিবাৰে পুৱা মণিপুৰৰ মৈৰাঙৰ ওচৰত এই ভূমিকম্পৰ জোকাৰণি অনুভূত হয় । ৰিখটাৰ স্কেলত ইয়াৰ প্ৰাবল্য হৈছে ৩.৫ ৷

নেশ্যনেল চেণ্টাৰ ফৰ চিচম'লজীয়ে (NCS) জনোৱা মতে, ভূমিকম্পটোৰ উৎপত্তিস্থল মৈৰাঙৰ ৫২ কিল’মিটাৰ গভীৰতা আৰু ৫৭ কিল’মিটাৰ দক্ষিণ-দক্ষিণ-পূৱত । অৱশ্যে ভূমিকম্পৰ ফলত ক্ষয়-ক্ষতিৰ কোনো তথ্য এতিয়ালৈ জানিব পৰা হোৱা নাই । কিন্তু পুৱাই ভূমিকম্পটোৰ পাছতে মণিপুৰৰ জনতা আতংকিত হৈ পৰা দেখা গৈছে ।

লগতে পঢ়ক :পেট্ৰ’ল-ডিজেলৰ মূল্য হ্ৰাসৰ সিদ্ধান্ত চৰকাৰৰ

ABOUT THE AUTHOR

...view details