অসম

assam

Delhi Service Bill : আইনত পৰিণত দিল্লী সেৱা বিধেয়ক; ৰাষ্ট্ৰপতিৰ অনুমোদন

By

Published : Aug 12, 2023, 1:57 PM IST

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে শনিবাৰে এই বিধেয়কত সন্মতি প্ৰদান কৰে । লগে লগে বিধেয়কখনত আইনত পৰিণত হয় ।

Delhi Service Bill
Delhi Service Bill

নিউজ ডেস্ক, ১২ আগষ্ট : অৱশেষত সকলো জল্পনা-কল্পনাৰ অন্ত পৰিল । দিল্লী চৰকাৰৰ লগতে বিৰোধী দলবোৰৰ তীব্ৰ বিৰোধিতা সত্ত্বেও আইনত পৰিণ হ'ল বিতৰ্কিত দিল্লী বিধেয়ক । দিল্লী চৰকাৰৰ অধিকাৰ আৰু সেৱা সম্পৰ্কীয় এখন বিধেয়ক - 'দিল্লীৰ ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল চৰকাৰ (সংশোধনী) বিধেয়ক, ২০২৩' শনিবাৰে এক নতুন আইনত পৰিণত হয় ।

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে শনিবাৰে এই বিধেয়কত সন্মতি প্ৰদান কৰে । লগে লগে বিধেয়কখনত আইনত পৰিণত হয় । ভাৰত চৰকাৰে জাৰি কৰা জাননী অনুসৰি, ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল দিল্লী চৰকাৰ (সংশোধনী) আইন, ২০২৩ শনিবাৰৰ পৰা কাৰ্যকৰী হৈছে । উল্লেখ্য যে এই বিধেয়কখন কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে লোকসভাত উত্থাপন কৰিছিল । বিধেয়কখন সন্দৰ্ভত এক বিতৰ্কৰ পিছত ইয়াক লোকসভা আৰু ৰাজ্যসভাত গৃহীত কৰা হয় ।

উল্লেখ্য যে কংগ্ৰেছ, ডিএমকে আৰু তৃণমূলকে ধৰি কেইবাটাও বিৰোধী দলে বিধেয়কখন প্ৰৱৰ্তনৰ বিৰোধিতা কৰিছিল । লগতে তেওঁলোকে এই বিধেয়কখনক ফেডাৰেলিজম আৰু সংবিধানৰ চেতনাৰ বিৰুদ্ধে বুলি অভিহিত কৰিছিল । বিধেয়কখন উত্থাপনৰ সময়ত বিতৰ্কত যোগদান কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বিৰোধী দলসমূহৰ যুক্তি নাকচ কৰি কয় যে সংবিধানে দিল্লী ৰাজ্য সন্দৰ্ভত সদনক যিকোনো আইন গৃহীত কৰাৰ ক্ষমতা প্ৰদান কৰিছে আৰু উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্তইও এয়া স্পষ্ট কৰি দিছে ।

আনহাতে, লোকসভাত কংগ্ৰেছ নেতা অধীৰ ৰঞ্জন চৌধুৰী, আৰএছপিৰ সাংসদ এন কে প্ৰেমচন্দ্ৰন, তৃণমূলৰ সাংসদ সৌগত ৰয়, কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈ আৰু শশী থাৰুৰ, ডিএমকেৰ সাংসদ টি আৰ বালু আৰু এআইএমআইএমৰ সাংসদ আছাদুদ্দিন ৱেইচিয়ে সদনত এই বিধেয়কখন প্ৰৱৰ্তনৰ বিৰোধিতা কৰে ।

উল্লেখ্য যে পূৰ্বতে এই বিধেয়কৰ তীব্ৰ বিৰোধিতা কৰিছিল দিল্লীৰ শাসনাধিষ্ঠিত আম আদমি চৰকাৰে । মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে এই বিধেয়কে দিল্লী চৰকাৰৰ ক্ষমতা কৰ্তন কৰিব বুলি অভিযোগ কৰিছিল । আনহাতে, সদনত এই বিধেয়কৰ বিৰোধিতা কৰিবলৈ তেওঁ বিৰোধী দলসমূহক আহ্বান জনাই এই বিধেয়কৰ বিৰুদ্ধে ভোটদান কৰিবলৈ অনুৰোধ জনাইছিল । কিন্তু লোকসভাত গৃহীত হোৱাৰ পিছত ৰাজ্যসভাতো এই বিধেয়ক গৃহীত হোৱাত ই আইনত পৰিণত হোৱাৰ পথ প্ৰশস্ত হৈ পৰিছিল ।

লগতে পঢ়ক :Telangana Assembly Polls : তেলেংগানাত কংগ্ৰেছ হাইকমাণ্ডৰ তীক্ষ্ণ ৰণনীতি; প্ৰিয়ংকা আৰু শিৱকুমাৰক গুৰুত্বপূৰ্ণ দায়িত্ব

ABOUT THE AUTHOR

...view details