অসম

assam

ঘূৰ্ণীবতাহ মিচাউঙৰ প্ৰভাৱত ব্যাহত সাধাৰণ জীৱন যাত্ৰা; বৰ্তমান পৰ্যন্ত মৃত্যু 8 জনৰ

By ETV Bharat Assamese Team

Published : Dec 5, 2023, 12:10 PM IST

ঘূৰ্ণীবতাহ মিচাউঙৰ প্ৰভাৱত চেন্নাইত মৃত্যু ঘটিছে 8 জন লোকৰ ৷ ঘূৰ্ণীবতাহ মিচাউঙৰ প্ৰভাৱত সাধাৰণ জীৱন যাত্ৰা ব্যাহত হৈ পৰিছে চেন্নাইৰ লগতে সমীপৱৰ্তী স্থানত ৷ বিমানৰ লগতে স্থল, ৰে’ল যাত্ৰাৰ ক্ষেত্ৰতো সমস্যাই দেখা দিছে চেন্নাইত ৷

Cyclone Michaung Wreaks Havoc in Chennai
ঘূৰ্ণীবতাহ মিচাউঙৰ প্ৰভাৱত ব্যাহত সাধাৰণ জীৱন যাত্ৰা

নেশ্যনেল ডেস্ক, 5 ডিচেম্বৰ: ঘূৰ্ণীবতাহ মিচাউঙৰ প্ৰভাৱ পৰিছে সমীপৱৰ্তী স্থানবোৰত ৷ বৰষুণৰ ফলত বৰ্তমান পৰ্যন্ত 8 জন লোকৰ মৃত্যু হোৱা বুলি সোমবাৰে আৰক্ষীয়ে জানিবলৈ দিয়ে । এক আনুষ্ঠানিক বিবৃতিযোগে আৰক্ষীয়ে ইয়াৰে দুজন বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হোৱাৰ বিপৰীতে চহৰখনৰ বেসন্ত নগৰ অঞ্চলত গছ বাগৰি এজন লোকৰ মৃত্যু ঘটে বুলি জনায় ।

ইয়াৰোপৰি চহৰখনৰ বিভিন্ন প্ৰান্তত হোৱা বৰষুণৰ ফলত এজন পুৰুষ আৰু এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। সোমবাৰে চহৰখন আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত ঘূৰ্ণীবতাহ মিচাউঙে বিধ্বংসী ৰূপ ধাৰণ কৰাৰ ফলত প্ৰচণ্ড বৰষুণৰ ফলত বানপানীৰ সৃষ্টি হয় ।

ঘূৰ্ণীৰ ফলত চেন্নাই আৰু সমীপৰ জিলাসমূহৰ নাগৰিকসকলৰ জীৱন বিপদাপন্ন হৈ পৰিছে ৷ ধুমুহা-বতাহৰ সৈতে অহা প্ৰচণ্ড বৰষুণৰ ফলত ঠায়ে ঠায়ে পানী জমা হৈ বিদ্যুৎ সংযোগ বিচ্ছিন্ন আৰু পৰিবহণ ব্যৱস্থাত বিশৃংখলতাই দেখা দিছে ।

বিমানবন্দৰৰ কাম-কাজত ব্যাঘাত: চেন্নাই বিমানবন্দৰত সোমবাৰৰ পুৱা 9.40 বজাৰ পৰা 11.40 বজালৈ সাময়িকভাৱে বিমানৰ চলাচল বন্ধ ৰখাৰ বিপৰীতে নিৰৱচ্ছিন্ন বৰষুণৰ বাবে 70 খন বিমানৰ যাত্ৰা বাতিল কৰা হয় । ৰাণৱে আৰু আলকাতৰা বন্ধ হৈ থকাৰ ফলত ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় উভয় যাত্ৰীয়ে ভ্ৰমণৰ ক্ষেত্ৰত হাৰাশাস্তিৰ সন্মুখীন হৈছে ৷

ৰেল আৰু পথ পৰিবহণ প্ৰভাৱিত: ৰেল আৰু পথ সেৱাও বিঘ্নিত হৈছে বৰষুণৰ প্ৰভাৱত ৷ দক্ষিণ ৰেলৱেই ড° এম জি আৰ চেন্নাই চেণ্ট্ৰেলৰ পৰা আহিবলগীয়া ছখন ৰে’লৰ সেৱা বাতিল কৰা হয় । ইয়াৰ উপৰিও আহমেদাবাদ, তিৰুৱনন্তপুৰম, ডুবাই, শ্ৰীলংকালৈ যোৱা বিমানকে ধৰি অসংখ্য ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বিমানৰ সেৱা বাতিল কৰাৰ লগতে গতিপথ সলাবলগীয়া হৈছে ।

আন্তঃগাঁথনিৰ দুৰ্দশা:নিম্নভূমি আৰু আৱাসিক অঞ্চলসমূহ ডুব যোৱাৰ ফলত বিদ্যুৎ বিচ্ছিন্ন আৰু ইণ্টাৰনেট ব্যৱস্থাৰ বিঘিনি ঘটে । নিৰাপত্তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি বিপদসীমাৰ ওপৰেৰে পানী বৈ থকাৰ বাবে বেচিন দলং আৰু ব্যাসৰপদীৰ এখন দলঙৰ ওপৰেৰে যাতায়ত স্থগিত ৰখা হৈছে ।

স্থানীয় পৰিঘটনা আৰু সঁহাৰি:ভেলাচেৰীত সৃষ্টি হোৱা এটা বৃহৎ গাঁতে একাংশ ব্যক্তিক আৱদ্ধ কৰি পেলাইছিল বুলি জানিব পৰা গৈছে । ইফালে, তামিলনাডুৰ যুৱ কল্যাণ আৰু ক্ৰীড়া উন্নয়ন মন্ত্ৰী উদয়ানিধি ষ্টালিনে ক্ষতিগ্ৰস্ত অঞ্চলত বৰষুণৰ পানী নিষ্কাশনৰ কামৰ পৰিদৰ্শন কৰে ।

মিচাউঙৰ প্ৰভাৱত হ’বলগীয়া অনাকাংশিত পৰিস্থিতিৰ পৰা নিজক সুৰক্ষিত কৰি ৰাখিবলৈ চেন্নাই প্ৰশাসনে জাৰি কৰিছে সুৰক্ষা নিৰ্দেশনা আৰু সেয়া মানি চলিবলৈ আহ্বান জনোৱা হৈছে নাগৰিকক ।

লগতে পঢ়ক:ঘূৰ্ণীবতাহ মিচাউং: জলমগ্ন চেন্নাই; স্বাভাৱিক জীৱন বিঘ্নিত

ABOUT THE AUTHOR

...view details