অসম

assam

Tribal Pride Day : বিৰচা মুণ্ডাৰ অৱদানৰ বিষয়ে স্মৰণ কৰিলে মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে

By

Published : Nov 16, 2021, 11:34 AM IST

সোমবাৰে ত্ৰিপুৰাৰ খুমুলৱাংস্থিত ত্ৰিপুৰা জনজাতীয় অঞ্চল স্বায়ত্ব শাসিত জিলা পৰিষদ(TTAADC)ৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত কৰা হয় ‘জনজাতীয় গৌৰৱ দিৱস’ (Tribal Pride Day)। এই অনুষ্ঠানত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে(CM Biplab Deb) । মুখ্যমন্ত্ৰীগৰাকীয়ে বিৰচা মুণ্ডাক স্মৰণ কৰি কয় যে, ভাৰতৰ স্বাধীনতা আন্দোলনত বিৰচা মুণ্ডাৰ অৱদান অতুলনীয় ।

CM Biplab Deb inaugurated Tribal Pride Day function in Tripura
জনজাতীয় গৌৰৱ দিৱসত অংশগ্ৰহণ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱৰ

নেশ্যনেল ডেস্ক, ১৬ নৱেম্বৰ : জনজাতীয় গৌৰৱ দিৱস(Tribal Pride Day)ত অংশ লৈ বিৰচা মুণ্ডা(Birsa Munda)ক শ্ৰদ্ধাৰে স্মৰণ কৰিলে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে(CM Biplab Deb) । সোমবাৰে ত্ৰিপুৰাৰ খুমুলৱাংস্থিত ত্ৰিপুৰা জনজাতীয় অঞ্চল স্বায়ত্ব শাসিত জিলা পৰিষদ(TTAADC)ৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত কৰা হয় জনজাতীয় গৌৰৱ দিৱস । বন্তি প্ৰজ্বলন কৰি মুখ্যমন্ত্ৰীয়ে অনুষ্ঠানটিৰ উদ্বোধন কৰে ।

অনুষ্ঠানত বক্তব্য আগবঢ়াই তেওঁ কয় যে, বিৰচা মুণ্ডাই ভাৰতৰ স্বাধীনতা আন্দোলনৰ বাবে অৱদান আগবঢ়াই গৈছে । তেওঁ লগতে কয় যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী(Prime Minister Narendra Modi)য়ে জনজাতীয় গৌৰৱ দিৱসৰ জৰিয়তে জনজাতিবোৰৰ গৌৰৱময় ইতিহাস আৰু বীৰ নেতাসকলক সন্মান জনোৱাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে ।

বহনক্ষম জীৱন ধাৰণৰ মান বিকাশ আৰু জনজাতিৰ বিকাশৰ বাবে তেওঁ বিশ্ব বেংক(World Bank)ৰ পৰা সহায় লৈ ১,২৯৫ কোটি টকাৰ প্ৰকল্প ব্যৱস্থাপনা গোট আৰম্ভ কৰিছে । অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, পূৰ্বে স্বাধীনতা আন্দোলনত জনজাতীয় লোকৰ অৱদানক ইচ্ছাকৃতভাৱে উপেক্ষা কৰা হৈছিল ।

বিৰচা মুণ্ডাকে ধৰি জনজাতীয় নেতাসকলক যোগ্য সন্মান প্ৰদান কৰাত পূৰ্বৰ চৰকাৰৰ আন্তৰিকতা অভাৱ হৈছিল । কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে জনজাতীয় গৌৰৱ দিৱসৰ জৰিয়তে এই ক্ষেত্ৰত উচিত পদক্ষেপ গ্ৰহণ কৰিছে । দেৱে কয় যে, ভাৰতৰ স্বাধীনতাৰ ইমান বছৰৰ পিছতো বিৰচা মুণ্ডাৰ জীৱনশৈলী বিতংভাৱে প্ৰচাৰ কৰাৰ বাবে কোনো পদক্ষেপ লোৱা হোৱা নাই ।

তেওঁ লগতে কয়, মহাৰাণী কাঞ্চন প্ৰভা দেৱী(Maharani Kanchan Prabha Devi)য়েও সঠিক সময়ত ত্ৰিপুৰাক ভাৰতৰ সৈতে সংযুক্ত কৰাত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছিল । দীৰ্ঘদিন ধৰি অৱহেলিত হৈ ৰোৱা উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নৰ বাবে প্ৰধানমন্ত্ৰী মোডীয়ে প্ৰচেষ্টা চলাই আছে বুলিও তেওঁ মন্তব্য কৰে ।

আনহাতে, জনজাতীয় কল্যাণ মন্ত্ৰী মেভাৰ কুমাৰ জামাতিয়া(Tribal Welfare Minister Mevar Kumar Jamatia)ই ভাষণ প্ৰসংগত কয় যে, বিৰচা মুণ্ডা অতি মেধাৱী ছাত্ৰ আছিল যদিও তেওঁ পিছপৰা পৰিয়ালৰ পৰা আছিল । তেওঁ ব্ৰিটিছৰ দমন নীতিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিল । তেওঁ ভাৰতৰ স্বাধীনতা সংগ্ৰামতো নামি পৰিছিল । টিটিএএডিচিৰ মুখ্য কাৰ্যবাহী সদস্য পূৰ্ণচন্দ্ৰ জামাতিয়ায়ো বিৰচা মুণ্ডাক স্মৰণ কৰে ।

লগতে পঢ়ক:Tripura violence : দুই মহিলা সাংবাদিকক জামিন আদালতৰ

ABOUT THE AUTHOR

...view details