ETV Bharat / bharat

Tripura violence : দুই মহিলা সাংবাদিকক জামিন আদালতৰ

author img

By

Published : Nov 15, 2021, 10:49 PM IST

ছ’চিয়েল মিডিয়া আৰু প্ৰতিবেদনৰ জৰিয়তে সাম্প্ৰদায়িক বিদ্বেষ বিয়পোৱাৰ গোচৰত অভিযুক্ত দুগৰাকী মহিলা সাংবাদিকক জামিন প্ৰদান কৰে ত্ৰিপুৰাৰ মুখ্য ন্যায়িক দণ্ডাধীশ আদালতে ৷ ত্ৰিপুৰা সংঘৰ্ষৰ ওপৰত বাতৰি পৰিৱেশনৰ বাবে ত্ৰিপুৰালৈ আহিছিল দিল্লীৰ দুয়োগৰাকী সাংবাদিক ৷

Court grants bail to journalists who booked in Tripura
গোচৰ ৰুজু কৰা মহিলা সাংবাদিকক জামিন আদালতৰ

নিউজ ডেস্ক, 15 নৱেম্বৰ : ত্ৰিপুৰাৰ গোমতী জিলাত সোমবাৰে ছ’চিয়েল মিডিয়া আৰু প্ৰতিবেদনৰ জৰিয়তে সাম্প্ৰদায়িক বিদ্বেষ বিয়পোৱাৰ গোচৰত অভিযুক্ত দুগৰাকী মহিলা সাংবাদিকক জামিন প্ৰদান কৰে মুখ্য ন্যায়িক দণ্ডাধীশ আদালতে ৷ অভিযুক্ত সাংবাদিক দুগৰাকী সমৃদ্ধি কে শকুনিয়া আৰু স্বৰ্ণ ঝা বুলি জানিব পৰা হৈছে ৷

সাংবাদিক দুগৰাকীৰ প্ৰত্যেককে ৭৫,০০০ টকাৰ আৰ্থিক জৰিমনাৰ বিনিময়ত মুখ্য ন্যায়িক আদালতৰ দণ্ডাধীশ শুভ্ৰ নাথে জামিন প্ৰদান কৰিছিল ৷ আদালতে তেওঁলোকক জিলাখনৰ কাক্ৰবন আৰক্ষী থানাত আৰক্ষীৰ সন্মুখত হাজিৰ হ'বলৈ নিৰ্দেশ দিয়ে য'ত তেওঁলোকৰ বিৰুদ্ধে প্ৰথমে গোচৰ ৰুজু কৰা হৈছিল ।

court-grants-bail-to-journalists-who-booked-in-tripura
গোচৰ ৰুজু কৰা মহিলা সাংবাদিকক জামিন আদালতৰ

উল্লেখ্য যে, দেওবাৰে দুয়োগৰাকী সাংবাদিকক অসমৰ পৰা ত্ৰিপুৰালৈ উভতাই নিয়া হৈছিল ৷ তেওঁলোকে শেহতীয়াকৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত সংঘটিত হিংসাত্মক ঘটনাৰ ভিত্তি প্ৰতিবেদন প্ৰস্তুতৰ বাবে ১১ নৱেম্বৰত ত্ৰিপুৰালৈ আহিছিল ৷ তেওঁলোকক সোমবাৰে মহাৰাণীপুৰ আউট পোষ্টত প্ৰাথমিক প্ৰশ্নোত্তৰৰ পিছত গোমতী জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশ আদালতত হাজিৰ কৰোৱা হৈছিল ৷

সাংবাদিক দুগৰাকীৰ বিৰুদ্ধে দুটা সম্প্ৰদায়ৰ মাজত সাম্প্ৰদায়িক বিদ্বেষ বিয়পোৱাৰ অভিযোগত আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা ১৫৩ এ, ১৫৩ বি আৰু ১২০ বি ৰ অধীনত গোচৰ ৰুজু কৰিছিল ।

লগতে পঢ়ক : Tripura violence : কৰিমগঞ্জ আৰক্ষীয়ে আটক কৰিলে দুই মহিলা সাংবাদিকক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.