অসম

assam

FIR against Himanta Biswa Sarma:অসমৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে হায়দৰাবাদত গোচৰ ৰুজু

By

Published : Feb 16, 2022, 1:02 PM IST

কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে বিতৰ্কিত মন্তব্য কৰি এখনৰ পাছত আনখন ৰাজ্যৰ ৰোহত পৰিছে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা । এইবাৰ তেলেংগানা প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰেৱন্ত ৰেড্ডীয়ে হায়দৰাবাদৰ জুৱলী হিলছ আৰক্ষী থানাত অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে (Case Registered Against Assam CM at Hyderabad)। ৰাজ্যখনৰ ৭০০ ৰো অধিক থানাত গোচৰ ৰুজু মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে ।

FIR against Himanta Biswa Sarma
অসমৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে হায়দৰাবাদত গোচৰ ৰুজু

নেশ্যনেল ডেস্ক,১৬ ফেব্ৰুৱাৰী:শেহতীয়াকৈ অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ নেতা ৰাহুল গান্ধী সন্দৰ্ভত কৰা মন্তব্যই সমগ্ৰ দেশতে এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । দেশৰ বিভিন্ন স্থানত কংগ্ৰেছ কৰ্মীসকলে মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে । কোনো কোনো স্থানত আকৌ অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে এজাহাৰো দাখিল কৰিছে কংগ্ৰেছে ।

এইবাৰ হায়দৰাবাদত ড০ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিলে তেলেংগনা প্ৰদেশ কংগ্ৰেছ কমিটিয়ে (Case Registered Against Assam CM at Hyderabad)। জুবলী হিলছ আৰক্ষী থানাত অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে তেলেংগনা প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰেৱন্ত ৰেড্ডীয়ে (TPCC files FIR against Assam CM)। এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে আইপিচিৰ ৫০৪ আৰু ৫০৫ দফাৰ ২ নং ধাৰাৰ অধীনত ইচ্ছাকৃত অপমানৰ অভিযোগত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰে ।

উল্লেখ্য যে, দুদিন পূৰ্বে তেলেংগনাৰ ভিন্ন প্ৰান্তত কংগ্ৰেছ নেতা-কৰ্মীসকলে অসমৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে ৭০০ ৰো অধিক থানাত এজাহাৰ দাখিল কৰিছিল ।

লগতে পঢ়ক :ৰাহুল গান্ধীৰ পিতৃ পৰিচয় সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্তৰ বিতৰ্কিত মন্তব্যৰ সৰৱ চৰ্চা

ABOUT THE AUTHOR

...view details