ETV Bharat / bharat

ৰাহুল গান্ধীৰ পিতৃ পৰিচয় সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্তৰ বিতৰ্কিত মন্তব্যৰ সৰৱ চৰ্চা

author img

By

Published : Feb 12, 2022, 7:37 AM IST

২০২২ চনৰ উত্তৰাখণ্ড বিধানসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ চলাবলৈ শুকুৰবাৰে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা উধম সিং নগৰ জিলাৰ কিচ্চাত উপস্থিত হয় । কিচ্চা বিধানসভা আসনৰ বিজেপি প্ৰাৰ্থী ৰাজেশ শুক্লাৰ সমৰ্থনত তেওঁ এখন ৰাজহুৱা সভা সম্বোধন কৰে । এই সময়ছোৱাত, তেওঁ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীৰ বিষয়ে এক বিতৰ্কিত মন্তব্য কৰে যাকলৈ সম্প্ৰতি এতিয়া ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত যথেষ্ট আলোচনা হোৱা দেখা গৈছে (Himanta Biswa's controversial stamentment in Uttarakhand ) ।

assam-cm-himanta-biswa-sarma-made-objectionable-remarks-on-rahul-gandhi-in-kichha
ৰাহুল গান্ধীৰ পিতৃ পৰিচয় সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্তৰ বিতৰ্কিত মন্তব্যৰ সৰৱ চৰ্চা

ৰুদ্ৰপুৰ, 12 ফেব্ৰুৱাৰী : সম্প্ৰতি বিজেপি দলৰ জ্যেষ্ঠ নেতা তথা অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে উত্তৰাখণ্ড বিধানসভা নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাবলৈ উত্তৰাখণ্ডৰ উধম সিং নগৰত উপস্থিত হয় (CM Himanta Biswa in Uttarakhand )। উত্তৰাখণ্ডৰ কিচ্চা বিধানসভা আসনৰ বিজেপি প্ৰাৰ্থী ৰাজেশ শুক্লাৰ হৈ প্ৰচাৰ চলাইছিল মুখ্যমন্ত্ৰী গৰাকীয়ে । এই সময়ছোৱাত, তেওঁ আক্ৰমণৰ লক্ষ্য কৰি লয় কংগ্ৰেছ দল আৰু ৰাহুল গান্ধীক (CM Himanta Biswa targetting Rahul Gandhi) ।

ৰাহুল গান্ধীৰ পিতৃ পৰিচয় সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্তৰ বিতৰ্কিত মন্তব্যৰ সৰৱ চৰ্চা

অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে ৰাহুল গান্ধী সন্দৰ্ভত মন্তব্য কৰি কয় যে, ৰাহুল গান্ধীয়ে দেশৰ সেনাক বিশ্বাস নকৰে ৷ সেইবাবেই জোৱানসকলে কৰা কামৰ বিষয়ে তেওঁ বাৰে বাৰে প্ৰমাণ বিচাৰে । কোনোবাই কেতিয়াবা ৰাহুল গান্ধীক তেওঁৰ দেউতাকৰ বিষয়ে প্ৰমাণ বিচাৰিছে নেকি (Himanta Biswa's controversial stamentment on Rahul Gandhi's father) ? স্বাভাৱিকতেই ৰাহুল গান্ধীৰ পিতৃ পৰিচয় সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্তৰ এই বিতৰ্কিত মন্তব্যক লৈ এতিয়া সৰৱ চৰ্চা হৈছে ৰাষ্ট্ৰীয় মাধ্যম সমূহত ৷

মুখ্যমন্ত্ৰী গৰাকীয়ে কিচ্চাৰ ইন্দিৰা গান্ধী ময়দানত এখন ৰাজহুৱা সভাও সম্বোধন কৰে । গায়ক কানিয়াহ মিত্তাল আৰু গজেন্দ্ৰ বাৰ্মাও তেওঁৰ সৈতে এই অনুষ্ঠানত উপস্থিত আছিল ।

তেওঁৰ ভাষণত তেওঁ কংগ্ৰেছৰ ওপৰত তীব্ৰ আক্ৰমণ চলায় । তেওঁ কয় যে, কংগ্ৰেছে তোষণৰ ৰাজনীতি কৰে, কংগ্ৰেছে দেশৰ জোৱানসকলৰ পৰা পাকিস্তানত হোৱা চাৰ্জিকেল ষ্ট্ৰাইকৰ প্ৰমাণ বিচাৰিছে । বিপিন ৰাৱাটৰ বিৰুদ্ধেও তেওঁলোকে প্ৰচাৰ চলাইছিল বুলিও মন্তব্য কৰে হিমন্তই । উল্লেখযোগ্য যে, উত্তৰাখণ্ডত ১৪ ফেব্ৰুৱাৰীত নিৰ্বাচন অনুষ্ঠিত হ'ব, যাৰ ফলাফল ১০ মাৰ্চত আহিব ।

লগতে পঢ়ক : মণিপুৰত নিৰ্বাচনী হিংসাৰ আশংকা: মোতায়েন বৃহৎ সংখ্যক নিৰাপত্তা বাহিনীৰ জোৱান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.