অসম

assam

আইনৰ ৰোষত পৰিব নেকি ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰৰ সিং ধোনী !

By ETV Bharat Assamese Team

Published : Jan 17, 2024, 10:35 AM IST

Defamation Case Against MS Dhon : দিল্লীৰ উচ্চ ন্যায়ালয়ত ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰৰ সিং ধোনীৰ বিৰুদ্ধে গোচৰ ৰুজু ৷ মিহিৰ দিবাকৰ আৰু তেওঁৰ পত্নী সৌম্য দাসে ৰুজু কৰিছে গোচৰ ৷

case files against former indian cricket team captain Dhoni
আইনৰ ৰোষত পৰিব নেকি ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰৰ সিং ধোনী

নিউজ ডেস্ক, 17 জানুৱাৰী :আইনৰ ৰোষত পৰাৰ সম্ভাৱনা আছে 22 গ’জত কেপ্তেইন কু’ল হিচাপে পৰিচয় লাভ কৰা ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰৰ সিং ধোনী ৷ কাৰণ, দিল্লীৰ উচ্চ ন্যায়ালত ধোনীৰ বিৰুদ্ধে মানহানি গোচৰ ৰুজু কৰা হৈছে ৷ ধোনীৰ বিৰুদ্ধে মানহানি গোচৰ ৰুজু কৰিছে এসময়ৰ তেওঁৰে সহযোগী ব্যৱসায়ী মিহিৰ দিবাকৰ আৰু তেওঁৰ পত্নী সৌম্য দাসে ৷ আনহাতে, ন্যায়াধীশ প্ৰতিভা সিঙৰ বিচাৰপীঠে 18 জানুৱাৰীত এই আবেদনৰ শুনানি হ’ব বুলি জানিব পৰা গৈছে ৷

আৱেদনখনত কোৱা হৈছিল যে, 2017 চনত স্বাক্ষৰিত চুক্তিৰ নিয়ম উলংঘা কৰিছে ধোনীয়ে ৷ উল্লেখ্য যে, মিহিৰ দিবাকৰ আৰু সৌম্য দাসে আৰ্কা স্পৰ্টছ মেনেজমেণ্ট নামৰ এটা কোম্পানী পৰিচালনা কৰি আছে । 2017 চনত আৰ্কা ক্ৰীড়া ব্যৱস্থাপনা আৰু ধোনীৰ মাজত এখন চুক্তি স্বাক্ষৰিত হৈছিল। এই চুক্তিৰ অধীনত ভাৰত আৰু সমগ্ৰ বিশ্বতে ক্ৰিকেট একাডেমী স্থাপনৰ কথা আলোচনা হৈছিল। কিন্তু ধোনীয়ে সকলো নিয়ম ভংগ কৰিছে ৷

সমগ্ৰ ঘটনাৰ সন্দৰ্ভত ধোনীৰ অধিবক্তাই কৈছিলে, ‘‘দিবাকৰ দাসৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰিছিল ধোনীয়ে ৷ এই ক্ষেত্ৰত ধোনীৰ অভিযোগ অনুসৰি, দিবাকৰ দাসে ক্ৰিকেট একাডেমী স্থাপনৰ চুক্তিক সন্মান নকৰি তেওঁৰ পৰা প্ৰায় 16 কোটি টকাৰ লুণ্ঠ কৰিলে ৷ সেয়ে ৰাঁচীৰ নিম্ন আদালতত আৰ্কা স্পৰ্টছ নামৰ ক্ৰীড়া ব্যৱস্থাপনা প্ৰতিষ্ঠানৰ দুজন সঞ্চালকৰ বিৰুদ্ধে গোচৰ দাখিল কৰা হৈছিল ।’’

ধোনীৰ অধিবক্তাই জনোৱা অনুসৰি, আৰ্কা স্পৰ্টছ নামৰ ক্ৰীড়া ব্যৱস্থাপনা প্ৰতিষ্ঠানে চুক্তিৰ নিয়ম উলংঘা কৰিছে ৷ সেয়ে ভাৰতীয় দণ্ডবিধিৰ 406 আৰু 420ৰ ধাৰৰ অধীনত আৰ্কা ক্ৰীড়া সঞ্চালক মিহিৰ দিবাকাৰ আৰু সৌম্য দাসৰ বিৰুদ্ধে ৰাঁচীৰ এখন আদালতত ক্ৰিকেটাৰজনৰ হৈ এটা ফৌজদাৰী গোচৰ ৰুজু কৰা হৈছে ।

ইফালে ধোনীৰ এই গোচৰ পাচতে মিহিৰ দিবাকাৰ আৰু সৌম্য দাসেও দিল্লীৰ এখন আদালত গোচৰ ৰুজু কৰিছে ৷

লগতে পঢ়ক :আপৰ নেতা সঞ্জয় সিঙৰ বিৰুদ্ধে থকা গুজৰাট বিশ্ববিদ্যালয়ৰ মানহানি গোচৰত উচ্চতম ন্য়ায়ালয়ৰ স্থগিতাদেশ

ABOUT THE AUTHOR

...view details