ETV Bharat / bharat

আপৰ নেতা সঞ্জয় সিঙৰ বিৰুদ্ধে থকা গুজৰাট বিশ্ববিদ্যালয়ৰ মানহানি গোচৰত উচ্চতম ন্য়ায়ালয়ৰ স্থগিতাদেশ

author img

By ETV Bharat Assamese Team

Published : Jan 16, 2024, 10:59 PM IST

Modi academic degree: আম আদমি পাৰ্টিৰ নেতা সঞ্জয় সিঙক সকাহ দি উচ্চতম ন্যায়ালয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শৈক্ষিক ডিগ্ৰী সন্দৰ্ভত কৰা কথিত মন্তব্যক লৈ গুজৰাটৰ বিচাৰ আদালতত তেওঁৰ বিৰুদ্ধে চলি থকা অপৰাধমূলক মানহানিৰ গোচৰ স্থগিত ৰাখিছে ।

PM Modi degree row
PM Modi degree row

নিউজ ডেস্ক, 16 জানুৱাৰী: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শৈক্ষিক ডিগ্ৰীৰ ওপৰত কৰা মন্তব্যৰ গোচৰৰ সৈতে জড়িত কাৰাবন্দী ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিঙৰ বিৰুদ্ধে গুজৰাটৰ আদালতত বিচাৰাধীন হৈ থকা অপৰাধমূলক মানহানিৰ গোচৰ মঙলবাৰে স্থগিত ৰাখিছে উচ্চতম ন্যায়ালয়ে । দিল্লী সুৰা নীতি কেলেংকাৰীৰ ধন সৰবৰাহৰ গোচৰত জড়িত থকাৰ অভিযোগত সিং বৰ্তমান ন্যায়িক জিম্মাত আছে ।

সিঙৰ হৈ জ্যেষ্ঠ অধিবক্তা এ এম সিংভিয়ে ন্যায়াধীশ বি আৰ গাভাইৰ নেতৃত্বত চলি থকা বিচাৰপীঠৰ সন্মুখত যুক্তি দিছিল যে উচ্চ ন্যায়ালয়ত বিচাৰাধীন হৈ থকা তেওঁৰ আপীলত স্থগিতাদেশ বিচৰাৰ সময়ত তেওঁৰ ক্লায়েণ্টক দোষী সাব্যস্ত কৰি অযোগ্য ঘোষণা কৰাৰ উদ্দেশ্য আছিল ।

ন্যায়াধীশ সন্দীপ মেহতাকো অন্তৰ্ভুক্ত কৰা বিচাৰপীঠখনে কয় যে, “যেতিয়ালৈকে উচ্চ ন্যায়ালয়ে অন্তৱৰ্তীকালীন সকাহ প্ৰদান বা প্ৰত্যাখ্যানৰ সিদ্ধান্ত গ্ৰহণ নকৰে, তেতিয়ালৈকে বিচাৰ আদালতৰ কাৰ্য্যবিধি স্থগিত থাকিব ।’’

আনহাতে উচ্চতম ন্যায়ালয়ে গুজৰাট উচ্চ ন্যায়ালয়ক স্থগিতাদেশৰ আবেদন বা অন্ততঃ অন্তৱৰ্তীকালীন সকাহৰ বাবে কৰা আবেদনৰ চাৰি সপ্তাহৰ ভিতৰত শুনানি গ্ৰহণ কৰিবলৈ কয় । কিন্তু গুজৰাটৰ বাহিৰলৈ বিচাৰ হস্তান্তৰ কৰাৰ সিঙৰ দাবীত উচ্চতম ন্যায়ালয়ে একমত নহ’ল ।

সিঙৰ অধিবক্তাই আৰু যুক্তি আগবঢ়ায় যে তেওঁৰ ক্লায়েণ্টে গোচৰটোৰ অভিযোগকাৰী গুজৰাট বিশ্ববিদ্যালয়ৰ বিৰুদ্ধে এটা শব্দও কোৱা নাই । গুজৰাট বিশ্ববিদ্যালয়ে আপ নেতাগৰাকীয়ে সংবাদমেল আৰু ছ’চিয়েল মিডিয়াত বিশ্ববিদ্যালয়খনক লক্ষ্য কৰি অপমানজনক বক্তব্য দিয়াৰ অভিযোগ উত্থাপন কৰি এনে বক্তব্যই ইয়াৰ সুনাম আৰু ভাবমূর্তি কলংকিত কৰা বুলি দাবী কৰিছে ৷

যোৱা বছৰৰ এপ্ৰিল মাহত আপ নেতাজনে দিয়া পি এম ডিগ্ৰীৰ সৈতে জড়িত “কটু আৰু অপমানজনক” বক্তব্যৰ বিৰুদ্ধে বিশ্ববিদ্যালয়খনে অপৰাধমূলক মানহানিৰ গোচৰ তৰে ।

গুজৰাট বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক পীয়ুষ পেটেলে তেওঁলোকৰ মন্তব্যক লৈ কেজৰিৱাল আৰু সিঙৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু কৰিছিল । অভিযোগকাৰীয়ে দাবী কৰে যে গুজৰাট উচ্চ ন্যায়ালয়ে প্ৰধানমন্ত্ৰীৰ ডিগ্ৰী সন্দৰ্ভত মুখ্য তথ্য আয়ুক্তৰ নিৰ্দেশ বাতিল কৰাৰ পিছতে এই বক্তব্য দিয়া হৈছে ।

লগতে পঢ়ক: প্ৰধানমন্ত্ৰীলৈ মমতাৰ পত্ৰ: শিক্ষানুষ্ঠান গেৰুৱাকৰণক লৈ আপত্তি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.