অসম

assam

Accident at Bilaspur : চলন্ত বাহনত জুই লাগি জীৱন্তে জ্বলিল আৰোহী

By

Published : Jan 22, 2023, 1:59 PM IST

Accident at Bilaspur
বিলাসপুৰত ভয়ংকৰ দুৰ্ঘটনা ()

ছট্টিশগড়ৰ বিলাসপুৰৰ ৰতনপুৰৰ পৰা পেন্দ্ৰালৈ যোৱা পথত শনিবাৰে নিশা সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা (Accident at Bilaspur)। য'ত জীৱন্তে জ্বলিল ৩ গৰাকী আৰোহী । লোকসকলৰ পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই । আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে ।

নেশ্যনেল ডেস্ক,২২ জানুৱাৰী : ছট্টিশগড়ত ভয়ংকৰ দুৰ্ঘটনা (Tragic accident in Chhattisgarh)। দুৰ্ঘটনাৰ পাছতে বাহনত জুইৰ সূত্ৰপাত । জুই ইমানে ভয়াৱহ আছিল যে জীৱন্তে জ্বলিল বাহনৰ ভিতৰৰ সকলো আৰোহী । সমগ্ৰ ঘটনাক লৈ অঞ্চলটোত শোকাকুল পৰিৱেশে বিৰাজ কৰিছে ।

ছট্টিশগড়ৰ বিলাসপুৰত সংঘটিত হৈছে এই ঘটনা । পুৱা প্ৰায় ১ মান বজাত ৰতনপুৰ আৰক্ষী থানাৰ অন্তৰ্গত পোডি গাঁও পঞ্চায়তৰ পেট্ৰ'ল পাম্পৰ সমীপত সংঘটিত হৈছে এই দুৰ্ঘটনাটো । প্ৰথমে তীব্ৰবেগী এখন বাহনে গছত খুন্দা মাৰে । গছত খুন্দা মৰাৰ লগে লগে বাহনখনত জুইৰ সূত্ৰপাত হয় । জুই ইমানেই ভয়ংকৰ আছিল যে বাহনখনত থকা আৰোহীকেইজন ওলাই আহিব নোৱাৰিলে (3 people burnt alive after car hits tree)।

প্ৰত্যক্ষদৰ্শীৰ মতে, আৰোহীকেইজন বাহনখনৰ ভিতৰত আৱদ্ধ হৈ আছিল আৰু অৱশেষত আটাইকেইগৰাকী আৰোহীয়ে কৰুণ মৃত্যুক আঁকোৱালি লয় । এতিয়াও স্পষ্ট হোৱা নাই, বাহনখনৰ ভিতৰত আচলতে কিমানগৰাকী লোক আছিল । কিন্তু বাহনৰ ভিতৰৰ পৰা ৩ গৰাকী লোকৰ কংকাল উদ্ধাৰ হৈছে (Bilaspur tragic accident)। দুৰ্ঘটনাটোৰ পাছতে, স্থানীয় লোকসকলে ৰতনপুৰ আৰক্ষীক অৱগত কৰে । আৰক্ষীয়ে সম্প্ৰতি দুৰ্ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে । ইফালে আশংকা কৰা হৈছে যে বাহনখনৰ ভিতৰত ৪ গৰাকী লোক আছিল ।

দুৰ্ঘটনাত পতিত বাহনখনৰ নম্বৰ হৈছে CG-10-BD-7861 । আৰক্ষীৰ প্ৰাথমিক অনুসন্ধানত প্ৰকাশ পাইছে যে বাহনখন শ্বাহনাৱাজ নামৰ এগৰাকী ব্যক্তিৰ আছিল । অৱশ্যে, বাহনখনৰ ভিতৰত কোন কোন আছিল আৰু শ্বাহনাৱাজ তেওঁলোকৰ ভিতৰত আছিল নে নাই সেয়া এতিয়াও স্পষ্ট হোৱা নাই । বিলাসপুৰৰ পৰা এটা ফ'ৰেনচিকৰ দল ইতিমধ্যে সেই স্থানত উপস্থিত হৈছে । দলটোৱে ঘটনাস্থলীৰ পৰা নমুনা সংগ্ৰহ কৰিছে ।

ঘটনাস্থলীত ৰতনপুৰ আৰক্ষী উপস্থিত হৈ তদন্তও আৰম্ভ কৰিছে । আৰক্ষীয়ে ধাৰণা কৰা মতে মৃত লোকসকল বিলাসপুৰৰ বাসিন্দা আছিল । আৰক্ষীয়ে সন্দেহ কৰা মতে গছত খুন্দা মৰাৰ পাছত বাহনখনৰ লকিং চিষ্টেম জাম হৈ গৈছিল । যাৰ বাবে আৰোহীসকলে বাহনৰ দুৱাৰ খুলিব পৰা নাছিল আৰু সম্ভৱত দুৰ্ঘটনাটোৰ পাছত আৰোহী কেইজন অচেতন হৈ পৰিছিল আৰু বাহনৰ পৰা ওলাব পৰা নাছিল ।

লগতে পঢ়ক :Somalia military strike: ছোমালিয়াত সামৰিক আক্ৰমণত ৩০ ইছলামবাদী আল চাবাব সন্ত্ৰাসবাদীক হত্যা

ABOUT THE AUTHOR

...view details