Somalia military strike: ছোমালিয়াত সামৰিক আক্ৰমণত ৩০ ইছলামবাদী আল চাবাব সন্ত্ৰাসবাদীক হত্যা

author img

By

Published : Jan 22, 2023, 11:04 AM IST

Etv BharatStockholm protests anger Turkey, cancel Sweden's minister meeting

ছোমালিয়াত চোমালিয়া ৰাষ্ট্ৰীয় সৈনিক আৰু আল চাবাব সন্ত্ৰাসবাদীৰ তুমুল সংঘৰ্ষৰ কথা পোহৰলৈ আহিছে (Somali national troops attacked by 100 al Shabaab)৷ সামৰিক বাহিনীৰ গুলীত 30 ইছলামিক আল চাবাব সন্ত্ৰাসবাদী নিহত হৈছে (30 Islamist Al Shabaab militants) ৷

আন্তঃৰাষ্ট্ৰীয় ডেস্ক, 22 জানুৱাৰী: আমেৰিকা যুক্তৰাষ্ট্ৰৰ আফ্ৰিকা কামাণ্ডৰ এক বিবৃতি অনুসৰি ছোমালিয়াৰ গালকাড চহৰৰ সমীপত শুকুৰবাৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সামৰিক আক্ৰমণত প্ৰায় ৩০ টা ইছলামবাদী আল চাবাব সন্ত্ৰাসবাদীক হত্যা কৰা হয় (30 Islamist Al Shabaab militants) ৷ সামৰিক বাহিনী আৰু সন্ত্ৰাসবাদীৰ দলটোৰ মাজত তুমুল সংঘৰ্ষ হৈছিল ৷

ৰাজধানী মোগাদিছুৰ পৰা প্ৰায় ১৬২ মাইল (২৬০ কিলোমিটাৰ) উত্তৰে ছোমালিয়াৰ ৰাষ্ট্ৰীয় সৈন্যসকলক ১০০ তকৈও অধিক আল চাবাব সন্ত্ৰাসবাদীয়ে আক্ৰমণ কৰিছিল (Somali national troops attacked by 100 al Shabaab) ৷ ফলত আত্মৰক্ষাৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সামৰিক বাহিনীয়ে "সামূহিক আত্মৰক্ষা আক্ৰমণ" বুলি উল্লেখ কৰি সন্ত্ৰাসবাদীৰ দলটোৰ লগত সংঘৰ্ষত লিপ্ত হয় ৷

লগতে পঢ়ক: Lok Sabha Election 2024 : কংগ্ৰেছৰ পৰা কলিয়াবৰ-নগাঁও উদ্ধাৰত বিজেপিৰ ট্ৰাম্প কাৰ্ড আজমল !

ইফালে ছোমালিয়া চৰকাৰ আৰু বিদ্ৰোহী গোটটোৰ মতে, আল-চাবাবৰ কেডাৰসকলে শুকুৰবাৰে গালকাডৰ এটা চোমালিয়াৰ সামৰিক ঘাটিত অভিযান চলাই কমেও সাতজন সৈন্যক হত্যা কৰে(Seven troops killed by al Shabaab)। সন্ত্ৰাসবাদীৰ দলটোৱে আগ্নেয়াস্ত্ৰৰে গুলীচালনা কৰাৰ লগতে সামৰিক বাহিনীৰ গাড়ীত বোমা বিস্ফোৰণ কৰিছিল ৷

আনহাতে সামৰিক শাখা আমেৰিকা আফ্ৰিকা কামাণ্ডৰ মতে এই সংঘৰ্ষত কোনো অন্য নাগৰিকৰ ক্ষতিগ্ৰস্ত হোৱা নাই ৷ এতিয়ালৈকে কোনো লোকৰ হতাহতিৰ খবৰ লাভ কৰা নাই ৷ এই সংঘৰ্ষত তিনিখন অটোমোবাইল ধ্বংস কৰা হৈছে ৷

ছোমালিয়াৰ তথ্য মন্ত্ৰালয়ৰ এক বিবৃতি অনুসৰি আল চাবাবে সাত সৈন্যক হত্যা কৰাৰ উপৰিও পাঁচটা বন্দুকৰ দ্বাৰা আৰোহী পিকআপ ট্ৰাক ধ্বংস কৰে (No civilians harmed or killed in strike) ৷ উল্লেখ্য যে ২০০৬ চনৰ পৰা আল চাবাবে নিজকে চোমালিয়াৰ ইছলামিক আমিৰাত (Islamic Emirate of Somalia)বুলিও দাবী কৰে ৷ ২০১১ চনৰ পৰা ইছলামৰ কঠোৰ আদৰ্শৰ ওপৰত আধাৰিত সন্ত্ৰাসবাদী সংগঠনটোৱে নিজৰ যুঁজ দি আহিছে।

লগতে পঢ়ক: Foothils Drama Festival : সংঘাত পাহৰি অসম-নাগালেণ্ড সীমান্তত পাদদেশীয় নাট মহোৎসৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.