অসম

assam

চৰকাৰী শিশু আশ্ৰয় গৃহত ৫৭ গৰাকী যুৱতীৰ কৰ'ণাত আক্ৰান্ত

By

Published : Jun 22, 2020, 7:38 PM IST

Updated : Jun 22, 2020, 7:57 PM IST

উত্তৰ প্ৰদেশৰ কানপুৰত এটা চৰকাৰী শিশু আশ্ৰয় গৃহত কোভিড-১৯ ত আক্ৰান্ত হৈছে নাৱালিকাসহ ৫৭ গৰাকী যুৱতী। ইয়াৰে দুই নাৱালিকাসহ মুঠ ৫ গৰাকী যুৱতী গৰ্ভৱতী। তদুপৰি, এগৰাকী নাৱালিকা HIV পজিটিভ বুলি জানিব পৰা গৈছে।

COVID-19
Kanpur: 57 girls at children's shelter home test COVID-19 positive, 5 of them pregnant

নিউজ ডেস্ক, ২২ জুনঃ উত্তৰ প্ৰদেশৰ কানপুৰত এটা চৰকাৰী শিশু আশ্ৰয় গৃহত ৫৭ গৰাকী যুৱতী আৰু নাৱালিকাৰ কোভিড-১৯ পজিটিভ পোৱা গৈছে । ইয়াৰ ভিতৰত ২ গৰাকী নাৱালিকাসহ ৫ গৰাকী যুৱতী গৰ্ভৱতী বুলি জানিব পৰা গৈছে। তদুপৰি দুগৰাকী গৰ্ভৱতী নাৱালিকাৰ ভিতৰত এগৰাকী HIV পজিটিভ । উল্লেখ্য যে, কানপুৰৰ এখন ব্যক্তিগত হাস্পতালত নাৱালিকাগৰাকীৰ চিকিৎসা কৰি থকা হৈছে।

কানপুৰঃ চৰকাৰী শিশু আশ্ৰয় গৃহত ৫৭ গৰাকী যুৱতীৰ কোভিড-১৯ পজিটিভ

কানপুৰৰ জিলা ন্যায়াধিশ ব্ৰহ্ম দেৱ টিৱাৰীয়ে সাংবাদিকৰ আগত প্ৰকাশ কৰা অনুসৰি এইসকল যুৱতীক শিশুকল্যাণ সমিটিয়ে আগ্ৰা, কন্নৌজ, ফিৰোজাবাদ আদিৰ পৰা চৰকাৰী আশ্ৰয় গৃহলৈ পঠিয়াইছিল আৰু আশ্ৰয় গৃহত অহাৰ পূৰ্বেই ২ গৰাকী নাৱালিকাসহ মুঠ ৫ গৰাকী যুৱতী গৰ্ভৱতী আছিল। এই ঘটনা 'যৌন অপৰাধৰ পৰা শিশুৰ সংৰক্ষণ আইন' (POCSO)ৰ অধিনত বুলি ন্যায়াধিশগৰাকীয়ে জানিবলৈ দিয়ে।

এক সপ্তাহ পূৰ্বে, চৰকাৰী আশ্ৰয় গৃহটোৰ এগৰাকী মহিলাৰ দেহত লাভ কৰা গৈছিল কোভিড-১৯ৰ উপস্থিতি । ইয়াৰ পাছতে আশ্ৰয় গৃহটোত থকা সকলো মহিলাৰে কোভিড-১৯ পৰীক্ষা কৰা হয় । প্ৰথম অৱস্থাত ৩৩ গৰাকী আৰু তাৰ পাছত পুনৰ ২৮ গৰাকীৰ অধিক মহিলাৰ কোভিড-১৯ পজিটিভ পোৱা গৈছে ।

কানপুৰস্থিত চৰকাৰী আশ্ৰয় গৃহটোত দুগৰাকী নাৱালিকাসহ মুঠ ৫ গৰাকী গৰ্ভৱতী যুৱতী কোভিড-১৯ত আক্ৰান্ত সন্দৰ্ভত মত প্ৰকাশ কৰে জিলাখনৰ আৰক্ষী আয়ুক্তই । সম্প্ৰতি এই আটাইকেইগৰাকীৰে চিকিৎসা অব্যাহত আছে বুলি কানপুৰৰ আৰক্ষী আয়ুক্ত সুধীৰ মহাদেৱে উল্লেখ কৰে ।

যদি এই ঘটনাত কোনো বিষয়া অথবা কৰ্মচাৰী জড়িত থকাৰ কথা পোহৰলৈ আহে তেন্তে তেওঁলোকৰ বিৰুদ্ধে উচিত ব্যৱস্থা গ্ৰহণ কৰা হয় বুলি সুধীৰ মহাদেৱে প্ৰকাশ কৰে । লগতে, এই সন্দৰ্ভত কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী বাদ্ৰাই যোগী আদিত্যনাথ নেতৃত্ত্বাধীন চৰকাৰখনক তীব্ৰ সমালোচনা কৰে।

Last Updated : Jun 22, 2020, 7:57 PM IST

ABOUT THE AUTHOR

...view details