অসম

assam

ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত দিনটোৰ শীৰ্ষ বাতৰি

By

Published : Sep 8, 2020, 7:29 AM IST

আজি 'পত্ৰিকা গেট' উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে ৷ আজি কংগ্ৰেছৰ সাংসদীয় ৰণনীতি দলীয় বৈঠক ৷ বিশ্বৰ প্ৰথম সৌৰশক্তি প্ৰযুক্তিবিদ্য়া সমাবেশৰ উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে ৷

ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত দিনটোৰ শীৰ্ষ বাতৰি
ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত দিনটোৰ শীৰ্ষ বাতৰি

1. আজি 'পত্ৰিকা গেট' উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি পুৱা 11 বজাত ভাৰ্চুৱেল মাধ্যমেৰে উদ্বোধন কৰিব পত্ৰিকা গেট ৷ জয়পুৰৰৰ জৱাহৰলাল নেহেৰু মাৰ্গত অৱস্থিত এই পত্ৰিকা গেট ৷ পত্ৰিকা গেটৰ নতুন পৰ্যটকস্থলী হিচাপে বিবেচিত হ'ব ৷ ইয়াৰ লগতে প্ৰধানমন্ত্ৰীগৰাকীয়ে দুখন গ্ৰন্থৰো উন্মোচন কৰিব - সম্বাদ উপনিষদ আৰু অক্ষৰ যাত্ৰা ৷

'পত্ৰিকা গেট' উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে

2. আজি কংগ্ৰেছৰ সাংসদীয় ৰণনীতি দলীয় বৈঠক

সংসদৰ বৰ্ষাকালিন অধিবেশনৰ আৰম্ভণিৰ পূৰ্বে আজি কংগ্ৰেছে আয়োজন কৰিছে এক ৰণনীতি দলীয় বৈঠক ৷ এই বৈঠকত সভাপতিত্ব কৰিব অন্তৱৰ্তীকালিন নেত্ৰী ছোনিয়া গান্ধীয়ে ৷ বৈঠকত উপস্থিত থাকিব জ্যেষ্ঠ কংগ্ৰেছ নেতা গুলাম নবী আজাদ আৰু আনন্দ শৰ্মা ৷

কংগ্ৰেছৰ সাংসদীয় ৰণনীতি দলীয় বৈঠক

3. বিশ্বৰ প্ৰথম সৌৰশক্তি প্ৰযুক্তিবিদ্য়া সমাবেশৰ উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে

International Solar Alliance, ISA য়ে আজি ভাৰ্চুৱেল মাধ্যমেৰে আয়োজন কৰিব বিশ্বৰ প্ৰথম সৌৰ প্ৰযুক্তিবিদ্য়া সমাবেশ ৷ এই সম্পৰ্কত ISA ৰ সভাপতি তথা কেন্দ্ৰীয় মন্ত্ৰী আৰ. কে. সিঙে কয় যে, প্ৰধানমন্ত্ৰী মোডীয়ে সমাবেশৰ উদ্বোধনী ভাষণ প্ৰদান কৰিব ৷ ISA ৰ অধীনৰ সদস্য়ভূক্ত দেশসমূহৰ মন্ত্ৰীসকলেও ইয়াত অংশগ্ৰহণ কৰিব ৷

বিশ্বৰ প্ৰথম সৌৰশক্তি প্ৰযুক্তিবিদ্য়া সমাবেশৰ উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে

ABOUT THE AUTHOR

...view details