অসম

assam

কোভিড-১৯ৰ সামগ্ৰী ক্ৰয়ৰ নামত চৰকাৰৰ বিৰুদ্ধে দূৰ্নীতিৰ অভিযোগ

By

Published : Jul 7, 2020, 3:03 PM IST

কৰ্ণাটক চৰকাৰৰ বিৰুদ্ধে প্ৰকৃত মূল্যতকৈ দুগুণ অধিক মূল্যত কোভিড-১৯ৰ সামগ্ৰী ক্ৰয় কৰাৰ অভিযোগ । ৰাজ্যখনৰ প্ৰাক্তন স্বাস্থ্যমন্ত্ৰী ইউ টি খাদেৰে এই অভিযোগ উত্থাপন কৰিছে ।

Congress MLA Khader
Congress MLA Khader alleges scam in purchase of COVID-19 equipment by government

নিউজ ডেস্ক, ৭ জুলাইঃ কোভিড-১৯ৰ সামগ্ৰী ক্ৰয়ৰ নামত ৰাজ্য চৰকাৰৰ বিৰুদ্ধে দূৰ্নীতিৰ অভিযোগ উত্থাপন কৰিছে কৰ্ণাটকৰ প্ৰাক্তন স্বাস্থ্যমন্ত্ৰী তথা কংগ্ৰেছ বিধায়ক ইউ টি খাদেৰে । কৰ্ণাটক চৰকাৰে বাস্তবিক মূল্যতকৈ দুগুণ অধিক মূল্যত এই মহামাৰীৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত ব্যৱহৃত সামগ্ৰীসমূহ ক্ৰয় কৰি আছে।

কংগ্ৰেছ বিধায়কগৰাকীয়ে উল্লেখ কৰা অনুসৰি, কৰ্ণাটক চৰকাৰে ৫০০ টকা মূল্যৰ হেণ্ড ছেনিটাইজাৰ ৯০০ টকাত ক্ৰয় কৰাৰ বিপৰীতে ১২০০ টকা মূল্যৰ থাৰ্ম'মিটাৰ ৯০০০ টকাত ক্ৰয় কৰা দেখুৱাইছে বুলি অভিযোগ উত্থাপন কৰিছে । তদুপৰি ইউ টি খাদেৰে স্বাস্থ্যমন্ত্ৰী বি. শ্ৰীৰামুলুক ৰাইজৰ হকে কাম কৰিবলৈ আহ্বান জনাইছে ।

কোভিড-১৯ মহামাৰীয়ে তিনিমাহ অতিক্ৰম কৰাৰ পাছতো ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে এমুলেঞ্চৰ প্ৰয়োজন থকা ৰোগীসকলৰ বাবে এম্বুলেঞ্চ প্ৰেৰণ কৰিবলৈ সক্ষম নহয় বুলি বিধায়কগৰাকীয়ে সমালোচনা কৰে।

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি বৰ্তমানলৈকে কৰ্ণাটকত মুঠ ২৫,৩১৭ গৰাকী লোকৰ কোভিড-১৯ পজিটিভ পোৱা গৈছে । ইয়াৰে ১৪,৩৮২ গৰাকী ৰোগী চিকিৎসাধীন অৱস্থাত থকাৰ বিপৰীতে মৃত্যুমুখত পৰিছে ৪০২ গৰাকী ৰোগী । আনহাতে, এই মহামাৰীৰ কৱলৰ পৰা উপশম লাভ কৰিছে ১০,৫২৯ গৰাকী লোকে।

ABOUT THE AUTHOR

...view details