অসম

assam

দিল্লীৰ নিৰ্বাচনী ইতিহাসৰ বিষয়ে কিছু তথ্য

By

Published : Feb 7, 2020, 9:33 PM IST

দিল্লীৰ নিৰ্বাচনী ইতিহাসত 34 বছৰ বয়সত আটাইতকৈ কম বয়সৰ মুখ্যমন্ত্ৰী হিচাপে চৌধুৰী ব্ৰহ্ম প্ৰকাশে কাৰ্যভাৰ গ্ৰহণ কৰাৰ বিপৰীতে, শীলা দীক্ষিতে আটাইতকৈ দীঘলীয়া সময়ৰ বাবে দিল্লীৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ৷ ইয়াত দেশৰ ৰাজধানী দিল্লীৰ নিৰ্বাচনী ইতিহাসৰ বিষয়ে কেতবোৰ তথ্য উল্লেখ কৰা হ'ল ৷

দিল্লীৰ নিৰ্বাচনী ইতিহাস
দিল্লীৰ নিৰ্বাচনী ইতিহাস

নেশ্যনেল ডেস্ক, 7 ফেব্ৰুৱাৰীঃভাৰতীয় ৰাষ্ট্ৰীয় কংগ্ৰেছ দলৰ চৌধাৰী ব্ৰহ্ম প্ৰকাশ, 34 বছৰ বয়সতে দিল্লীৰ আটাইতকৈ কম বয়সৰ মুখ্যমন্ত্ৰী হোৱাৰ লগতে, আম আদমীয়ে দল গঠনৰ পিচত আটাইতকৈ কম সময়ৰ ভিতৰত দিল্লীত চৰকাৰ গঠন কৰিছে ৷ ইয়াত বহুকেইটা স্বল্প পৰিচিত দিল্লী নিৰ্বাচনৰ ইতিহাস সম্পৰ্কীয় কিছু তথ্য দাঙি ধৰা হ'ল ৷

দিল্লীৰ ৰাজনৈতিক ইতিহাসত 7 গৰাকী মুখ্যমন্ত্ৰীয়ে শাসন কৰিছে ৷ চৌধুৰী ব্ৰহ্ম প্ৰকাশ দিল্লীৰ মুখ্যমন্ত্ৰী আছিল, যিয়ে 1952 চনৰ পৰা 1955 চনলৈ এই পদত অধিস্থিত আছিল ৷ তেওঁৰ সৈতে ভাৰতীয় ৰাষ্ট্ৰীয় কংগ্ৰেছ দলৰ সদস্য জি.এন সিঙো আছিল ৷ দিল্লীৰ দ্বিতীয় গৰাকী মুখ্যমন্ত্ৰীৰ ৰূপত তেওঁৰ কাৰ্যকাল 1955 ৰ পৰা 1956 চনলৈ কেৱল এবছৰৰ বাবেহে আছিল ৷ তেওঁৰ কাৰ্যকাল সমাপ্ত হোৱাৰ পিচত এগৰাকী সাংসদীয় বিধেয়ক গৃহীত কৰা হৈছিল, যাৰ মাধ্যমত দিল্লীক কেন্দ্ৰীয় শাসিত অঞ্চললৈ পৰিণত কৰা হৈছিল ৷ পৰৱৰ্তী সময়ত 1993 বৰ্ষৰ 1 জানুৱাৰীত কোনো লোককে দিল্লীৰ মুখ্যমন্ত্ৰী হিচাপে নিয়োগ কৰা হোৱা নাছিল ৷

দিল্লীৰ নিৰ্বাচনী ইতিহাসৰ বিষয়ে কিছু তথ্য

দিল্লীৰ তৃতীয় তথা ভাৰতীয় জনতা পাৰ্টীৰ এগৰাকী নেতা মদল লাল খুৰানাই 1993 ৰ পৰা 1996 চনলৈ এই দায়িত্ব পালন কৰে ৷ তথ্য অনুসৰি মদন লাল খুৰানা কোনো দুৰ্নীতি সংক্ৰান্তীয় বিতৰ্কত জড়িত হোৱাৰ পিচত 1996 চনত সাহেব সিঙ বাৰ্মাই দিল্লীৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰে ৷

1998 চনত দিল্লীৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে সুষমা স্বৰাজে ৷ ভাৰতীয় ৰাজনৈতিক ক্ষেত্ৰৰ অন্যতম স্বনামধন্য ব্যক্তি স্বৰাজে দিল্লীৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰাৰ বাবে কেন্দ্ৰীয় মন্ত্ৰীসভাৰ মন্ত্ৰীত্ব পদ ত্যাগ কৰে ৷

1998 চনৰ 3 ডিচেম্বৰত প্ৰথমবাৰৰ বাবে নিৰ্বাচিত প্ৰথমবাৰৰ বাবে নিৰ্বাচিত শীলা দীক্ষিত দিল্লীৰ দীৰ্ঘকালীন মুখ্যমন্ত্ৰী হিচাপে কাৰ্য নিৰ্বাহ কৰে ৷ তেওঁ 1999 চনৰ পৰা 2013 চনলৈ নিজৰ কাৰ্যকাল বৰ্তাই ৰাখে ৷

25,864 ভোটৰ ব্যৱধানত আটাইতকৈ দীঘলীয়া কাৰ্যকালৰ বাবে দায়িত্বত থকা শীলা দীক্ষিতক হৰুৱাই, আম আদমী পাৰ্টীৰ অৰবিন্দ কেজৰিৱালে 28 ডিচেম্বৰ 2013 ৰ পৰা 14 ডিচেম্বৰ 2014 চনলৈ 49 দিনৰ বাবে মুখ্যমন্ত্ৰীৰ ৰূপ অধিস্থিত হয় ৷ যাৰ পিচত পৰৱৰ্তী সময়ত দিল্লীত এবছৰ ৰাষ্ট্ৰপতি শাসন চলে ৷ 2015 চনত আম আদমী পাৰ্টীয়ে সৰ্বাধিক ভোট লাভ কৰে আৰু কেজৰিৱালে তেতিয়াৰে পৰা দিল্লীৰ বাবে বিশেষভাৱে কাম কৰি গৈছে ৷

ABOUT THE AUTHOR

...view details