নিউজ ডেস্ক, 12 ডিচেম্বৰ: অশেষ জল্পনা-কল্পনাৰ অন্তত বিজেপিয়ে ঘোষণা কৰিলে ৰাজস্থানৰ মুখ্যমন্ত্ৰীৰ নাম ৷ ভজনলাল শৰ্মা হ’ব ৰাজস্থানৰ নতুন মুখ্যমন্ত্ৰী ৷ ৰাজ্যিক বিজেপিৰ মুখ্যালয়ত বিজেপি বিধায়কসকলৰ বৈঠকৰ পিচত ঘোষণা কৰা হয় মুখ্যমন্ত্ৰীৰ নাম ৷ ৰাজস্থানৰ নতুন মুখ্যমন্ত্ৰী ভজনলাল শৰ্মা সাংগানেৰৰ বিধায়ক ।
ৰাজস্থান বিধানসভা নিৰ্বাচনত যিহেতু বিজেপিয়ে সংখ্যাগৰিষ্ঠতা লাভ কৰিছিল, গতিকে যোৱা ৯ দিন ধৰি নতুন মুখ্যমন্ত্ৰীক লৈ উৎকণ্ঠাৰ সৃষ্টি হৈছিল । নতুন মুখ্যমন্ত্ৰী সন্দৰ্ভত আৰম্ভণিৰে পৰা ৰাজস্থানৰ বহু জ্যেষ্ঠ নেতাৰ নাম চৰ্চা হৈ আহিছে । দিল্লীত দলটোৰ শীৰ্ষ নেতৃত্বৰ পৰ্যায়ত কেইবাটাও ৰাউণ্ডৰ বৈঠক আৰু আলোচনাৰ ধুমুহাৰ অন্তত মঙলবাৰে বিয়লি ৪ বজাত ৰাজস্থান বিজেপিৰ মুখ্য কাৰ্যালয়ত বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হয় । এই সভাত ভজনলাল শৰ্মাৰ নাম প্ৰস্তাৱ কৰা হৈছিল, সকলোৱে এই প্ৰস্তাৱত সমৰ্থন জনায় ।