অসম

assam

Fat Cutter Drink: নিমিষতে নোহোৱা হ’ব পেটৰ চৰ্বী, নিতৌ পুৱা সেৱন কৰক এই ৪বিধ স্বাস্থ্যকৰ পানীয়

By

Published : May 19, 2023, 4:45 PM IST

ওজন বৃদ্ধি কৰিব বিচৰা প্ৰতিজন ব্যক্তিয়ে কঠোৰ খাদ্য আৰু ৱৰ্কআউটৰ নিয়ম মানি চলাটো সম্ভৱ নহয় যদিও ইয়াৰ বাবে কিছুমান সহজ ব্যৱস্থা গ্ৰহণ কৰিব পাৰি ।

Belly fat will be discharged, drink these 4 healthy drinks every morning
নিমিষতে নোহোৱা হ’ব পেটৰ চৰ্বী, নিতৌ পুৱা সেৱন কৰক এই ৪বিধ স্বাস্থ্যকৰ পানীয়

আমাৰ বেছিভাগেই বিচাৰো যে আমাৰ শৰীৰটো ফিট আৰু টোনড দেখাব লাগে, কিন্তু প্ৰায়ে অস্বাস্থ্যকৰ খাদ্য গ্ৰহণ আৰু বেয়া খাদ্যাভ্যাসে আমাৰ পেট আৰু কঁকালৰ চাৰিওফালে চৰ্বি বৃদ্ধি কৰে আৰু তাৰ পিছত শৰীৰৰ সামগ্ৰিক আকৃতিৰ অৱনতি ঘটে । ইয়াৰ ফলত আমাৰ সৌন্দৰ্যতাতো প্ৰভাৱ পৰে । এতিয়া সকলোৰে বাবে পুৱা বা গধূলি দৌৰা বা জিমত ঘণ্টাৰ পিছত ঘণ্টা ধৰি ব্যায়াম কৰাটোও সম্ভৱ নহয় । ইয়াৰ বাহিৰে সকলোৱে চেলিব্ৰিটিৰ দৰে দিনে-নিশাই ডায়েটিচিয়ানৰ তত্বাৱধানত থাকিব নোৱাৰে । এনে পৰিস্থিতিত যদি আপুনি সহজে ওজন কমাব বিচাৰে তেন্তে পুৱা উঠি কিছুমান বিশেষ পানীয় খাবলৈ আৰম্ভ কৰক ।

গ্ৰীণ টি Green Tea

গাখীৰ আৰু চেনি দিয়া চাহৰ পৰিবৰ্তে গ্ৰীণ টিক সদায় এক উত্তম বিকল্প বুলি গণ্য কৰা হৈছে, গতিকে ইয়াক প্ৰতিদিনে পুৱা খালী পেটত খাব লাগে যাতে আপুনি ফিট হৈ থাকে । ইয়াৰ সোৱাদ তিতা হ’ব পাৰে কিন্তু ওজন কমাবলৈ গ্ৰীণ টি অতি ফলপ্ৰসূ ।

নেমুৰ পানী Lemon Water

ওজন কমাবলৈ নেমুৰ পানী অতি সস্তা বিকল্প । ইয়াৰ বাবে ৰাতিপুৱা সাৰ পোৱাৰ পিছত এগিলাচ গৰম পানীত নেমু এটা চেপি ক’লা নিমখৰ লগত মিহলাই খাব লাগে । নিয়মিতভাৱে এনে কৰিলে ওজন বহু পৰিমাণে কমি যাব ।

জনীগুটিৰ পানী Celery Water

প্ৰায় প্ৰতিটো ভাৰতীয় পাকঘৰতে পোৱা এবিধ মছলা হৈছে আজৱাইন বা জনীগুটি, ইয়াক কেৰম গুটি বুলিও কোৱা হয় । ইয়াক সেৱন কৰিলে বিপাকীয় ক্ৰিয়াৰ হাৰ বৃদ্ধি পায়, যাৰ ফলত ই ওজন হ্ৰাস কৰাত সহায় কৰে । এগিলাচ পানীত আজৱাইন দি ৰাতি তিয়াই থৈ পুৱা ফিল্টাৰ কৰি পান কৰক (Ajwain Water)।

চফগুটিৰ পানী Fennel Seed Water

চফগুটি প্ৰায়ে খাদ্য খোৱাৰ পিছত চোবাই খোৱা হয়, কিয়নো ইয়াক প্ৰাকৃতিক মাউথ ফ্ৰেচনাৰ হিচাপেও ব্যৱহাৰ কৰা হয় । আপুনি এগিলাচ পানীত এচামুচ চফগুটি মিহলাই ৰাতিটো তিয়াই থ’ব । পুৱা কপাহী কাপোৰেৰে ফিল্টাৰ কৰি পান কৰক ।

এই প্ৰতিবেদন কেৱল সাধাৰণ তথ্যৰ ওপৰত দিয়া হৈছে এয়া কোনো চিকিৎসাৰ বিকল্প হ’ব নোৱাৰে অধিক জানিবলৈ আপোনাৰ চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰক

লগতে পঢ়ক:Side Effect Of Watermelon: তৰমুজ খোৱাটো ভাল, কিন্তু তাৰ পূৰ্বে ইয়াৰ অপকাৰিতাও জানি লওক অন্যথা ভুগিব পাৰে এই সমস্যাত

ABOUT THE AUTHOR

...view details