অসম

assam

Manipur Violence: মণিপুৰত হিংসাৰ দাবানল; 55 টা সেনাৰ গোট মোতায়েন

By

Published : May 4, 2023, 5:52 PM IST

Updated : May 4, 2023, 7:12 PM IST

মণিপুৰত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি কৰাৰ হেতুকে মণিপুৰত মুঠ ৫৫ টা সেনাবাহিনীৰ গোট মোতায়েন কৰা হৈছে (Army staged a flag march in violence hit Manipur) ৷

55-army-units-deployed-in-manipur
55 টা সেনা গোট মোতায়েন

তেজপুৰ, ৪ মে' : হিংসাৰ দাবানলত জ্বলিছে মণিপুৰ (Violence hit Manipur)। মণিপুৰৰ বিশেষকৈ চুৰাচান্দপুৰ, ইম্ফল, কেপিআইৰ অঞ্চলত সৃষ্টি হৈছে হিংসাত্মক পৰিস্থিতি ৷ বুধবাৰে নিশা প্ৰায় ১০ হাজাৰৰো অধিক মণিপুৰৰ স্থানীয় লোকৰ ঘৰ ম্যানমাৰৰ কুকি শৰণাৰ্থীয়ে জ্বলাই দিয়ে । ম্যানমাৰ কুকি উগ্ৰপন্থীৰ লগতে ATSUM ৰ ম্যানমাৰৰ সমৰ্থনত এই ঘটনাৰ সংঘটিত কৰা বুলি জানিব পৰা গৈছে । বৰ্তমানেও বহু ঘৰ অগ্নিদগ্ধ হৈ থকা দেখিবলৈ পোৱা গৈছে । বৰ্তমান নিয়ন্ত্ৰণৰ বাহিৰ হৈছে মণিপুৰৰ পৰিস্থিতি ৷

ইতিমধ্যে মণিপুৰৰ হিংসাত্মক পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ মোতায়েন কৰা হৈছে সেনা জোৱানসহ অসম ৰাইফলছক ৷ আনকি বৃহস্পতিবাৰে পুৱা হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি কৰাৰ হেতুকে মণিপুৰত সেনাই ফ্লেগ মাৰ্চ বাহিৰ কৰে (Army staged a flag march in violence hit Manipur) ৷ ইতিমধ্যে কাংপকপি জিলাত সংঘৰ্ষত ১১ জন লোক গুৰুতৰভাৱে আহত হোৱাৰ লগতে দুজন লোক গুলীবিদ্ধ হোৱাৰ খবৰ পোৱা গৈছে ।

ইতিমধ্যে মণিপুৰত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ মুঠ ৫৫ টা সেনাবাহিনীৰ গোটে হিংসা জৰ্জৰিত অঞ্চলসমূহত ফ্লেগ মাৰ্চ কৰি আছে (55 army units deployed in Manipur) । সেনাই বুধবাৰৰ নিশাৰ পৰা বৃস্পতিবাৰে দিনৰ ভাগলৈ ১০ হাজাৰ লোকক নিৰাপদ স্থানত আশ্ৰয় প্ৰদান কৰিছে । অনাগত দিনত পৰিস্থিতি ভয়াবহ হ’লে মোতায়েন কৰিব পৰাকৈ অতিৰিক্ত ১৪ টা সেনা বাহিনীৰ গোট সাজু কৰি ৰখা হৈছে ।

মণিপুৰত সেনাৰ ফ্লেগমাৰ্চ

ইতিমধ্যে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ লগত পৰিস্থিতি সন্দৰ্ভত টেলিফোনযোগে ঘটনাৰ সবিশেষ তথ্য লৈছে আৰু শান্তি শৃংখলা বৰ্তাই ৰখাৰ বাবে আহ্বান জনাইছে (Amit Shah speaking to Manipur CM) । আনহাতে আকাশ মাৰ্গাৰে ৰাজ্যখনৰ পৰিস্থিতিৰ বুজ লোৱা বুলি জানিব দিছে প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰ লেঃ কৰ্ণেল মহিন্দ্ৰ ৰাৱাটে । সেনাই সংঘৰ্ষৰ জৰ্জৰিত অঞ্চলৰ পৰা চি চি পো লৈ ৫০০০, ইম্ফল লৈ ২০০০ আৰু মৰেহলৈ ২০০০ লোকক স্থানান্তৰ কৰি আশ্ৰয় প্ৰদান কৰিছে বুলি জানিবলৈ দিছে ৷ আগন্তুক সময়ত এই সংখ্যা বৃদ্ধি পোৱাৰ যথেষ্ট আশংকা আছে (Manipur tense situation news) ।

আনহাতে কাষৰীয়া ৰাজ্য মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰাম থাংগাই (Mizoram CM Joram Thnaga) ঘটনা সন্দৰ্ভত মণিপুৰৰ মুখ্যমন্ত্ৰীলৈ আজি এক পত্ৰ প্ৰেৰণ কৰি জনায় যে, দুয়োখন ৰাজ্যই ইতিমধ্যে গভীৰ সমস্যাৰ সৈতে যুজঁ দি আহিছে ৷ তাৰ মাজতে মেইটেয়েই সম্প্ৰদায় আৰু জনজাতীয় লোকসকলৰ মাজত হোৱা এই সংঘাতে ম্যানমাৰ আৰু বাংলাদেশৰ অনুপ্ৰৱেশৰ দ্বাৰা সুবিধা গ্ৰহণ কৰাৰ সম্ভাৱনা প্ৰকট । গতিকে ৰাজ্যৰ বিভিন্ন ৰাজনৈতিক দলসমূহক একেলগ হৈ এক সমাধানসূত্ৰ উলিয়াবলৈ অনুৰোধ জনায় (Manipur violence updates)।

অশান্ত মণিপুৰত গৃহহাৰা সহস্ৰাধিক লোক

মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে, এই সংঘাট অতি দুখজনক । আনহাতে সেনাৰ তৎপৰতাৰ মাজতে হিংসাত্মক কাৰ্য পুনৰ সংঘটিত হৈ আছে । কুকি বিদ্ৰোহীসকলে দোকানসমূহৰ পৰা লুট পাত আৰম্ভ কৰিছে ৷ কুকি বিদ্ৰোহীসককলে হাতত মাৰণাস্ত্ৰ লৈ ৰাজপথত সাধাৰণ লোককো অত্যাচাৰ চলাইছে (Tension grips Manipur)।

আনহাতে, মণিপুৰৰ কেইবাখনো জিলাত জনজাতীয় গোটসমূহে সমদল উলিওৱাৰ পিছত আইন-শৃংখলাৰ অৱনতি হোৱা পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ ৰাজ্য চৰকাৰে ৰাজ্যখনত পাঁচ দিনৰ বাবে মোবাইল ইণ্টাৰনেট সেৱা স্থগিত ৰাখিছে (mobile internet suspended in Manipur) । ইয়াৰ উপৰি বৃহৎ সমাবেশৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰাৰ লগতে ৰাজ্যখনৰ কেইবাখনো জিলাত নিশাৰ সান্ধ্যআইন জাৰি কৰা হৈছে (Night curfew imposed in Manipur) ।

লগতে পঢ়ক:Kharge over Manipur violence : বিজেপিৰ ঘৃণা আৰু বিভাজনৰ ৰাজনীতি দায়ী; মণিপুৰৰ হিংসা সন্দৰ্ভত খাৰ্গে

Last Updated :May 4, 2023, 7:12 PM IST

ABOUT THE AUTHOR

...view details