অসম

assam

Assam floods 2022: অসমৰ বানাক্ৰান্তলৈ টুইটযোগে সমবেদনা ৰাহুল গান্ধীৰ

By

Published : Jun 23, 2022, 10:52 PM IST

বৃহস্পতিবাৰে ৰাজ্যখনৰ 32 খন জিলাৰ 112 টা ৰাজহ চক্ৰৰ 4,941 খন গাঁও বানৰ কৱলত পৰিছিল আৰু 12 জন লোকৰ মৃত্যু হৈছিল ৷ বানত এই পৰ্যন্ত প্ৰায় 54,57,601 লাখ লোক ক্ষতিগ্ৰস্ত হৈছে আৰু 99,026 হেক্টৰ কৃষিভূমি ৷ এতিয়াও বিপদসীমাৰ ওপৰেদি বৈছে ব্ৰহ্মপুত্ৰ, কপিলী আৰু দিছাং নৈৰ জলস্তৰ ৷

অসমৰ বানাক্ৰান্তলৈ টুইটযোগে সমবেদনা ৰাহুল গান্ধীৰ
অসমৰ বানাক্ৰান্তলৈ টুইটযোগে সমবেদনা ৰাহুল গান্ধীৰ

নিউজ ডেস্ক, 23 জুন : কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে অসমত বানত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি শোক প্ৰকাশ কৰে আৰু দলীয় কৰ্মীসকলক উদ্ধাৰ আৰু পুন সংস্থাপন অভিযানত সহায় আগবঢ়োৱা অব্যাহত ৰাখিবলৈ আহ্বান জনায় । উল্লেখ্য যে, সম্প্ৰতি অসমত বান পৰিস্থিতিয়ে ভয়াবহ ৰূপ ধাৰণ কৰিছে ৷

বৃহস্পতিবাৰে ৰাজ্যখনৰ 32 খন জিলাৰ 112 টা ৰাজহ চক্ৰৰ 4,941 খন গাঁও বানৰ কৱলত পৰিছিল আৰু 12 জন লোকৰ মৃত্যু হৈছিল ৷ বানত এই পৰ্যন্ত প্ৰায় 54,57,601 লাখ লোক ক্ষতিগ্ৰস্ত হৈছে আৰু 99,026 হেক্টৰ কৃষিভূমি ৷ এতিয়াও বিপদসীমাৰ ওপৰেদি বৈছে ব্ৰহ্মপুত্ৰ, কপিলী আৰু দিছাং নৈৰ জলস্তৰ ৷ যাৰবাবে দৈনিক প্লাৱিত হৈছে ন ন অঞ্চল ।

এনে সময়তে বৃহস্পতিবাৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে টুইট কৰি অসমৰ বান পৰিস্থিতিক লৈ শোক প্ৰকাশ কৰে ৷ তেওঁ টুইটটোত কয় য়ে, অসমত থকা আমাৰ ভাই-ভনীসকলে বানৰ সন্মুখীন হোৱাৰ প্ৰতি মোৰ সমবেদনা থাকিল । শোকসন্তপ্ত পৰিয়াললৈ আন্তৰিক সমবেদনা জ্ঞাপন কৰিছো ৷

গান্ধীয়ে টুইটটোত লগতে কয় য়ে, "মই কংগ্ৰেছ কৰ্মী আৰু নেতাসকলক উদ্ধাৰ আৰু পুনসংস্থাপন অভিযানৰ বাবে সহায় আগবঢ়োৱা অব্যাহত ৰাখিবলৈ অনুৰোধ জনাইছো" ৷ কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী ভাদ্ৰাইও বানপানীৰ ফলত অসমৰ লাখ লাখ লোকৰ জীৱন প্ৰভাৱিত হোৱাৰ বাবে উদ্বেগ প্ৰকাশ কৰে আৰু তাত থকা লোকসকলৰ সুৰক্ষাৰ বাবে প্ৰাৰ্থনা কৰে।

লগতে পঢ়ক :বিধায়ক কিনা-বেচা বন্ধ কৰাৰ দাবীত TMCৰ উত্তাল প্ৰতিবাদ

ABOUT THE AUTHOR

...view details