অসম

assam

ECI to referee NCP vs NCP : দলৰ নাম আৰু প্ৰতীকৰ দাবীৰে নিৰ্বাচন আয়োগক আবেদন অজিত পাৱাৰৰ

By

Published : Jul 5, 2023, 5:21 PM IST

মহাৰাষ্ট্ৰত চলি থকা এনচিপি বনাম এনচিপি যুঁজৰ মাজত সোমাবলগীয়া হৈছে দেশৰ নিৰ্বাচন আয়োগ । অজিত পাৱাৰৰ নেতৃত্বাধীন গোটৰ প্ৰতিনিধিয়ে দলৰ নাম আৰু প্ৰতীকৰ দাবী কৰিছে । আনহাতে, জয়ন্ত পাটিলে সতৰ্কবাণী দি নিৰ্বাচন আয়োগক অৱগত কৰিছে যে বিদ্ৰোহী নেতাসকলৰ বিৰুদ্ধে অযোগ্যতাৰ প্ৰক্ৰিয়া চলি আছে ।

ECI to referee NCP vs NCP
ECI to referee NCP vs NCP

নিউজ ডেস্ক, ৫ জুলাই : দলৰ নেতাসকলৰ বিদ্ৰোহৰ পিছত মহাৰাষ্ট্ৰত চলি আছে নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টীৰ ভিতৰত পাৱাৰ বনাম পাৱাৰ ক্ষমতাৰ যুঁজ । তাৰ মাজতে ভাৰতৰ নিৰ্বাচন আয়োগে বুধবাৰে কয় যে এনচিপি নাম আৰু দলৰ প্ৰতীকৰ দাবী কৰা এখন আবেদন অজিত পাৱাৰৰ পৰা লাভ কৰিছে ।

একে সময়তে আয়োগে কয় যে মহাৰাষ্ট্ৰ ৰাজ্যিক এনচিপিৰ সভাপতি জয়ন্ত পাটিলৰ পৰাও এটা ইমেইল লাভ কৰিছে । তাত ২ জুলাইত মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা মহাৰাষ্ট্ৰ বিধানসভাৰ নজন বিদ্ৰোহী সদস্যক অযোগ্য ঘোষণা কৰাৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষৰ ওচৰত অযোগ্যতাৰ প্ৰক্ৰিয়া দাখিল কৰা হৈছে বুলি অৱগত কৰি এক সতৰ্কবাণী দাখিল কৰা হৈছে ।

"নিৰ্বাচন আয়োগে ৩০ জুন, ২০২৩ তাৰিখে অজিত পাৱাৰৰ পৰা প্ৰতীক আদেশ, ১৯৬৮-ৰ ধাৰা ১৫-ৰ অধীনত এখন আবেদন লাভ কৰিছে আৰু তাৰ পিছত ৩০ জুন, ২০২৩ তাৰিখৰ সাংসদ/বিধায়ক/এমএলচিৰ ৪০ খন শপতনামা (৫ জুলাই, ২০২৩ তাৰিখে আয়োগে লাভ কৰা) আৰু এনচিপিৰ সভাপতি হিচাপে সৰ্বসন্মতভাৱে অজিত পাৱাৰক নিৰ্বাচিত কৰাৰ এক প্ৰস্তাৱ লাভ কৰিছে ।" নিৰ্বাচন আয়োগে কয় ।

তাত লগতে কোৱা হৈছে, "মহাৰাষ্ট্ৰ ৰাজ্যিক এনচিপিৰ সভাপতি জয়ন্ত আৰ পাটিলৰ পৰা নিৰ্বাচন আয়োগে ৩ জুলাই, ২০২৩ তাৰিখে এটা ই-মেইল লাভ কৰিছে । আয়োগে জয়ন্ত আৰ পাটিলৰ (একেদিনাই) এখন পত্ৰও লাভ কৰিছে, য'ত অৱগত কৰা হৈছে যে মহাৰাষ্ট্ৰ বিধানসভাৰ ৯ জন সদস্যক অযোগ্য ঘোষণা কৰাৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষৰ সন্মুখত অযোগ্যতাৰ প্ৰক্ৰিয়া দাখিল কৰা হৈছে ।" "নিৰ্বাচন আয়োগে আইনী আন্তগাঁথনি অনুসৰি ব্যৱস্থা গ্ৰহণ কৰিব ।" আয়োগে লগতে কয় ।

উল্লেখ্য, এনচিপিৰ পৰা দলত্যাগ কৰা আন আঠজন বিধায়কৰ সৈতে অজিত পাৱাৰে ২ জুনত মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে । তেতিয়াৰে পৰা অজিতে দাবী কৰি আহিছে যে এনচিপিৰ বেছিভাগ নেতাই তেওঁক সমৰ্থন কৰি আছে । আনহাতে, তেওঁৰ খুৰাক তথা দলৰ সৰ্বোচ্চ নেতা শৰদ পাৱাৰে তেওঁক দল বিভাজনৰ বাবে সমালোচনা কৰিছে । বুধবাৰে মহাৰাষ্ট্ৰত শৰদ পাৱাৰ আৰু অজিত পাৱাৰ গোটৰ একেলগে বৈঠক অনুষ্ঠিত হৈছে ।

লগতে পঢ়ক :Maharashtra Political Crisis : শৰদ পাৱাৰ বনাম অজিত পাৱাৰ; মুম্বাইত দুই নেতাৰ পৃথক সভা

ABOUT THE AUTHOR

...view details