অসম

assam

Yogi in Godhara: গোধৰাকাণ্ডৰ পিছত দেশত পৰিৱৰ্তন হৈছে: যোগী আদিত্যনাথ

By

Published : Nov 30, 2022, 3:16 PM IST

বুধবাৰে পঞ্চমহল জিলাৰ গোধৰাত ৰোড শ্ব’ৰ অন্তত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে এখন বৈঠকত অংশ লয় (Yogi Adityanath roadshow in Gujrat)। যোগীয়ে বৈঠকত কয় যে, গোধৰাকাণ্ডৰ পিছত দেশত পৰিৱৰ্তন হৈছে ।

Yogi in Godhara
Yogi in Godhara

নিউজ ডেস্ক, 30 নৱেম্বৰ: গুজৰাট বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি এতিয়া সমগ্ৰ দেশৰ ৰাজনৈতিক মহলৰ দৃষ্টি নিবদ্ধ হৈ আছে ৰাজ্যখনত ৷ অহা 1 ডিচেম্বৰত অনুষ্ঠিত হ’ব প্ৰথম পৰ্যায়ৰ গুজৰাট বিধানসভা নিৰ্বাচন ৷ প্ৰথম পৰ্যায়ত 35 খন আসনত মুঠ 281 গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হৈছে (Gujarat assembly election Phase I) । বৃহস্পতিবাৰে পুৱা 8 বজাৰ পৰা বিয়লি 5 বজালৈ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব । দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ’ব অহা 5 ডিচেম্বৰত ৷ দ্বিতীয় পৰ্যায়ৰ বাবে জোৰদাৰ গতিত চলি আছে নিৰ্বাচনী প্ৰচাৰ (Gujarat election campaign)৷

বুধবাৰে পঞ্চমহল জিলাৰ গোধৰাত ৰোড শ্ব’ৰ অন্তত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে এখন বৈঠকত অংশ লয় । আদিত্যনাথৰ ৰোড শ্ব’ত জয় শ্ৰী ৰামৰ শ্লোগান দিয়া দেখা যায় । আনহাতে, যোগীয়ে বৈঠকত কয় যে, গোধৰা কাণ্ডৰ পিছত দেশত পৰিৱৰ্তন হৈছে । গোধৰা বিধানসভা আসনৰ বিজেপি প্ৰাৰ্থী চি কে ৰাউলজীৰ হৈ প্ৰচাৰ চলোৱাৰ বাবে যোগী আদিত্যনাথে গোধৰাত ৰোড শ্ব’ত অংশ লৈছিল (Yogi Adityanath roadshow in Gujrat) ।

চৰ্দাৰনগৰৰ পৰা চাৰ্চ চাৰ্কল, পাঞ্জৰাপোলে কলাল দৰৱাজাৰ পৰা লালবাগ হিল খেলপথাৰলৈকে এই ৰোডশ্ব' অনুষ্ঠিত হয় ৷ তাৰ পিছত লালবাগ হিল খেলপথাৰত ৰাজহুৱা সভা অনুষ্ঠিত হয় । সভাত যোগী আদিত্যনাথে ২০০২ চনত সংঘটিত সাবৰমতী এক্সপ্ৰেছ হত্যাকাণ্ডৰ বিষয়টো উত্থাপন কৰে । গোধৰাক বলিদানৰ ভূমি বুলি কোৱা হয় ।

সভাত যোগীয়ে কয় যে, গোধৰাৰ ৰামভক্তসকলে অযোধ্যাৰ ৰাম মন্দিৰৰ বাবে বলিদানৰ কথা কৈছিল । ৰাম মন্দিৰত গোধৰাৰ ৰামভক্তসকলৰ লগতে জনসাধাৰণৰ বিশ্বাসক সন্মান জনোৱা হয় । যোগীয়ে তেওঁৰ ভাষণত আৰু কয় যে, গোধৰাৰ বলিদানৰ পিছত দেশত পৰিৱৰ্তন ঘটিছে । অভিলেখ ব্যৱধানত বিজেপি জয়ী হোৱাটো নিশ্চিত কৰিবলৈ যোগীয়ে ৰাইজক আহ্বান জনায় (Historic Godhra violence)।

ভাষণত যোগীয়ে আপ আৰু কংগ্ৰেছক তীব্ৰ সমালোচনা কৰে । সমীক্ষা অনুসৰি গুজৰাটত বিজেপিৰ বৃহৎ জয় হ’ব আৰু বিজেপিৰেই চৰকাৰ গঠন হ’ব বুলি তেওঁ উল্লেখ কৰে ৷ কংগ্ৰেছ আৰু আম আদমী পাৰ্টিৰ ক্ষমতা হ’লে অযোধ্যাত কেতিয়াও ৰাম মন্দিৰ নিৰ্মাণ নহ’লহেঁতেন বুলিও কয় যোগী আদিত্য নাথে ।

ডাভয়ত এখন সভাত ভাষণ দি যোগীয়ে উত্তৰ প্ৰদেশ বিধানসভাত মাত্ৰ দুখন আসন থকা বুলি কংগ্ৰেছক ঠাট্টা-মস্কৰা কৰে । যোগীয়ে কয়, ‘‘শেষ ৰীতি-নীতিতো চাৰিজন মানুহৰ প্ৰয়োজন । কংগ্ৰেছৰ মাত্ৰ দুখন আসনহে আছে’’ ।

লগতে পঢ়ক:Gujarat phase 1 poll: 95,63,000 গৰাকী ভোটাৰে নিৰ্ণয় কৰিব 281 গৰাকী প্ৰাৰ্থীৰ ভাগ্য

ABOUT THE AUTHOR

...view details