অসম

assam

হয়বৰগাঁও ৰে’ল ষ্টেচন পুনৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন, প্ৰাক্তন ৰে’লমন্ত্ৰীৰ অসন্তুষ্টি

By ETV Bharat Assamese Team

Published : Feb 26, 2024, 4:54 PM IST

হয়বৰগাঁও ৰে’ল ষ্টেচনত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোঁহাই

নগাঁও, 26 ফেব্ৰুৱাৰী : সোমবাৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ডিজিটেল মাধ্যমেৰে আধাৰশিলা স্থাপন কৰে দেশৰ 554 টা ৰে’ল ষ্টেচনৰ ৷ দেশৰ আন আন প্ৰান্তৰ লগতে অসমৰ মুঠ 32 টা ৰে’ল ষ্টেচনৰো আধাৰশিলা স্থাপন কৰে প্ৰধানমন্ত্ৰীয়ে ৷ অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত দেশৰ অন্যান্য ৰে’ল ষ্টেচনৰ লগতে নগাঁৱৰ হয়বৰগাঁও ৰে’ল ষ্টেচনৰো নতুন ৰূপ দিয়াৰ উদ্দেশ্যেৰে স্থাপন কৰা হয় আধাৰশিলা ৷ আধাৰশিলা স্থাপনৰ সময়ত নগাঁও হয়বৰগাঁও ৰে’ল ষ্টেচনত উপস্থিত থাকে প্ৰাক্তন কেন্দ্ৰীয় ৰে’ল ৰাজ্যিক মন্ত্ৰী ৰাজেন গোঁহাই ৷

হয়বৰগাঁও ৰে’ল ষ্টেচন আধুনিকৰণৰ লগতে নতুনকৈ নিৰ্মাণ কৰিবলৈ আধাৰশিলা স্থাপন কৰাত কিছু অসন্তুষ্টি ব্যক্ত কৰিছে প্ৰাক্তন কেন্দ্ৰীয় ৰে’ল ৰাজ্য মন্ত্ৰী ৰাজেন গোঁহায়ে ৷ হয়বৰগাঁও ৰে’ল ষ্টেচনৰ বিপৰীতে ৰাজেন গোহাঁইৰ কাৰ্যকালতে আৰম্ভ হোৱা দূৰণিবটীয়া ৰে’ল সেৱা নগাঁও চহৰৰ মৰিকলংস্থিত নগাঁও ষ্টেচনৰ পৰা চলাচল কৰাৰ কথা ব্যক্ত কৰি নগাঁও ৰে’ল ষ্টেচন নতুনকৈ নিৰ্মাণ কৰাটো গুৰুত্বপূৰ্ণ আছিল বুলি দাবী কৰিলে ৰাজেন গোহাঁয়ে ৷ আধাৰশিলা স্থাপনৰ সময়ত হয়ৰবগাওঁ ষ্টেচনত প্ৰাক্তন ৰে’ল মন্ত্ৰী ৰাজেন গোহাঁইৰ উপৰিও ৰে’ল বিভাগৰ বহু বিষয়া উপস্থিত থাকে ৷

ABOUT THE AUTHOR

...view details