অসম

assam

আছু-এন এছ ইউ আইৰ বিৰুদ্ধে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ প্ৰতিবাদ - ABVP protest in Barpeta

By ETV Bharat Assamese Team

Published : Mar 21, 2024, 3:30 PM IST

Updated : Mar 21, 2024, 4:18 PM IST

আছু আৰু NSUI ৰ বিৰুদ্ধে ABVP ৰ প্ৰতিবাদ

বৰপেটা, ২১ মাৰ্চ : বৰপেটা চহৰৰ মাজমজিয়াত বৃহস্পতিবাৰে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ যোৱা 18 মাৰ্চত গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদত বিশ্ববিদ্যালয়ৰ ছাত্ৰৰ দলে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ এক অনুষ্ঠানত বাধা প্ৰদান কৰাৰ লগতে মা কামাখ্যা, লাচিত বৰফুকনৰ ফটো সম্বলিত বেনাৰ, হৰ্ডিং, গেৰুৱা পতাকা জ্বলাই দিয়া কাৰ্যৰ বিৰুদ্ধে এই প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ সংগঠনটোৱে ৷

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে বৰপেটা চহৰৰ মাজেৰে জিলা উপায়ুক্ত কাৰ্যালয়লৈ সমদল উলিয়াই এই দুষ্কাৰ্যত জড়িত থকা আছু আৰু এন এছ ইউ আইৰ সদস্যসকলক গ্ৰেপ্তাৰৰ দাবীত ৰাজ্যপাললৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে ৷ অন্যথা আছু আৰু এন এছ ইউ আইৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ গঢ়ি তোলা হ’ব বুলি সকীয়নি দিয়ে প্ৰতিবাদকাৰীসকলে ৷

লগতে পঢ়ক: 'নিয়া'ই বিচাৰি ফুৰা ISIS ৰ দুই দুধৰ্ষ শীৰ্ষ নেতা ধৰা পৰিল ধুবুৰীত

Last Updated :Mar 21, 2024, 4:18 PM IST

ABOUT THE AUTHOR

...view details