অসম

assam

বতৰে বিধি-পথালি দিব লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণত ! - ASSAM ne Weather report

By ETV Bharat Assamese Team

Published : Apr 17, 2024, 12:21 PM IST

Weather report: আগন্তুক 4 দিনলৈ ধাৰাসাৰ বৰষুণৰ আগজাননী বতৰ বিজ্ঞান কেন্দ্ৰৰ ৷ অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ কিছুমান ৰাজ্যৰ কিছু স্থানত ধুমুহাৰ উপৰিও বিজুলী-ঢেৰেকনিৰে ধাৰাসাৰ বৃষ্টিপাত হোৱাৰ সম্ভাৱনা অনাগত 4 দিনত ।

5 days weather forecast for ASSAM NE by regional meteorological centre guwahati
প্ৰতিকূল বতৰে বিধি পথালি দিয়াৰ সম্ভাৱনা সমাগত লোকসভা নিৰ্বাচনত

প্ৰতিকূল বতৰে বিধি পথালি দিয়াৰ সম্ভাৱনা সমাগত লোকসভা নিৰ্বাচনত

গুৱাহাটী, 17 এপ্ৰিল:প্ৰতিকূল বতৰে বিধি পথালি দিয়াৰ সম্ভাৱনা লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণত ৷ বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগন্তুক 4 দিনলৈ ৰাজ্যত ধাৰাসাৰ বৰষুণ হোৱাৰ আগজাননী দিছে । উল্লেখ্য যে, ৰাজ্যত এতিয়া বলিছে নিৰ্বাচনী বতাহ ৷ 19 এপ্ৰিলত ডিব্ৰুগড়, যোৰহাট, কাজিৰঙা, লখিমপুৰ আৰু শোণিতপুৰ লোকসভা সমষ্টিত লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব ৷ উক্ত দিনা প্ৰৱল বৰষুণে ভোটগ্ৰহণৰ ক্ষেত্ৰত বিধি-পথালি দিয়াৰ সম্ভাৱনা ব্যক্ত কৰিছে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ।

সাগৰপৃষ্ঠত উৎপত্তি হোৱা ধুমুহাৰ ফলত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যবোৰত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ।আজি অৰ্থাৎ 17 এপ্ৰিল বুধবাৰে অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ কিছুমান ৰাজ্যৰ কিছু স্থানত 30/40 কিলোমিটাৰ গতিবেগত ধুমুহাৰ উপৰিও বিজুলী-ঢেৰেকনিৰে ধাৰাসাৰ বৃষ্টিপাত হোৱাৰ সম্ভৱনা আছে । সমান্তৰালভাবে, অহা 18 এপ্ৰিল বৃহস্পতিবাৰ আৰু 19 এপ্ৰিল শুকুৰবাৰে অৰ্থাৎ ভোটগ্ৰহণৰ দিনা ৰাজ্যৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ কিছু ৰাজ্যৰ কিছু অংশত ধাৰাসাৰ বৰষুণৰ লগতে বিজুলী ঢেৰেকনি অহাৰ সম্ভাৱনা আছে ।

আনহাতে 20 এপ্ৰিলত অসম-মেঘালয়ৰ কিছু কিছু ঠাইত 30/40 কিলোমিটাৰ গতিবেগত ধুমুহা অহাৰ লগতে বিজুলী-ঢেৰেকনিৰ সৈতে ধাৰাসাৰ বৰষুণৰ অহাৰ সম্ভাৱনা আছে । কিন্তু উত্তৰ-পূৰ্বাঞ্চলৰ অইন ৰাজ্যকেইখনত ধুমুহা নাহে যদিও 20 এপ্ৰিলৰ দিনাখন অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ কিছু ঠাইত বিজুলী-ঢেৰেকনিৰ সৈতে ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে । এই আগজাননী সদৰী কৰে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ।

লগতে পঢ়ক:মেঘে ওন্দোলাই আনিছে ব’হাগৰ আকাশ; বিজুলী-ঢেৰেকনিৰে বৰষুণৰ সম্ভাৱনা - Assam Weather forecast

ABOUT THE AUTHOR

...view details