অসম

assam

বেলেগৰ নথি-পত্ৰৰে উজ্জ্বলা আঁচনিৰ গেছৰ সংযোগ লোৱাৰ গুৰুতৰ অভিযোগ

By ETV Bharat Assamese Team

Published : Mar 4, 2024, 10:46 AM IST

Pradhan Mantri Ujjwala Yojana :ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ নামত কেলেংকাৰী সংঘটিত হৈছে ৷ এইবাৰ বেলেগৰ ভোটাৰ কাৰ্ড, ৰেচন কাৰ্ড আৰু আধাৰ কাৰ্ডৰে উজ্জ্বলা আঁচনিৰ গেছ সংযোগ ল’লে ৰঙিয়াৰ এগৰাকী মহিলাই ৷

ujjwala yojana
বেলেগৰ নথি-পত্ৰৰে উজ্জ্বলা আঁচনিৰ গেছৰ সংযোগ লোৱাৰ গুৰুতৰ অভিযোগ

বেলেগৰ নথি-পত্ৰৰে উজ্জ্বলা আঁচনিৰ গেছৰ সংযোগ লোৱাৰ গুৰুতৰ অভিযোগ

ৰঙিয়া, 4 মাৰ্চ : কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে গ্ৰহণ কৰা বহু অভিলাষী আঁচনি এতিয়া একাংশ দুষ্টচক্ৰৰ বাবে খিৰতী গাইলৈ পৰিণত হৈছে ৷ একাংশৰ বাবে এয়া ধন ঘটনাৰ আহিলা হৈ উঠিছে । ইতিমধ্যে ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ নামত একাংশ দুষ্ট চক্ৰই কেলেংকাৰী কৰাৰ তথ্য পোহৰলৈ আহিছে ।

এইবাৰ বেলেগৰ ভোটাৰ কাৰ্ড, ৰেচন কাৰ্ড আৰু আধাৰ কাৰ্ডৰে উজ্জ্বলা আঁচনিৰ গেছ সংযোগ ল’লে ৰঙিয়াৰ এগৰাকী মহিলাই ৷ এই ঘটনাটো সংঘটিত হৈছে ৰঙিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত কণিহা শিমলুৱা অঞ্চলত । জানিব পৰা মতে কনিহা গাঁৱৰ অৰ্চনা দেৱী নামৰ মহিলাগৰাকীয়ে একে কঞ্চলৰ সুৰভি ডেকা কলিতাৰ পৰা সঞ্চয় খুলিবলৈ বুলি নথি-পত্ৰসমূহ লৈ গৈছিল । কিন্তু পিচত সঞ্চয় খুলা নহ’ব বুলি কোৱাত কথাটো সিমানতে তল পৰে ।

পিচে তিনি মাহ পূৰ্বে সুৰভি ডেকা কলিতাই নতুন ৰেচন কাৰ্ড লাভ কৰাৰ পিচতহে আচল কথাটো ওলাই পৰে । ৰেচন কাৰ্ড লাভ কৰি মহিলাগৰাকীয়ে ৰঙিয়াৰ বীণাপানী গেছ এজেঞ্চীত নতুনকৈ উজ্জ্বলাৰ সংযোগ লবলৈ যোগাযোগ কৰে যদিও এজেঞ্চীয়ে মহিলাগৰাকীক জানিবলৈ দিয়ে যে তেওঁৰ নামত ২০২২ চনতেই নলবাৰীৰ ঘগ্ৰাপাৰৰ মা পদ্মা গেছ এজেঞ্চীৰ পৰা উজ্জ্বলা আঁচনিৰ জৰিয়তে বিনামূলীয়া গেছৰ সংযোগ লৈ থোৱা আছে ।

এই সকলো কথা গম পাই মহিলাগৰাকীৰ মূৰত সৰগ ভাগি পৰে । এতিয়া উপায়বিহীন হৈ বিষয়টো সন্দৰ্ভত ইতিমধ্যে সুৰভি ডেকা কলিতাই ৰঙিয়া আৰক্ষী থানাত গোচৰ ৰুজু কৰিছে ৷ আৰক্ষীয়ে ইতিমধ্যে এই বিষয়ে তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে ৷ পৰিয়ালটোৱে এতিয়া বিপাঙত পৰিছে ৷

লগতে পঢ়ক:Pradhan Mantri Ujjwala Yojana: আমগুৰিত প্ৰধানমন্ত্ৰী উজ্বলা যোজনাৰ নামত দুষ্টচক্ৰৰ ধন সংগ্ৰহ

ABOUT THE AUTHOR

...view details