ETV Bharat / politics

কৰিমগঞ্জত ভোটৰ সংখ্য়াক লৈ ব্যাপক খেলিমেলিৰ অভিযোগ; পুনৰ নিৰ্বাচনৰ দাবী কংগ্ৰেছৰ - LS Polls 2024 results

author img

By ETV Bharat Assamese Team

Published : Jun 10, 2024, 10:23 PM IST

Congress demands re-election: কৰিমগঞ্জ লোকসভা সমষ্টিত পুনৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবী কংগ্ৰেছৰ ৷ কৰিমগঞ্জ লোকসভা সমষ্টিৰ ফলাফলৰ বিৰুদ্ধে আদালতৰ দ্বাৰস্থ হ'ব কংগ্ৰেছ প্ৰাৰ্থী হাফিজ ৰছিদ আহমেদ চৌধুৰী ৷

LS Polls 2024 results
Congress demands re-election (ETV Bharat Assam)

গুৱাহাটী, ১০ জুন: কৰিমগঞ্জ লোকসভা সমষ্টিৰ ভোট গণনা সম্পৰ্কত খেলিমেলিৰ তথ্য পোহৰলৈ আহিছে । সমষ্টিটোত কেইবাহেজাৰ অতিৰিক্ত ভোট গণনাৰ তথ্য পোৱা গৈছে । সমষ্টিটোৰ নিৰ্বাচনৰ সময়ত ইভিএমত পৰা ভোট আৰু ভোট গণনাৰ সময়ত গণনা কৰা ভোটৰ সংখ্যাৰ মাজত বিসংগতি দেখা গৈছে । ই ভি এমত কেনেকৈ অতিৰিক্ত ভোট ওলাল তাক লৈ ব্যাপক চৰ্চা হৈছে ।

কৰিমগঞ্জত পুনৰ নিৰ্বাচনৰ দাবী কংগ্ৰেছৰ (ETV Bharat Assam)

যাৰ বাবে কৰিমগঞ্জ লোকসভা সমষ্টিৰ ফলাফলৰ বিৰুদ্ধে আদালতৰ দ্বাৰস্থ হ'ব কংগ্ৰেছে । সোমবাৰে গুৱাহাটীত অনুষ্ঠিত এখন‌ সংবাদমেলত কৰিমগঞ্জ লোকসভা সমষ্টিটোৰ কংগ্ৰেছৰ পৰাজিত প্ৰার্থী হাফিজ ৰছিদ আহমেদ চৌধুৰীয়ে এই কথা ঘোষণা ‌কৰে । তেওঁ লগতে কৰিমগঞ্জ লোকসভা সমষ্টিত পুনৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে দেশৰ নিৰ্বাচন আয়োগক দাবী কৰে ।

লগতে পঢ়ক: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাবেহে পৰাজিত হ’ল বিৰোধী ঐক্যৰ প্ৰাৰ্থী লুৰীণজ্যোতি গগৈ ! - Dibrugarh Lok Sabha constituency

উল্লেখ্য যে কৰিমগঞ্জ লোকসভা সমষ্টিৰ অন্তৰ্গত পাথাৰকান্দি, হাইলাকান্দি, আলগাপুৰ, কাটলিচেৰা, উত্তৰ কৰিমগঞ্জ, দক্ষিণ কৰিমগঞ্জ, ৰামকৃষ্ণ নগৰ বিধানসভা সমষ্টিৰ ই ভি এমত ভোটাৰে দিয়া ভোট আৰু ই ভি এমৰ ভোট গণনাত ওলোৱা ভোটত ব্যাপক অমিল দেখা গৈছে । নিৰ্বাচন আয়োগৰ ভুলৰ বাবে নে সঁচা অৰ্থত এনে খেলিমেলি হৈছে , সেয়া এতিয়াও ৰহস্য হৈ আছে ।

এই সন্দৰ্ভত নিৰ্বাচন আয়োগে কোনো কথা স্পষ্ট কৰা নাই । সংবাদমেলত হাফিজ ৰছিদ আহমেদ চৌধুৰীয়ে অভিযোগ কৰি কয় যে কৰিমগঞ্জ লোকসভা সমষ্টিত নিৰ্বাচনী প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ দিনৰে পৰা নিৰ্বাচন আয়োগৰ ৰিটাৰ্নিং অফিচাৰ হিচাপে কৰিমগঞ্জ জিলাৰ উপায়ুক্তগৰাকী আৰু জিলা প্ৰশাসনে কংগ্ৰেছ দলৰ বিৰুদ্ধে আৰু বিজেপি দলৰ সপক্ষে বিভিন্ন ধৰণৰ পদক্ষেপ লৈ আহিছে । বিশেষকৈ নিৰ্বাচনকালীন অৱস্থাত কেইবাটাও ভোটগ্ৰহণ কেন্দ্ৰত দলবদ্ধ ৰিগিং হোৱাৰ অভিযোগ দাখিল কৰি নিৰ্বাচন আয়োগৰ হস্তক্ষেপ দাবী কৰা হৈছিল । কিন্তু কাৰ্য ক্ষেত্ৰত কৰিমগঞ্জ আৰু হাইলাকান্দি জিলা প্ৰশাসনে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰিলে ।

লগতে পঢ়ক: যোৰহাট লোকসভা সমষ্টিত চক্ৰবেহু ৰচনাত কি ভুল কৰিলে বিজেপিয়ে ? - LS polls 2024 results

এই সন্দৰ্ভত দুয়োখন জিলাৰ আৰক্ষী-প্ৰশাসনকো আপত্তি দৰ্শোৱা হৈছিল । তেওঁ কয়, ‘‘গুৰুত্বপূৰ্ণ কথা যে কৰিমগঞ্জ লোকসভা সমষ্টিত ই ভি এমত ১১,৩৬,৫৩৮টা ভোট প্ৰদান কৰা হৈছিল । কিন্তু ই ভি এমত সৰ্বমুঠ ভোট ১১,৪০,৩৪৯ টা ভোট গণনা কৰা হৈছে । অর্থাৎ ই ভি এমত প্ৰদান নোহোৱাকৈ অতিৰিক্তভাৱে ৩,৮১১ টা ভোট ক'ৰপৰা আহিল ? এই অতিৰিক্ত ভোট ই ভি এমত অতিৰিক্তভাৱে সোমাইছে নে নিৰ্বাচন আয়োগৰ তথ্যত খেলিমেলি হৈছে ? এই অতিৰিক্ত ভোট সম্পৰ্কত ব্যাপক ৰহস্যৰ সৃষ্টি হৈছে ।

তেওঁ পুনৰ কয়, ‘‘ভোট গণনা দিনাৰ বিশেষকৈ কেবাটাও প’লিং চেন্টাৰত কৰিমগঞ্জ ভোটৰ ব্যাপক খেলিমেলি হৈছে । উত্তৰ কৰিমগঞ্জৰ ইভিএমত ভোট পৰিছে ২১২৯৪১, ভোট গণনা হৈছে ২১৩৩৪৮ টা ভোটৰ । অর্থাৎ ই ভি এমত প্ৰদান নোহোৱাকৈ অতিৰিক্তভাৱে ভোট গণনা হৈছে ৪০৭ টা ।‌ পাথাৰকান্দি বিধানসভা সমষ্টিত ই ভি এম আৰু গণনা‌কৰা‌ ভোটৰ পাৰ্থক্য ২৪৫০ টা ।‌ ৰামকৃষ্ণ নগৰ বিধানসভা সমষ্টিত ই ভি এম আৰু ভোট গণনাৰ পাৰ্থক্য ৮৮৩‌ টা‌‌ । দক্ষিণ কৰিমগঞ্জৰ বিধানসভা সমষ্টিত ই ভি এম আৰু ভোট গণনাৰ পাৰ্থক্য 203 টা ।’’

লগতে পঢ়ক: লোকতন্ত্ৰ, ধৰ্মনিৰপেক্ষতা বৰ্তাই ৰখাৰ বাবে সকলোকে ঐক্যৱদ্ধ হোৱাৰ আহ্বান ডিমা হাছাও জিলা কংগ্ৰেছৰ - Dima hasao congress PRESS MEET IN HAFLONG

‌তেওঁ অভিযোগ কৰি কয় যে কৰিমগঞ্জ লোকসভা সমষ্টিত ৰেগিং হৈছিল আৰু বিজেপি দলৰ সৈতে ৰাজ্যৰ নিৰ্বাচন আৰু ফলাফল সম্পূৰ্ণ শাসক দলে নিজৰ অনুকূলে ঘোষণা কৰি লৈছে । শাসক আয়োগে আৰু জিলা প্ৰশাসনে গোপনে মিলিলৈ আপত্তিজনক ফলাফল ঘোষণা কৰি তেওঁক সাংসদ হিচাপে জয়ী হোৱাৰ পৰা বঞ্চিত কৰিলে । এই বিষয়টো নিৰ্বাচন আয়োগৰ ওচৰত লিখিত আপত্তি হিচাপে দৰ্শোৱাৰ পাচতো নিৰ্বাচন আয়োগে ৰহস্যজনক মৌনতা অৱলম্বন কৰিছে‌ বুলি তেওঁ অভিযোগ কৰে ।

চৌধুৰীয়ে কয়, ‘‘যোৱা ২২ মে' ত নিৰ্বাচন আয়োগক আপত্তি দর্শাওঁ । তদুপৰি ২৬ মে' ত ১৮ খন ই-মেইল পঠিয়াই বিজেপি দলৰ প্ৰাৰ্থীগৰাকীৰ সমৰ্থনত ৰিগিং হোৱাৰ অভিযোগ আনি নিৰ্বাচন আয়োগক আপত্তি দশোৱাৰ পাচতো আজিলৈকে নিৰ্বাচন আয়োগ মৌন হৈ থাকিল । শেষতীয়াভাৱে যোৱা ৯ জুনত পুনৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবী জনাই নিৰ্বাচন আয়োগক লিখিত আবেদন প্ৰেৰণ কৰিছোঁ । কিন্তু নিৰ্বাচন আয়োগে কোন‌ো উত্তৰ দিয়া নাই ।’’

লগতে পঢ়ক: অসমৰ জনজীৱনক দুটা ভাগত বিভক্ত কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই: প্ৰদ্যুৎ বৰদলৈ - Pradyut Bordoloi slams CM Himanta

নাম প্ৰকাশ নকৰাকৈ তেওঁ কয়, ‘‘নিৰ্বাচনত দুজন বিজেপিৰ বিধায়কে বিজেপিৰ প্ৰাৰ্থী পৰাজিত হ'লে বুলড’জাৰ চলোৱাৰ হুমকি দিছিল । ভোটগ্ৰহণ অনুষ্ঠিত হোৱাৰ পিচত ৰাতি ১ বজাত ৩৮ প’লিং চেন্টাৰত ৰিগিং হোৱাৰ‌ সন্দৰ্ভত নিৰ্বাচন আয়োগক অভিযোগ দিয়া‌ হৈছিল । সংবাদমেলৰ জৰিয়তে তেওঁ বিজেপিৰ বিজয়ী প্ৰাৰ্থী গৰাকীৰ জয় হোৱাৰ প্ৰমাণ পত্ৰ ঘূৰাই লোৱাৰ লগতে পুনৰ নিৰ্বাচন অনুষ্ঠিত কৰা সন্দৰ্ভত আয়োগে মত স্পষ্ট কৰাৰ দাবী কৰে । নহ'লে শীঘ্ৰেই এই সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ত আইনগত পদ্ধতিৰে গোচৰ তৰা‌ হ’ব‌ বুলি তেওঁ সদৰী কৰে ।’’

লক্ষণীয় যে কৰিমগঞ্জ লোকসভা সমষ্টিত ভোট গণনাৰ ব্যৱস্থা লেহেম হৈছিল বুলি অভিযোগ উঠিছিল । তদুপৰি ভোট গণনাৰ দিনটোত প্ৰতিটো ৰাউণ্ডত কংগ্ৰেছ আৰু বিজেপিৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতা হৈছিল । এবাৰ যদি বিজেপিৰ প্ৰাৰ্থী কৃপানাথ মাল্লা, আন এবাৰ কংগ্ৰেছৰ হাফিজ ৰছিদ আহমেদ চৌধুৰী আগবাঢ়ি আছিল ।

অৱশেষত ১৮,৩৬০ টা ভোটৰ ব্যৱধানত বিজেপিৰ কৃপানাথ মাল্লা নিৰ্বাচিত হোৱা বুলি ঘোষণা কৰা হয় । সমষ্টিটোত ভোট গ্ৰহণৰ দিনটোত ব্যাপক খেলিমেলিৰ অভিযোগ উত্থাপিত হৈছিল । সেয়ে ই ভি এমত অতিৰিক্ত ভোটৰ খেলিমেলিৰ তথ্য পোহৰলৈ অহাত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । ই ভি এমত অতিৰিক্ত ভোট ওলোৱাটো যে স্বাভাৱিক কথা নহয়, সেই লৈ ব্যাপক চর্চা চলিছে ।

লগতে পঢ়ক: এদিন তৰুণ গগৈক কন্দুৱাইছিল, এতিয়া আপোনাৰ কন্দাৰ পাল: মুখ্যমন্ত্ৰীক উদ্দেশ্যি বাক্যবাণ ৰকিবুল হুছেইনৰ - Rakibul Hussain criticizes CM Himanta

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.