Pradhan Mantri Ujjwala Yojana: আমগুৰিত প্ৰধানমন্ত্ৰী উজ্বলা যোজনাৰ নামত দুষ্টচক্ৰৰ ধন সংগ্ৰহ

author img

By

Published : Mar 16, 2023, 9:06 AM IST

Updated : Mar 16, 2023, 10:06 AM IST

Amguri

আমগুৰিত প্ৰধানমন্ত্ৰী উজ্বলা যোজনাৰ নামত ধন সংগ্ৰহ । অৰ্ধশতাধিক পৰিয়ালৰ পৰা ১১০০ টকাকৈ সংগ্ৰহ দুষ্টচক্ৰৰ । শিৱসাগৰ ঢুলীয়াপাৰৰ মেৰ্চাচ জিতু এইচপি গেছ গ্ৰামীণ বিতৰক কোম্পানীৰ বিৰুদ্ধে এই অভিযোগ (scam in Pradhan Mantri Ujjwala Yojana) ।

আমগুৰিত প্ৰধানমন্ত্ৰী উজ্বলা আঁচনিৰ নামত লুণ্ঠনৰ অভিযোগ

আমগুৰি, ১৬ মাৰ্চ : কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে গ্ৰহণ কৰা একংশ অভিলাষী আঁচনি এতিয়া দুষ্টচক্ৰৰ বাবে ধন ঘটনাৰ আহিলা হৈ উঠিছে । শেহতীয়াকৈ আমগুৰিত প্ৰধানমন্ত্ৰী উজ্বলা যোজনাৰ (Pradhan Mantri Ujjwala Yojana) নামত একাংশ দুষ্ট চক্ৰই ধন সংগ্ৰহ কৰাৰ তথ্য পোহৰলৈ আহিছে । আমগুৰি সমষ্টিৰ বৰবাম চাহ বাগিচাত প্ৰধানমন্ত্ৰী উজ্বলা যোজনাৰ নামত অৰ্ধশতাধিক পৰিয়ালৰ পৰা ১১০০ টকাকৈ দুষ্টচক্ৰই ধন সংগ্ৰহ কৰাৰ পিছতেই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে (scam in Pradhan Mantri Ujjwala Yojana) ।

শিৱসাগৰ ঢুলীয়াপাৰৰ মেৰ্চাচ জিতু এইচপি গেছ গ্ৰামীণ বিতৰক কোম্পানীয়ে প্ৰধানমন্ত্ৰী উজ্বলা যোজনাৰ ঘৰুৱা সংযোগ প্ৰদান কৰিছিল । কিন্তু বৰচিলা চাহ বাগিচাত বিতৰক কোম্পানীটোৱে ৫০০-ৰো অধিক পৰিয়ালৰপৰা সংগ্ৰহ কৰিলে ১১০০-কৈ টকা (scam in PMUY in sivasagar) । আনহাতে, বৰবাম বাগিচাতেই নহয়, আমগুৰি সমষ্টিৰ বাঘজান, বৰছিলা, হালোৱাটিং, টিফুক চাহ বাগিচাৰ বহু পৰিয়ালৰ পৰা ১১০০ টকাকৈ সংগ্ৰহ কৰি জিতু এইচপি গেছ গ্ৰামীণ বিতৰক কোম্পানীটোৱে বহু লক্ষ টকা সংগ্ৰহ কৰি উধাও হয় ।

তাৎপৰ্যপূৰ্ণ যে বিতৰক কোম্পানীটোৰ এনে লুণ্ঠন আৰু অনিয়মৰ বিৰুদ্ধে একাংশ লোক ক্ষোভিত হৈ উঠাৰ পিছতে বহু পৰিয়ালে বিনামুলীয়াকৈ ঘৰুৱা সংযোগ লাভ কৰিলে যদিও বহু পৰিয়ালে ১১০০ টকাকৈ প্ৰদান কৰিও প্ৰধানমন্ত্ৰী উজ্বলা যোজনাৰ ঘৰুৱা সংযোগ লাভ নকৰিলে । ফলত বাগিচাৰ বঞ্চিত পৰিয়ালবোৰ ক্ষোভিত হৈ উঠিছে । আনহাতে, জিতু এইচপি গেছ গ্ৰামীণ বিতৰক কোম্পানীটোৱে অতি নিম্নমানৰ গেছ স্তভ যোগান ধৰাৰ অভিযোগ উঠিছে । এই নিম্নমানৰ স্তভ ব্যৱহাৰৰ পিছতেই জ্বলি যোৱাত যিকোনো সময়তে ভয়ংকৰ বিপদ নামি অহাৰ আশংকা প্ৰকট হৈ উঠিছে ।

চাহ বাগিচাৰ লোকসকলৰ অজ্ঞতাৰ সুযোগ লৈ জিতু এইচপি গেছ গ্ৰামীণ বিতৰক কোম্পানীটোৱে লুণ্ঠন চলোৱাৰ অভিযোগ উত্থাপিত হৈছে । যিসময়ত বিজেপি চৰকাৰে অনিয়ম দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল কথা কৈ আহিছে তেনে সময়তে স্বয়ং প্ৰধানমন্ত্ৰী উজ্বলা যোজনাৰ নামত বহু লক্ষ টকা সংগ্ৰহ কৰি সৰ্বসাধাৰণ লোকক লুণ্ঠন চলোৱা কাৰ্যই তাৎপৰ্য বহন কৰিছে । প্ৰধানমন্ত্ৰী উজ্বলা যোজনাৰ নামত ধন সংগ্ৰহ কৰা জিতু এইচপি গেছ গ্ৰামীণ বিতৰক কোম্পানী আৰু দুষ্টচক্ৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে ভুক্তভোগী পৰিয়ালে ।

লগতে পঢ়ক :Garukhuti Project: গৰুখুটি কৃষি প্রকল্পৰ বাবে কোটি কোটি টকা খৰছ কৰি অনা ৩০০টা গৰুৰ নাছিল কোনো কাম

Last Updated :Mar 16, 2023, 10:06 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.