অসম

assam

মুখ্যমন্ত্ৰীৰ কাৰ্যসূচী সন্দৰ্ভত বঙাইগাঁৱত অভিভাৱক মন্ত্ৰীৰ পৰ্যালোচনা

By ETV Bharat Assamese Team

Published : Mar 4, 2024, 10:25 PM IST

Vikas Yatra Programme : মঙলবাৰে বঙাইগাঁৱত উপস্থিত হ’ব মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ মুখ্যমন্ত্ৰীৰ কাৰ্যসূচী সন্দৰ্ভত পৰ্যালোচনাৰ বাবে আজি জিলাখনত অভিভাৱক মন্ত্ৰী ৰণজিৎ কুমাৰ দাস উপস্থিত হয় ৷

Vikas Yatra Programme
মঙলবাৰে বঙাইগাঁৱত উপস্থিত হ’ব মুখ্যমন্ত্ৰী

বঙাইগাঁৱত মন্ত্ৰী ৰণজিৎ কুমাৰ দাস

বঙাইগাঁও, 4 মাৰ্চ : বিকাশ যাত্ৰা কাৰ্যসূচীৰে মঙলবাৰে বঙাইগাঁৱত উপস্থিত হ’ব মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ এই কাৰ্যসূচীৰ অধীনত জিলাখনত কেইবাটাও উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন কৰাৰ লগতে নিৰ্মাণ সমাপ্ত হোৱা কেইবাটাও প্ৰকল্পৰ শুভ উদ্বোধন কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

মুখ্যমন্ত্ৰীৰ এই কাৰ্যসূচীৰ সন্দৰ্ভত আজি জিলাখনৰ অভিভাৱক মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে স্থানীয় বিধায়ক, বঙাইগাঁও জিলা আযুক্ত, জিলা আৰক্ষী অধীক্ষক, উত্তৰ শালমাৰা মহকুমাৰ মহকুমাধিপতিৰ লগতে জিলাখনৰ প্ৰশাসনৰ সকলো উচ্চ পদস্থ বিষয়াসকলৰ সৈতে এক পৰ্যালোচনা সভাত মিলিত হয় ৷ উত্তৰ বঙাইগাঁওস্থিত বঙাইগাঁও ষ্টেডিয়ামত হ’বলগা সভাস্থলীত উপস্থিত হৈ মুখ্যমন্ত্ৰীৰ এই কাৰ্যসূচীৰ সকলো দিশ চালি জাৰি চোৱাৰ লগতে নিৰাপত্তা দিশৰ ওপৰত আলোচনা কৰে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ৷

মন্ত্ৰী দাসে জনায় যে এই অনুষ্ঠানৰ জৰিয়তে মঙলবাৰে জিলাখনৰ যিকেইটা কামৰ শুভাৰম্ভণি কৰা হ'ব সেয়া মুখ্যমন্ত্ৰীয়ে হাতত লোৱা "বিকাশ যাত্ৰা "কাৰ্যসূচীৰ অধীনত কৰা হ'ব ৷ মঙলবাৰে অৰ্থাৎ 5 মাৰ্চত মুখ্যমন্ত্ৰীগৰাকীয়ে জিলাখনত ডেৰশৰ পৰা দুশ কোটি টকাৰ বিভিন্ন আঁচনিৰ শিল্যান্যাস, ভূমিপূজন আৰু আঁচনি মুকলি কৰিব বুলি কয় মন্ত্ৰীগৰাকীয়ে ৷ লগতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সুচিন্তাৰ বাবে সমগ্ৰ অসমতে বৰ্তমান বিকাশ আৰু উন্নয়নৰ যাত্ৰা আৰম্ভ হোৱা বুলি প্ৰকাশ কৰে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ৷

ইফালে আগন্তক লোকসভা নিৰ্বাচনত বৰপেটা লোকসভা সমষ্টিৰ মিত্ৰজোটৰ যি গৰাকী প্ৰাৰ্থীক অগপই প্ৰক্ষেপ কৰিব, তেওঁকে নৰেন্দ্ৰ মেদী চৰকাৰৰ সপক্ষে ভোট দি ৰাইজে জয়ী কৰি বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷ লগতে আগন্তক লোকসভা নিৰ্বাচনত বিজেপিয়ে ৰাজ্যত মুঠ 12 খন আসন লাভ কৰিব বুলি মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে মন্তব্য কৰে ৷

লগতে পঢ়ক :আজাৰা জিলা চিকিৎসালয়ৰ আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰীৰ

ABOUT THE AUTHOR

...view details