ETV Bharat / state

আজাৰা জিলা চিকিৎসালয়ৰ আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰীৰ

author img

By ETV Bharat Assamese Team

Published : Mar 4, 2024, 7:06 PM IST

বৰঝাৰ বিমান বন্দৰ সংযোগী ছয়লেনযুক্ত পথৰ ভূমি পূজন আৰু এশখন বিছনাযুক্ত আজাৰা প্ৰাথমিক চিকিৎসালয়ৰ আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰীৰ ৷ আজাৰা প্ৰাথমিক চিকিৎসালয় জিলা চিকিৎসালয়লৈ ৰূপান্তৰৰ সিদ্ধান্ত চৰকাৰৰ । ১১৬ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’বলগীয়া হাস্পতালখন ২০২৬ চনত সম্পূৰ্ণ হৈ উঠিব ।

CM Himanta Biswa Sarma Laying the foundation stone for the 100 bed Azara District Hospital
ভূমি পূজন আৰু আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰীৰ

আজাৰা জিলা চিকিৎসালয়ৰ আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰীৰ

মিৰ্জা, ৪ মাৰ্চ: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে বৰঝাৰ বিমান বন্দৰ সংযোগী ছয়লেনযুক্ত পথৰ ভূমি পূজন আৰু এশখন বিছনাযুক্ত আজাৰা প্ৰাথমিক চিকিৎসালয়ৰ আধাৰশিলা স্থাপন কৰে । ভি আই পি চ‘কৰ পৰা বৰঝাৰ বিমান বন্দৰ হৈ ধাৰাপুৰলৈ সংযুক্ত কৰি অত্যাধুনিক ব্যৱস্থাৰে ছয়লেনযুক্ত এই পথটি নিৰ্মাণ কৰা হয় । প্ৰায় পাঁচ কোটি টকা ব্যয় সাপেক্ষে ৭.৫ কিলোমিটাৰ দৈৰ্ঘৰ এই পথটিৰ আধাৰশিলা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৪ ফেব্ৰুৱাৰীত স্থাপন কৰিছিল । ইয়াৰ পাচত সোমবাৰে বিয়লি মুখ্যমন্ত্ৰীয়ে ভূমি পূজন কাৰ্যসূচী ৰূপায়ণ কৰে ।

নতুনকৈ নিৰ্মাণ হ‘ব লগা এই পথটিয়ে উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ অন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰটিক নতুন প্ৰাণ দিব বুলি আশা কৰা হৈছে । ভূমি পূজনৰ পিচতেই মুখ্যমন্ত্ৰীয়ে আজাৰাত বিশ্ব বেংকৰ অৰ্থ সাহায্যৰে ১১৬ কোটি টকা ব্যয়েৰে এচিষ্ট প্ৰকল্পৰ অধীনত নিৰ্মাণ হ’বলগীয়া এশখন বিছনাযুক্ত আজাৰা প্ৰাথমিক চিকিৎসালয়ৰ আধাৰশিলা স্থাপন কৰাৰ লগতে এম্বুলেঞ্চ সেৱাও মুকলি কৰে ।

আধাৰশিলা স্থাপন কৰিয়েই এখনি মুকলি সভাত অংশগ্ৰহণ কৰি নিজৰ ভাষণত মুখ্যমন্ত্ৰীগৰাকীয়ে উন্নয়নৰ বাবে সদায়ে কাম কৰি অহা বুলি মন্তব্য কৰে । তেওঁ লগতে আজাৰা প্ৰাথমিক চিকিৎসালয়খন জিলা চিকিৎসালয়লৈ ৰূপান্তৰ কৰাৰ বাবে সিদ্ধান্ত লোৱাৰ কথা জানিবলৈ দিয়ে ৷ এই চিকিৎসালয়খন আঠ মহলীয়া আটক ধুনীয়াকৈ নিৰ্মাণ কৰা হ’ব আৰু চিকিৎসালয়খনত 3 টাকৈ অত্যাধুনিক অস্ত্ৰোপ্ৰচাৰ, ICU ৰ ব্লাড বেংকৰ সুবিধা উপলব্ধ কৰা হ’ব ৷

মুখ্যমন্ত্ৰীৰ এই সকলো কাৰ্যসূচীত মন্ত্ৰী কেশৱ মহন্ত, বিধায়ক হেমাংগ ঠাকুৰীয়া, ৰমেন্দ্ৰ নাৰায়ণ কলিতাই সহযোগিতা আগবঢ়ায় । তেওঁ লগতে আজাৰাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ গাতে লাগি থকা কালমণি নদীৰ ওপৰত বহুকেইখন পকী দলং নিৰ্মাণ কৰা হ’ব বুলি জানিবলৈ দিয়ে ।

লগতে পঢ়ক: এম জি ৰোডৰ বিকল্প পথ আজি মুকলি কৰিব মুখ্যমন্ত্ৰীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.