অসম

assam

অসমত সকলো বিজেপিৰ সমৰ্থক : জয়ন্ত মল্লবৰুৱা

By ETV Bharat Assamese Team

Published : Feb 24, 2024, 9:41 PM IST

নলবাৰী জিলা পুথিভঁৰালৰ অত্যাধুনিক প্ৰেক্ষাগৃহ মুকলি মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ ৷ অখিল গগৈক খিলঞ্জীয়া বিৰোধী বুলিও কয় মন্ত্ৰী বৰুৱাই ৷ নলবাৰীত হিন্দু বাদেই খিলঞ্জীয়া মুছলমান সকলো বিজেপিৰ সমৰ্থক বুলি উল্লেখ কৰে মন্ত্ৰী গৰাকীয়ে ৷

Minister Jayanta Mallabaruah
অত্যাধুনিক প্ৰেক্ষাগৃহ মুকলি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ

নলবাৰী জিলা পুথিভঁৰালৰ অত্যাধুনিক প্ৰেক্ষাগৃহ মুকলি

নলবাৰী, 24 ফেব্ৰুৱাৰী : অসমত সকলো বিজেপিৰ সমৰ্থক বুলি মন্তব্য মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ ৷ নলবাৰীত হিন্দু বাদেই খিলঞ্জীয়া মুছলমান সকলো বিজেপিৰ সমৰ্থক বুলি উল্লেখ মন্ত্ৰীগৰাকীৰ ৷ তেওঁ কয়- "অসমত বৰ্তমান এনেকুৱা এটা পৰিৱেশ যে সকলো হিন্দু মানুহ বিজেপিৰ সমৰ্থক ৷" আজি নলবাৰীৰ এক বিশেষ অনুষ্ঠানত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷ লগতে সাংবাদিক আৰু উপস্থিত থকা সকলোকে "আপোনালোকো বিজেপিৰ সমৰ্থক" বুলি মন্তব্য কৰে মন্ত্ৰী বৰুৱাই ৷

নলবাৰী জিলা পুথিভঁৰালত মুকলি অত্যাধুনিক প্ৰেক্ষাগৃহ ৷ এক জৰাজীৰ্ণ ৰূপৰ পৰা প্ৰেক্ষাগৃহটোক নতুন ৰূপত সাজি উলিয়াই নলবাৰী পৌৰসভাই ৷ নলবাৰী সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি মুকলি কৰে এই প্ৰেক্ষাগৃহটো ৷ পৌৰসভাই অত্যাধুনিক ৰূপত প্ৰেক্ষাগৃহটো সাজি উলিওৱাত সভা-সমিতিকে আদি কৰি বিভিন্ন অনুষ্ঠান অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত এতিয়াৰ পৰা ৰাইজে সকাহ পাব বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ৷

আজিৰ এই অনুষ্ঠানত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ লগতে উপস্থিত থাকে জিলা আয়ুক্ত বৰ্ণালী ডেকা, নলবাৰী পৌৰসভাৰ পৌৰপতি জয়শ্ৰী তালুকদাৰ, নলবাৰী উন্নয়ন নিগমৰ অধ্যক্ষ বনদ্বীপ ডেকা, জিলা বিজেপিৰ সভাপতি মৃগাংক তালুকদাৰ আৰু চৰকাৰী বিষয়া মুন গগৈকে আদি কৰি বহু বিশিষ্ট ব্যক্তি ৷ উক্ত অনুষ্ঠানৰ অন্তত সাংবাদিকৰে হোৱা কথা-বাৰ্তাত কেইবাটাও প্ৰসংগত প্ৰতিক্ৰিয়া আগবঢ়ায় মন্ত্ৰী বৰুৱাই ৷

অসম বিধানসভাত শনিবাৰে হোৱা সংকল্প প্ৰস্তাৱ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই ৷ চৰকাৰৰ বিধায়ক-মন্ত্ৰী সকলে খিলঞ্জীয়া লোকক ভূমি পট্টা বিতৰণৰ সময়ত বিধানসভাৰ মজিয়াত অখিল গগৈয়ে অনা সংকল্প প্ৰস্তাৱে তেওঁৰ চৰিত্ৰ উদঙাই দিছে বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷ লগতে অখিল গগৈক খিলঞ্জীয়া বিৰোধী বুলিও কয় মন্ত্ৰী বৰুৱাই ৷

আনহাতে নলবাৰীত অলপতে হৈ যোৱা গাঁ‌ও প্ৰধান নিযুক্তিত বিজেপি কৰ্মীয়ে নিযুক্তি লাভ কৰা বুলি উঠা অভিযোগ সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় যে, ৰাজ্যত এতিয়া সকলো বিজেপিৰ সমৰ্থক ৷ গতিকে দুই এজন বিজেপি সমৰ্থকে চাকৰি পোৱাটো একো ডাঙৰ কথা নহয় বুলি উল্লেখ কৰে তেওঁ ৷

লগতে পঢ়ক :কাৰ্বি আংলঙৰ খেৰনিত উচ্ছেদৰ জাননী : ৰাজ্য চৰকাৰে কৰিব নোৱাৰে হস্তক্ষেপ

ABOUT THE AUTHOR

...view details