ETV Bharat / state

কাৰ্বি আংলঙৰ খেৰনিত উচ্ছেদৰ জাননী : ৰাজ্য চৰকাৰে কৰিব নোৱাৰে হস্তক্ষেপ

author img

By ETV Bharat Assamese Team

Published : Feb 24, 2024, 6:09 PM IST

Karbi Anglong Kheroni Eviction
কাৰ্বি আংলঙৰ খেৰনিত উচ্ছেদৰ জাননী

Karbi Anglong Kheroni Eviction: কাৰ্বি আংলঙৰ খেৰণিত হোৱা উচ্ছেদত হস্তক্ষেপ নকৰে অসম চৰকাৰে ৷ সেয়া ৰাজ্য চৰকাৰৰ এক্তিয়াৰৰ বিষয় নহয় বুলি স্পষ্ট কৰিছে ৰাজহমন্ত্ৰীয়ে ৷

প্ৰসংগঃ কাৰ্বি আংলঙৰ খেৰনিত উচ্ছেদৰ জাননী

গুৱাহাটী, ২৪ ফেব্ৰুৱাৰী: পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণিৰ চৰকাৰী ভূমিত বসবাস কৰি অহা হাজাৰ হাজাৰ লোকক উচ্ছেদ কৰাৰ বাবে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদে দিয়া জাননীৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ কৰিবলগীয়া একো নাই । সেইটো ৰাজ্য চৰকাৰৰ এক্তিয়াৰৰ বিষয় নহয় । এই কথা স্পষ্ট কৰিছে ৰাজহ মন্ত্ৰী যোগেন মহনে ।

উল্লেখ্য যে খেৰণিৰ ভি জি আৰ আৰু পি জি আৰ ভূমিত বছৰ বছৰ ধৰি বসবাস কৰি অহা বিহাৰী আৰু নেপালী সম্প্ৰদায়ৰ ভাৰতীয় নাগৰিকক ৩০ দিনৰ ভিতৰত স্থান এৰিবলৈ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদে নিৰ্দেশ দিছে ।

তদুপৰি সেই লোকসকলক সংস্থাপিত কৰাৰ অভিযোগত ১০ জন গাঁওবুঢ়াক পৰিষদ কর্তৃপক্ষই নিলম্বন কৰিছিল । এই সন্দৰ্ভত প্ৰকাশিত এটা বাতৰিৰ উৰ্দ্ধৃতি দি শুকুৰবাৰে বিধানসভাত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই চৰকাৰৰ দৃষ্টিগোচৰ কৰাৰ লগতে উচিত ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছিল ।

বিৰোধী দলপতিগৰাকীয়ে কয় যে উচ্ছেদৰ বাবে জাননী দিয়া লোকসকল ভাৰতীয় নাগৰিক । সেই লোকসকলৰ এন আৰ চিত নাম থকাৰ লগতে বছৰ বছৰ ধৰি খাজনা আদায় দি আহিছে । যিটো অঞ্চলত উচ্ছেদৰ জাননী দিয়া হৈছে তাত ভালেসংখ্যক চৰকাৰী কাৰ্যালয় থকাৰ কথা বিৰোধী দলপতিয়ে আঙুলিয়াই দিয়ে ।

উচ্ছেদৰ জাননী দিয়া স্থানত বহুকেইটা চৰকাৰী কাৰ্যালয়, ১১টাকৈ অংগনবাড়ী কেন্দ্ৰ, বজাৰ, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ১৩২ টা ঘৰ, ইন্দিৰা আৱাস যোজনা ৯০ টা ঘৰ, ছটা ক'মিউনিটি হল, আৰ চি চি ঘৰ, ৩০খন বিদ্যালয়, ২৭টা মন্দিৰ, এটা মছজিদ, ১১৫টা কেঁচা ঘৰকে ধৰি প্ৰায় ১০ হাজাৰ মানুহে বসবাস কৰে ।

বিৰোধী দলপতিয়ে চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰি কয় যে ইয়াৰে বহুতে ১৯৪০ চনৰ পৰা বসবাস কৰাৰো প্ৰমাণপত্ৰ আছে আৰু তেওঁলোকে খাজনা দি আছিল । হঠাতে উচ্ছেদৰ জাননী দিয়াৰ ফলত তেওঁলোকৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে । ২০২২ চনৰ জুন মাহত মুখ্যমন্ত্ৰীয়ে সেই অঞ্চলত নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ সময়ত আশ্বাস দিছিল যে তাত কোনোধৰণৰ উচ্ছেদ নহয় ।

কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ বৰ্তমানৰ মুখ্য কাৰ্যবাহী বিষয়া তুলিৰাম ৰংহাঙে ৰাজহুৱাকৈ কৈছিল যে তাত কোনো উচ্ছেদ নহয়, বৰঞ্চ অৰুণোদয় আৰু বেলেগ বেলেগ আঁচনিসমূহ চৰকাৰীভাৱে দিয়া হ’ব । উচ্ছেদৰ জাননী দিয়া এই লোকসকল এতিয়া কলৈ যাব বুলি প্ৰশ্ন কৰি বিৰোধী দলপতিয়ে সমস্যাটো নিৰাময়ৰ স্বাৰ্থত এটা উচিত ব্যৱস্থা ল’বলৈ চৰকাৰৰ প্ৰতি আহ্বান জনাইছিল ।

বিৰোধী দলপতিয়ে উত্থাপন কৰা বিষয়টোৰ ওপৰত ৰাজহমন্ত্ৰী যোগেন মহনে সদনত জনায় যে খেৰণিৰ পি জি আৰ ভূমিত প্ৰায় ১৯৮৯টা পৰিয়াল বসবাস কৰি আহিছে । অঞ্চলটোৰ জনসংখ্যা প্ৰায় ৯ হাজাৰ । তাত ৮৩৪টা পকী ঘৰ আছে । অঞ্চলটোক বৃহৎ হাৰত বেদখল হৈছে বুলি জনাই সদনত অৱগত কৰে যে বেদখলকৃত লোকসকলক সংস্থাপিত কৰাৰ অভিযোগত ১০জন গাঁওবুঢ়াক পৰিষদে নিলম্বন কৰিছে ।

এই বিষয়টো কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ এক্তিয়াৰৰ ভিতৰত হোৱা বাবে ইয়াত অসম চৰকাৰে হস্তক্ষেপ কৰিব নোৱাৰে । অসম চৰকাৰে তাত কেৱল আইন-শৃংখলা পৰিস্থিতিৰ দায়িত্বহে চম্ভালিব পাৰে বুলি মন্ত্ৰী মহনে জনায় । যাৰ পৰিপ্ৰেক্ষিত খেৰনিত বসবাস কৰা লোকসকল ভৱিষ্যত জীৱনক লৈ উদ্বিগ্ন হৈ পৰিছে ।

লগতে পঢ়ক: মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক জবাবদিহি শিলসাঁকোৰ উচ্ছেদিতৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.