ডিফু, ১৮ মাৰ্চ : উগ্ৰ কাৰ্বি জাতীয়তাবাদক আধাৰ ৰূপে লৈ কাৰ্বি আংলঙত ৰাজনীতি কৰা অল পাৰ্টী হিলচ্ লীডাৰ কনফাৰেন্সত এতিয়া দলত্যাগৰ ধুমুহা আহিছে ৷ অৱসৰপ্ৰাপ্ত আই এ এছ বিষয়া জন ইংতি কাথাৰৰ লগ এৰি জাকে জাকে দলটোৰ সমৰ্থক হৈছে বিজেপিমুখী ৷ চাকৰিৰ পৰা অৱসৰ গ্ৰহণৰ পিচতে ইংতি কাথাৰে নিজাকৈ দল গঠন কৰি জনজাতীয় আবেগক লৈ ৰাজনীতি আৰম্ভ কৰে যদিও দলটোৱে বৰ্তমানলৈকে নিৰ্বাচনী ৰণত সফলতা লাভ কৰা নাই ৷
অৱশ্যে বৰ্তমান দলটোৱে কেৱল জনজাতি সকলৰ বাবেই নহয় পাহাৰত বসবাস কৰা সকলো খিলঞ্জীয়া লোকৰ হৈ মাত মতা আৰম্ভ কৰিছে ৷ আজি (সোমবাৰ) কাৰ্বি আংলং জিলা বিজেপিৰ কাৰ্যলয়ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং আৰু বিজেপিৰ প্ৰাৰ্থী অমৰছিং তিচ’ৰ উপস্থিতিত দলটোৰ সহস্ৰাধিক লোকে বিজেপি দলত যোগদান কৰে ৷ অৱশ্যে এই যোগদানত নাছিল দলটোৰ কোনো হাই প্ৰফাইল নেতা ৷
এই যোগদান কাৰ্যসূচীৰ পিচতে বিজেপি দলৰ ডিফু লোকসভা সমষ্টিৰ নিৰ্বাচনী দায়িত্বত থকা মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে সংবাদ মাধ্যমৰ আগত কয়, ‘‘আমি উন্নয়নৰ বাৰ্তা লৈ ৰাইজৰ মাজলৈ গৈছো ৷ এ পি এইচ এল চিৰে নহয় আপ আৰু বিভিন্ন দলৰ প্ৰাক্তন বিধায়ক, মুখ্য কাৰ্যবাহী সদস্যকে ধৰি বহুতে দুই এদিনতে বিজেপিত যোগদান কৰিব’’ ৷