ETV Bharat / politics

বিজেপিয়ে ১৩টা সমষ্টিত জয়ী হ'ব: ভৱেশ কলিতা

Lok Sabha elections 2024 : তৰুণ গগৈৰ পুত্ৰ হোৱা বাবে গৌৰৱ গগৈয়ে কংগ্ৰেছৰ পৰা প্ৰাৰ্থিত্ব লাভ কৰিছে বুলি কটাক্ষ ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ । অসমত এতিয়া যোগদান কাৰ্যসূচী চলি আছে বুলি তেওঁ মন্তব্য় কৰে ।

Lok Sabha elections 2024
বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা
author img

By ETV Bharat Assamese Team

Published : March 17, 2024 at 8:13 PM IST

2 Min Read
Choose ETV Bharat
বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা

যোৰহাট, ১৭ মাৰ্চ: যোৰহাট ৰজাবাৰীৰ আই টি আই খেলপথাৰ প্ৰাংগনত ৰাণা গোস্বামীৰ নেতৃত্বত বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা আৰু মন্ত্ৰী পীযুষ হাজৰীকাৰ উপস্থিতিত কংগ্ৰেছৰ সহস্ৰাধিক নেতা-কৰ্মীয়ে বিজেপিত যোগদান কৰে । এই যোগদান সমাৰোহত অংশগ্ৰহণ কৰি ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই কয় যে সমগ্ৰ দেশৰ লগতে অসমতো এতিয়া যোগদান কাৰ্যসূচী চলি আছে । ফলত সমগ্ৰ দেশ এতিয়া মোদীময় হৈ পৰিছে ।

আনহাতে, যোৰহাট লোকসভা সমষ্টি কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈক কটাক্ষ কৰি ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই কয়,"তৰুণ গগৈৰ পুত্ৰ হোৱা বাবে গৌৰৱ গগৈয়ে কংগ্ৰেছৰ পৰা টিকট লাভ কৰিছে । কংগ্ৰেছত আছে পৰিয়াল কেন্দ্ৰিক, তুষ্টিকৰণ প্ৰথা, কিন্তু বিজেপিত এনেবোৰ প্ৰথা নাই । আজি ৰাইজ বিকাশ যাত্ৰাৰ লগত আছে । সেয়েহে ১৪টা লোকসভা সমষ্টিৰ ভিতৰত বিজেপিয়ে ১৩টা সমষ্টিত জয়ী হ'ব ।"

  • " class="align-text-top noRightClick twitterSection" data="">

ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই পুনৰ কয়," বৰ্তমান ধুবুৰীক লৈ চেষ্টা চলাই আছো আৰু ধুবুৰী লোকসভা সমষ্টিৰ চাৰিটা বিধানসভা সমষ্টিত মিত্ৰজোঁটৰ প্ৰাৰ্থীয়ে অগ্ৰগতি লাভ কৰিব ।" লগতে সভাপতি গৰাকীয়ে কয় যে এইবাৰ অগপই খাটা খুলিবলৈ সক্ষম হ'ব আৰু বৰপেটাত অগপৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীয়ে লক্ষাধিক ভোটৰ ব্যৱধানত জয়যুক্ত হ'ব ।

আনহাতে, এই যোগদান সভাত অংশগ্ৰহণ কৰি বিজেপিৰ প্ৰাৰ্থী তপন কুমাৰ গগৈয়ে কয়,"এইবাৰ যোৰহাট লোকসভা সমষ্টিৰ মই নিশ্চিত ভাৱে জয়ী হ'ম ।" তাৎপযপূৰ্ণ যে গৌৰৱ গগৈ যোৰহাট লোকসভা সমষ্টিত কংগ্ৰেছৰ প্ৰাথী হিচাপে প্ৰতিদ্বন্দিতা আগবঢ়োৱাৰ লগে লগে যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত বিভিন্ন ঠাইত বিজেপিৰ মন্ত্ৰী-বিধায়কৰ উপস্থিতিত যুদ্ধং দেহী ৰূপত বিজেপিয়ে যোগদান কাৰ্যসূচী আৰম্ভ কৰিছে ।

লগতে পঢ়ক:পুৰণি সতীৰ্থৰ সহযোগিতা বিচাৰি অগপৰ কাৰ্যালয়ত সোণোৱাল