অসম

assam

হাতী-মানুহৰ সংঘাত: খাদ্যৰ যোগান ধৰি সংঘাত ৰোধৰ চেষ্টা বিহালীত - Elephant Man Conflict in Behali

By ETV Bharat Assamese Team

Published : Mar 24, 2024, 10:51 PM IST

Elephant Man Conflict: হাতী-মানুহৰ সংঘাত ৰোধৰ চেষ্টাৰে বিহালীত প্ৰশংসনীয় পদক্ষেপ ৷ বনৰীয়া হাতীক খাদ্য যোগানৰ বাবে কলপুলি ৰোপন ৷

Elephant Man Conflict
বিহালীত হাতী-মানুহৰ সংঘাত ৰোধৰ চেষ্টা

বিহালীত হাতী-মানুহৰ সংঘাত ৰোধৰ চেষ্টা

বিশ্বনাথ, ২৪ মাৰ্চ : ৰাজ্যত দিনক দিনে ব্যাপক ৰূপত বৃদ্ধি পাইছে হাতী-মানুহৰ সংঘাত ৷ খাদ্যৰ সন্ধানত বনাঞ্চল পৰা জনাঞ্চললৈ দৈনিক শ শ বনৰীয়া হাতী ওলাই অহা পৰিলক্ষিত হৈছে ৷ ফলত বনাঞ্চলৰ নিকটৱৰ্তী অঞ্চলতসমূহত ত্ৰাসৰ সৃষ্টি কৰি আহিছে দীৰ্ঘদিন ধৰি ।

ৰাজ্যৰ আন-আন ঠাইৰ দৰে বিহালীতো দেখা যায় হাতী-মানুহৰ সংঘাত ৷ হাতীৰ উপদ্ৰবত ঘৰ-দুৱাৰ, কৃষিভূমি নষ্ট হোৱাৰ লগতে এই পৰ্যন্ত বহু লোকে প্ৰাণ হেৰুৱাবলগীয়াও হৈছে ৷ উত্তৰ অসমৰ একমাত্ৰ সংৰক্ষিত বনাঞ্চল বিহালী সংৰক্ষিত বনাঞ্চল পৰা দৈনিক শ শ বনৰীয়া হাতী বিহালী সমষ্টিৰ বিভিন্ন প্ৰান্তলৈ উলাই আহি সৃষ্টি কৰে ত্ৰাসৰ ৷

হাতী-মানুহৰ এই সংঘাত দূৰ কৰাৰ বাবে বিহালীৰ এটা স্বেচ্ছাসেৱী সংস্থাই গ্ৰহণ কৰিছে প্ৰশংসনীয় পদক্ষেপ ৷ বনৰীয়া হাতীক খাদ্য যোগান ধৰা উদ্দেশ্যে বিহালী সমষ্টিৰ স্বেচ্ছাসেৱী সংগঠন Our Natural Energy নামৰ সংস্থাটোৰ বিষয়ববীয়াসকলে দেওবাৰে বিহালী সংৰক্ষিত বনাঞ্চলৰ হাতী ডিপুত বহুকেইটা কলপুলি ৰোপণ কৰে ৷ উক্ত কাৰ্যসূচীত সহযোগিতা আগবঢ়ায় বৰগাং বন বিভাগে ৷

ইফালে স্বেচ্ছাসেৱী সংস্থাটোৰ সঞ্চালক সুৰজিৎ দাস আৰু সভাপতি শ্ৰীমন্ত দাসে প্ৰকাশ কৰা অনুসৰি বিহালী বনাঞ্চলকে ধৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উত্তৰ পাৰৰ নদী পাৰত আৰু বনাঞ্চলখনত প্ৰায় ১০ হাজাৰ কলপুলি ৰোপণৰ কাৰ্যসূচী হাতত লোৱা হৈছে । দেওবাৰে উক্ত কাৰ্যসূচীত বৰগাং ৰঙাগড় বিট অফিচাৰ লক্ষ্যধৰ বড়ো, স্বেচ্ছাসেৱী সংস্থাটোৰ উপ-সভাপতি ত্ৰিদিপ দাস, উপদেষ্টা বিমল ওৰাঙকে ধৰি কেবাজনো সদস্যই অংশগ্ৰহণ কৰে ।

হাতী-মানুহৰ সংঘাত ৰোধৰ চেষ্টাৰে সংস্থাটোৱে লোৱা এই পদক্ষেপক ভিন্ন মহলে প্ৰশংসা কৰা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক:পৰিভ্ৰমী পক্ষীৰ বধ্য ভূমিত পৰিণত ৰাংছালী দলনী পথাৰ

ABOUT THE AUTHOR

...view details