অসম

assam

খিলঞ্জীয়া হোৱাৰ প্ৰসংগত কি ক’লে মুখ্যমন্ত্ৰীয়ে ? - Aminul Islam controversy

By ETV Bharat Assamese Team

Published : Mar 23, 2024, 10:27 PM IST

Aminul Islam controversy: মিঞা সন্দৰ্ভত মন্তব্য প্ৰদান দিবলৈ গৈ বিষ্ণু প্ৰসাদ ৰাভাক বিতৰ্কলৈ টানি অনা বিধায়ক আমিনুল ইছলামৰ মন্তব্য সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া ৷

cm himanta biswa sarmas counter attack on aminul islam regarding indigenous assamese people
খিলঞ্জীয়া হোৱাৰ প্ৰসংগ

মুখ্যমন্ত্ৰীৰ ভাষ্য

গুৱাহাটী, ২৩ মাৰ্চ :মিঞাক খিলঞ্জীয়া কৰিবলৈ গৈ বিষ্ণু প্ৰসাদ ৰাভাক বিতৰ্কলৈ টানি আনিলে নগাঁও লোকসভা সমষ্টিৰ AIDUF ৰ প্ৰাৰ্থী আমিনুল ইছলামে । এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ মিঞাসকল খিলঞ্জীয়া হোৱাত মুখ্যমন্ত্ৰীৰ আপত্তি নাই ৷ তেওঁ কয় যে "মিঞাসকল খিলঞ্জীয়া হয়নে নহয় সেইটো বেলেগ কথা । মিঞাসকলে খিলঞ্জীয়া হ'বলৈ চেষ্টা কৰিলে আপত্তি নাই ৷ কিন্তু খিলঞ্জীয়াৰ সংস্কৃতি ৰক্ষা কৰি চলিব লাগিব তেওঁলোকে ।"

তেওঁ লগতে আৰু কয়, "পমুৱা মুছলমানসকলে খিলঞ্জীয়া হ'বলৈ হ'লে দুই-তিনিবাৰ বিবাহ কৰোৱা, দুই-তিনিটা ল'ৰা-ছোৱালী জন্ম দিয়া, বাল্য বিবাহ কৰোৱা এই কামবোৰ কৰিব নোৱাৰিব । অসমীয়া মানুহে ছোৱালীসকলক শক্তিৰ লগত তুলনা কৰে । গতিকে খিলঞ্জীয়া হ’বলৈ হ’লে 11/12 বছৰতে ছোৱালী বিয়া নিদি তেওঁলোকেও ছোৱালীসকলক স্কুললৈ পঠিয়াব লাগিব । খিলঞ্জীয়া হ’বলৈ বিচাৰিছে তেনেহ’লে মাদ্ৰাছাত পঢ়ুৱাতকৈ ডাক্তৰ ইঞ্জিনিয়াৰ পঢ়াওক । এশ বছৰ পিচতটো তেওঁলোকো খিলঞ্জীয়া হ’ব । সেয়েহে তেওলোকে খিলঞ্জীয়া হ’বলৈ খিলঞ্জীয়াৰ সংস্কৃতিৰ ৰক্ষা কৰিবলৈ লাগিব । কিন্তু তাকে নকৰি সত্ৰৰ মাটি দখল কৰিলে কেনেকৈ খিলঞ্জীয়া হ'ব ?"

বিষ্ণু প্ৰসাদ ৰাভাই আমাৰ সংস্কৃতি নিৰ্মাণ কৰিছিল সেয়েহে খিলঞ্জীয়াৰ লগত বিষ্ণু প্ৰসাদ ৰাভাক তুলনা কৰি লাভ নাই বুলি আমিনুল ইছলামৰ কথাৰ প্ৰত্যুত্তৰ দিয়ে মুখ্যমন্ত্ৰীয়ে । উল্লেখ্য যে, ঢাকাত জন্ম হোৱা বিষ্ণু ৰাভা যদি খিলঞ্জীয়া, তেন্তে অসমত জন্ম হোৱা মিঞাও খিলঞ্জীয়া বুলি মন্তব্য প্ৰকাশ কৰিছিল AIUDF ৰ বিধায়ক তথা নগাঁও লোকসভা সমষ্টিৰ AIDUF ৰ প্ৰাৰ্থী আমিনুল ইছলামে ।

লগতে পঢ়ক :নগাঁও লোকসভা সমষ্টি দখলৰ বাবে তৎপৰ বিজেপি-কংগ্ৰেছ-এ আই ইউ ডি এফ

ABOUT THE AUTHOR

...view details