অসম

assam

এম জি ৰোডৰ বিকল্প পথ আজি মুকলি কৰিব মুখ্যমন্ত্ৰীয়ে

By ETV Bharat Assamese Team

Published : Mar 4, 2024, 1:31 PM IST

Guwahati North Guwahati Bridge: গুৱাহাটী-উত্তৰ গুৱাহাটী দলঙৰ এলিভেটেড দক্ষিণ দিশৰ পথচোৱা আজি জনসাধাৰণৰ বাবে উৎসৰ্গা কৰা হ’ব । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি বিয়লি ভূতনাথৰ পৰা মাছখোৱা সংযোগ কৰি নিৰ্মাণ কৰা উৰণ সেতুখন মুকলি কৰিব ৷ প্ৰায় 326 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে এই উৰণ সেতুখন ৷ 2019 চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্থাপন কৰিছিল এই উৰণ সেতুখনৰ আধাৰশিলা ৷

Guwahati North Guwahati Bridge
মাছখোৱা আৰু ভূতনাথ সংযোগী উৰণ সেতু

গুৱাহাটী, 4 মাৰ্চ: গুৱাহাটীৰ মাছখোৱা আৰু ভূতনাথক সংযোগ কৰি ব্ৰহ্মপুত্ৰ নদীৰ কাষেৰে নিৰ্মাণ কৰা উৰণ সেতুখন (বিকল্প পথ) সোমবাৰে সন্ধিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাইজৰ বাবে মুকলি‌ কৰিব । মুখ্যমন্ত্ৰী শৰ্মাই আজি Xত কয় যে, "গুৱাহাটী-উত্তৰ গুৱাহাটী দলঙৰ এলিভেটেড দক্ষিণ দিশৰ পথচোৱা জনসাধাৰণৰ বাবে উৎসৰ্গা কৰা হ’ব । 326 কোটি টকাৰে ভূতনাথৰ পৰা মাছখোৱালৈ সংযোগ কৰি নিৰ্মাণ কৰা এই পথচোৱাই যান-বাহনৰ গতিপথ সলনি কৰি নদীৰ ওপৰেৰে যাতায়ত সহজ কৰি তুলিব ।"

উল্লেখ্য যে, গুৱাহাটী আৰু উত্তৰ গুৱাহাটীক সংযোগ কৰি নিৰ্মাণ কৰি থকা দলংখনৰ আধাৰশিলা 2019 চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্থাপন কৰিছিল ৷ তাৰ পিচত 2020 চনৰ পৰা দলংখন নিৰ্মাণৰ কাম আৰম্ভ কৰা হৈছিল ৷

মাছখোৱা আৰু ভূতনাথ সংযোগী উৰণ সেতু

মন কৰিবলীয়া যে ৰাজ্য চৰকাৰে 2023 চনৰ ভিতৰত উত্তৰ গুৱাহাটীৰ ৰাইজৰ বহু আকাংক্ষিত দলংখন নিৰ্মাণৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিল । ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ কৰি থকা দলংখনৰ বাবে পূৰ্বৰ ব্ৰিকছ ডেভেল'পমেন্ট বেংক তথা বৰ্তমানে নিউ ডেভেলপমেন্ট বেংক ৰূপে জনাজাত (এনডিবি)এ 2000 কোটি টকাৰ ঋণ দিছে ৷

মাছখোৱা আৰু ভূতনাথ সংযোগী উৰণ সেতু

দলংখনৰ বিস্তৃত প্ৰকল্পৰ প্ৰতিবেদন চমুকৈ ডি পি আৰ স্মেক ইণ্ডিয়া প্ৰাইভেট লিমিটেডে প্ৰস্তুত কৰিছে ৷ দলংখন নির্মাণ সম্পূৰ্ণ হ'লে গুৱাহাটীৰ পৰা উত্তৰ গুৱাহাটীলৈ বাট মাত্ৰ ৭ মিনিট হ'ব ৷ গুৱাহাটী-উত্তৰ গুৱাহাটীক সংযোগ কৰি নিৰ্মাণ কৰি থকা দলংখন ছয় লেনযুক্তকৈ নিৰ্মাণ কৰা হ'ব ৷ দলংখন নদীৰ ওপৰত ধেনুভিৰীয়াকৈ নিৰ্মাণ কৰা হ'ব ।

মাছখোৱা আৰু ভূতনাথ সংযোগী উৰণ সেতু

ডি পি আৰ মতে, এ টি ৰোড আৰু এম জি ৰোডক সংযোগ কৰি দুটা দিশেৰে নদীৰ ওপৰেৰে উত্তৰ গুৱাহাটীলৈ দলংখন নিৰ্মাণৰ কৰি থকা হৈছে ৷ উত্তৰ গুৱাহাটীৰ পৰা আহি দলংখনে এ টি ৰোডৰ ওচৰত থকা স্বাগত হাস্পতালৰ ওচৰৰ পইন্টত আৰু এম জি ৰোডৰ মাছখোৱাৰ আই টি এ কমপ্লেক্স পইন্টত স্পৰ্শ কৰিব ৷

স্বাগত হাস্পতালৰ ওচৰৰ পইন্টৰ পৰা উত্তৰ গুৱাহাটীমুখী যান-বাহন যাব পাৰিব আৰু উত্তৰ গুৱাহাটীৰ পৰা অহা বাহনবোৰ আই টি এ কমপ্লেক্সৰ পইন্টলৈ আহিব পাৰিব ৷ দুয়োটা দলংপথ একেমুখী আৰু ছয়লেনযুক্ত হ’ব ৷ দলংখন গুৱাহাটীৰ দিশৰ পৰা নদীৰ মাজলৈ ইংৰাজী 'ৱাই' ৰ দৰে নিৰ্মাণ কৰা হ'ব ৷ দলংখনৰ দক্ষিণ দিশত অৰ্থাৎ স্বাগত হাস্পতালৰ ওচৰৰ পইন্টত এটা আৰু এম জি ৰোডৰ মাছখোৱাৰ আই টি এ কমপ্লেক্সৰ সন্মুখত আন এটা ৰ'টাৰী নিৰ্মাণ কৰা হৈছে ৷ দুয়োটা ৰ’টাৰীৰ মাজৰ অংশত নদীৰ পাৰে পাৰে বিকল্প পথচোৱা নিৰ্মাণ কৰা হৈছে ৷

উল্লেখ্য যে, গুৱাহাটীৰ পৰা যোৱা দলংখন উত্তৰ গুৱাহাটীৰ অশ্বক্লান্ত দেৱালয়ৰ 390 মিটাৰ তলেৰে যাব ৷ তাৰপৰা উত্তৰ গুৱাহাটীৰ মাজেৰে গৌৰীপুৰ হৈ 31 নং ৰাষ্ট্ৰীয় ঘাইপথলৈ ছয়লেনযুক্ত ৰাস্তা নিৰ্মাণ কৰা হ'ব ৷ উত্তৰ গুৱাহাটীৰ ৰে’ল আলিৰ ওপৰেৰে যাব লগা ৰাস্তাটোত দুখন ৰোড অভাৰ ব্ৰীজ চমুকৈ আৰ অ' বি নিৰ্মাণ কৰা হ'ব ৷

আনহাতে, কলেজ নগৰ আৰু গৌৰীপুৰত দুটা ৰ'টাৰী নিৰ্মাণ কৰা হ'ব ৷ উল্লেখ্য যে আজি স্বাগত হাস্পতালৰ ওচৰৰ পইন্টত আৰু এম জি ৰোডৰ মাছখোৱাৰ আই টি এ কমপ্লেক্সৰ সংযোগ কৰি নদীৰ পাৰে পাৰে বিকল্প পথচোৱা আজি‌ মুখ্যমন্ত্ৰীয়ে‌ মুকলি‌ কৰিব ।

লগতে পঢ়ক:কৰিমগঞ্জত ৬০০ কোটি ব্যয়ৰে মেডিকেল কলেজৰ ভূমিপূজন মুখ্যমন্ত্ৰীৰ

ABOUT THE AUTHOR

...view details