কৰিমগঞ্জত ৬০০ কোটি ব্যয়ৰে মেডিকেল কলেজৰ ভূমিপূজন মুখ্যমন্ত্ৰীৰ

By ETV Bharat Assamese Team

Published : Mar 1, 2024, 10:23 PM IST

thumbnail

কৰিমগঞ্জ, ১ মাৰ্চ: কৰিমগঞ্জৰ ৰামকৃষ্ণনগৰত শুকুৰবাৰে ৬০০ কোটি ৭৮ লাখ টকা ব্যায়ৰে নিৰ্মাণ হ'বলগীয়া কৰিমগঞ্জ চিকিৎসা মহাবিদ্য়ালয়ৰ ভূমিপূজন কৰিলে মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মাই । মুখ্যমন্ত্ৰী গৰাকীয়ে লগতে অসম মালাৰ অধীনত ৯১ কোটি টকাৰে নিৰ্মাণ কৰিবলগীয়া পথৰো শিলান্যাস কৰে । এই শিলান্যাস কৰি কয়," ৫১ বছৰৰ পিছত বৰাকত দ্বিতীয়খন মেডিকেল কলেজ হ'ব । কংগ্ৰেছৰ দিনত এহেজাৰ কোটি টকাৰ পেকেজ দিছিল, কিন্ত এটকাৰো কাম হোৱা নাই । এইবোৰ কথা ক'লে আগতে কমলাক্ষই বেয়া পাইছিল, কিন্ত এতিয়া নাপায় । "

অহা চাৰি বছৰৰ ভিতৰত মেডিকেল কলেজ ৰ কাম সম্পূৰ্ণ হ'ব বুলি উল্লেখ কৰি পুনৰ কয়," মই আকৌ ফিটা কাটিবলৈ আহিম । লগতে শনবিলৰ মাছ খাই যাম ।" মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মাই উন্নয়নৰ স্বাৰ্থত সকলো ৰাজনৈতিক দলক এক গোট হোৱাৰ আহ্বান জনায় । ইপিনে, অহা লোকসভা নিৰ্বাচনত বৰাকৰ দুখন আসন বিজয়ী হ'লে বৰাকত উন্নয়নৰ বন্যা হ'ব বুলি তেওঁ কয় ।  

উক্ত অনুষ্ঠানৰ মুখ্যমন্ত্ৰী গৰাকীক সংগ দিয়ে স্বাস্থ্য় মন্ত্ৰী কেশব মহন্ত, সাংসদ পল্লব লোচন দাস, ৰাজদীপ ৰয়, কৃপানাথ মাল্লাহ, কৃষ্ণেন্দু পাল, বিধায়ক কমলাক্ষ দে পুৰকায়স্থ, চিদ্দেক আহমেদ আদিয়ে ।

লগতে পঢ়ক:আজি প্ৰকাশ পাব বিজেপিৰ প্ৰাৰ্থী তালিকা, কাৰ কপালত 'টিকেট টু লোকসভা' ?

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.