কাছাৰ,২৫ জানুাৱৰী:লটাৰীৰ নামত প্ৰবঞ্চনা । কাছাৰত লাখ লাখ টকা লুটি নিলে এটা প্ৰৱঞ্চক চক্ৰই ৷ কাছাৰৰ এটা অঞ্চলৰ নিৰীহ লোকৰ পৰা লটাৰীৰ নামত মাহত ৬০০ টকাকৈ সংগ্ৰহ ৷ ধন সংগ্ৰহ কৰিবলৈ অহা প্ৰবঞ্চকক আটক কৰি আৰক্ষীক গতালে ভুক্তভোগীসকলে ৷ মাৰুপ লটাৰী নামেৰে কাছাৰৰ বিভিন্ন অঞ্চলত প্ৰৱঞ্চনাৰ জাল পেলাইছিল এটা চক্ৰই ৷ প্ৰতিমাহত লটাৰী খেলৰ নামৰে দৰিদ্ৰ লোকৰ পৰা ৬০০ টকাকৈ সংগ্ৰহ কৰিছিল চক্ৰটোৱে ৷
কাছাৰৰ মিজোৰাম সীমান্তৱৰ্তী কৰকটবস্তিত পোহৰলৈ আহিল এই ঘটনা । অঞ্চলটোৰ প্ৰায় ৩০০ জনকৈ লোকৰ পৰা মাহত ৬০০ টকাকৈ সংগ্ৰহ কৰে এটা চক্ৰই ৷ লটাৰী বিজয়ীক ৬০ হাজাৰকৈ টকা প্ৰদান কৰা হব বুলি প্ৰতিশ্ৰতি দিছিল প্ৰৱঞ্চক সন্থাটোৱে ৷ কিন্তু কোনো লটাৰী খেল অনুষ্ঠিত নকৰি মাহে মাহে গাঁৱৰ লোকসকলৰ পৰা অৰ্থ সংগ্ৰহ কৰে প্ৰৱঞ্চক দলটোৱে ৷ ভুক্তভোগীসকলে জানিবলৈ দিয়া অনুসৰি প্ৰায় ১৭ মাহে তেঁওলোকৰ পৰা অৰ্থ সংগ্ৰহ কৰা হয় ৷
এনেদৰে কাছাৰৰ বিভিন্ন গাঁৱৰ শ শ লোকৰ পৰা অৰ্থ সংগ্ৰহ কৰে দলটোৱে ৷ গাঁৱৰ সহজ সৰল লোকে ৬০ হাজাৰৰ আশাত মাহে মাহে ৬০০ টকাকৈ প্ৰদান কৰে ৷ পিচে সকলোৰ চকু খোলে এজন ভুক্তভোগীৰ মৃত্যুৰ পাচত ৷ পৰিৱালৰ লোকসকলে টকা ঘূৰাই দিবলৈ আবেদন কৰাৰ পিচতো লটাৰী সন্থাৰ সদস্যসকলে টকা ঘুৰাই নিদিয়াত গ্ৰহকসকলৰ মাজত সন্দেহৰ সৃষ্টি হয় ৷ লটাৰী অনুষ্ঠিত নকৰাকৈ মাহে মাহে টকা সংগ্ৰহ কৰাৰ পাচত লোকৰ মূলধন ঘূৰাই দিব বিচৰা নাই সন্থাটোৱে ৷