অসম

assam

বড়ো জাতিয়ে নিজৰ প্ৰাপ্যৰ কাৰণে সংগ্ৰাম কৰিছে : দ্বীপেন বড়ো

By ETV Bharat Assamese Team

Published : Jan 23, 2024, 2:36 PM IST

19th Annual Session of Baksa ABSU : বৰমাত বাক্সা জিলা এবছুৰ ১৯ সংখ্যক বাৰ্ষিক অধিবেশন সম্পন্ন । বাক্সা জিলা এবছুৰ সভাপতি উমেশ দৈমাৰীৰ সভাপতিত্বত অনুষ্ঠিত হয় মুকলি অধিবেশন । এই সভাত মাতৃভাষাত শিক্ষা গ্ৰহণত গুৰুত্বআৰোপ কৰে মন্ত্ৰী ইউ জি ব্ৰহ্মই ।

Annual Session of Baksa ABSU
বাক্সা জিলা এবছুৰ ১৯ সংখ্যক বাৰ্ষিক অধিবেশন

বাক্সা, ২৩ জানুৱাৰী : "বড়ো জাতি কোনো কালে নিঃশেষ হৈ নাযায় ৷ বড়ো জাতিৰ নিজৰ প্ৰাপ্য অধিকাৰৰ কাৰণে সময়ে সময়ে একাংশ উদ্যোমী যুৱকে সশস্ত্ৰ সংগ্ৰাম কৰাৰ লগতে একাংশই আলোচনাৰ মাধ্যমেৰে আন্দোলন কৰি আহিছে ৷" সোমবাৰে বৰমাত বাক্সা জিলা এবছুৰ ১৯ সংখ্যক বাৰ্ষিক অধিবেশনত নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰি এনদৰে মন্তব্য় কৰে এবছুৰ সভাপতি দ্বীপেন বড়োৱে ৷ তেওঁ পুনৰ কয় যে বড়ো জাতিক এটা উন্নত জাতি কৰিবলৈ ৫৬ বছৰ আগতে বড়ো জাতিক মনে-প্ৰাণে ভাল পোৱা কিছু বড়ো ছাত্ৰ-ছাত্ৰীয়ে নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৰ জন্ম দিছিল ৷ বৰ্তমান একাংশ লোকে এবছুৰ বেনাৰত থাকিয়েই বাহ বাহ লয় আৰু এবছুৰ কিছুমান প্ৰস্তাৱক সমালোচনা কৰা দেখা যায় বুলিও দোহাৰে ৷

বাক্সা জিলা এবছুৰ সভাপতি উমেশ দৈমাৰীৰ সভাপতিত্বত অনুষ্ঠিত মুকলি অধিবেশন মুকলি কৰে কেবিনেট মন্ত্ৰী ইউ জি ব্ৰহ্মই ৷ ভাষণ প্ৰসংগত তেওঁ কয় যে এবছুই জন্মলগ্নৰে পৰাই বড়ো জাতিৰ কাম কৰি আছে আৰু বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ নেতৃত্বত নতুন প্ৰজন্মইয়ো তাৰেই আৰ্হিত কাম কৰিছে ৷ মাতৃভাষাৰে শিক্ষা গ্ৰহণ কৰাৰ প্ৰতি গুৰুত্ব আৰোপ কৰে ইউ জি ব্ৰহ্মই ৷ মুকলি অধিবেশনত উপস্থিত থাকি বি টি আৰৰ মুখ্য কাৰ্যবাহী সদস্য় প্ৰমোদ বড়োৱে বি টি আৰত থকা সকলো জাতি-জনগোষ্ঠীক মিলা-প্ৰীতিৰে বসবাস কৰিবলৈ আহ্বান জনায় ৷ ছাত্ৰ-ছাত্ৰী সকলে যাতে ৰাজনীতিত আহিব নোৱাৰে তাৰ বাবে অভিভাৱক সকলক তেওঁ সতৰ্ক হ'বলৈ আহ্বান জনায় ৷

এই অধিবেশনত অংশগ্ৰহণ কৰে বড়ো সাহিত্য সভাৰ সাধাৰণ সম্পাদক হেমেন দেউৰী ৷ ইয়াৰ পূৰ্বে পুৱা এবছুৰ পতাকা উত্তোলন কৰে বাক্সা জিলা এবছুৰ সভাপতি উমেশ দৈমাৰীয়ে ৷ ৯ বজাত বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা বৰমাৰ সোমাজেৰে উলিওৱা হয় ৷ পুৱা ১১ বজাত স্মৃতিগ্ৰন্থ উন্মোচন কৰে এম চি এল এ বিজিত গৌৰা নাৰ্জাৰীয়ে । অধিবেশনখনত উপস্থিত থাকে বি টি আৰৰ অধ্যক্ষ কাতিৰাম বড়ো, ইএম ৰাকেশ ব্ৰহ্ম, সমাজ সেৱক সুৰেন মদাহী, বৰমা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী অনু দেৱী, আগছুৰ পৰাশ মণী পৰাজুলী, বৰমা চেম্বাৰ্চ অফ কমাৰ্চৰ সভাপতি বিপুল কলিতা, বাক্সা জিলা আছুৰ সভাপতি সম্পাদক আদি ৷ সন্ধিয়া ৬ বজাৰ পৰা সাংস্কৃতিক অনুষ্ঠান আৰম্ভ হয় ৷

লগতে পঢ়ক:কোন মন্ত্ৰীয়ে ক’ত ’24 ৰ গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰিব ?

ABOUT THE AUTHOR

...view details