ETV Bharat / state

কোন মন্ত্ৰীয়ে ক’ত ’24 ৰ গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰিব ? - গণৰাজ্য দিৱস সমাগত

Flag hoist on 26th January : সমাগত ’24 ৰ গণৰাজ্য দিৱস ৷ এই গণৰাজ্য দিৱসৰ অনুষ্ঠানত কোন মন্ত্ৰীয়ে ক’ত পতাকা উত্তোলন কৰিব ?

Flag hoist on 26th January
গণৰাজ্য দিৱস পতাকা উত্তোলন
author img

By ETV Bharat Assamese Team

Published : January 22, 2024 at 9:51 PM IST

Updated : January 22, 2024 at 10:17 PM IST

2 Min Read

নিউজ ডেস্ক, 22 জানুৱাৰী : গণৰাজ্য দিৱস সমাগত ৷ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ ধামখুমীয়াৰ মাজত এইবাৰ গণৰাজ্য দিৱসৰ বাবে সাজু হৈছে অসম চৰকাৰ ৷ সোমবাৰে সন্ধিয়া মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কেবিনেট বৈঠকে আগন্তুক গণৰাজ্য দিৱসৰ দিনটোত কোন মন্ত্ৰীয়ে ক’ত তিৰংগ পতাকা উত্তোলন কৰিব সেই সূচী চূড়ান্ত কৰে ৷

সেই অনুসৰি, মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ডিব্ৰুগড়ত, উৰ্খাও গৌৰা বহ্মই তেজপুৰত, অতুল বৰাই যোৰহাটত পতাকা উত্তোলন কৰিব ৷ ঠিক একেদৰে ধুবুৰীত চন্দ্ৰ মোহন পাটোৱাৰীয়ে, শিলচৰত পৰিমল শুক্লবদ্যই, কামৰূপত কেশৱ মহন্তই আৰু তিনিচুকীয়াত পতাকা উত্তোলন কৰিব ডাঃ ৰণোজ পেগুৱে ৷

আনহাতে, অশোক সিংহলে বঙাইগাঁৱত, যোগেন মহনে ধেমাজিত, সঞ্জয় কিষাণে শিৱসাগৰত, অজন্তা নেওগে মঙলদৈত আৰু পীযুষ হাজৰিকাই মৰিগাঁৱত উত্তোলন কৰিব গণৰাজ্য দিৱসৰ তিৰংগ পতাকা ৷ আনহাতে, মাজুলীত বিমল বড়াই, গোলাঘাটত জয়ন্ত মল্ল বৰুৱাই, গোৱালপাৰাত নন্দিতা গাৰ্লোচাই পতাকা উত্তোলন কৰিব ৷ অনুৰূপভাৱে প্ৰমোদ বড়োৱে কোকৰাঝাৰত, তুলিৰাম ৰংহাঙে ডিফুত আৰু দেৱলাল গাৰ্লোচাই হাফলঙত গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰিব ৷

উল্লেখ্য যে, গুৱাহাটীৰ খানাপাৰাস্থিত পশু চিকিৎসালয় মহাবিদ্যালয়ৰ খেলপথাৰত কেন্দ্ৰীয়ভাৱে আয়োজিত গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰিব ৰাজ্যপাল গুলাবচান্দ কাটাৰীয়াই ৷ এই অনুষ্ঠানতে উপস্থিত থাকিব মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷

আজিৰ কেবিনেট বৈঠকৰ পিচতেই মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই এই সিদ্ধান্তৰ বিষয়ে সংবাদ মাধ্যমক অৱগত কৰি আৰু কয় যে আগন্তুক 22 ফেব্ৰুৱাৰীত অসম চৰকাৰৰ সমগ্ৰ মন্ত্ৰীসভাখনেই অযোধ্যালৈ ৰাওনা হ’ব ৰাম মন্দিৰ দৰ্শনৰ বাবে ৷

লগতে পঢ়ক : তৎকালীনভাবে মুখ্যমন্ত্ৰীক পদত্যাগৰ দাবী বিৰোধী ঐক্য মঞ্চৰ

Last Updated : January 22, 2024 at 10:17 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.