ETV Bharat / state

তৎকালীনভাবে মুখ্যমন্ত্ৰীক পদত্যাগৰ দাবী বিৰোধী ঐক্য মঞ্চৰ

author img

By ETV Bharat Assamese Team

Published : Jan 22, 2024, 2:26 PM IST

Bharat jodo Nyay yatra: "অসমত হিটলাৰী শাসন চলিছে । দেশত চলিছে অঘোষিত জৰুৰীকালীন পৰিস্থিতি। ইয়াৰ বাবে তৎকালীনভাবে মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰা উচিত"- অখিল গগৈ

Opposition Unity Forum
তৎকালীনভাবে মুখ্যমন্ত্ৰীক পদত্যাগৰ দাবী বিৰোধী ঐক্য মঞ্চৰ

গুৱাহাটী, 22 জানুৱাৰী : ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাত দেওবাৰে সংঘটিত হোৱা ঘটনা মুখ্যমন্ত্ৰীৰ উচতনিত সংঘটিত হৈছে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে । সোমবাৰে বিৰোধী ঐক্য মঞ্চৰ হৈ দিছপুৰ প্ৰেছ ক্লাৱত এক সংবাদমেল সম্বোধন কৰি কয় যে, ভাৰত জোড়ো ন্যায় যাত্ৰা অসম ভ্ৰমণৰ চতুৰ্থ দিনা আক্ৰমণ কৰিলে উদণ্ড দুর্বৃত্তই। শোণিতপুৰ জিলাৰ জামুগুৰিহাটত সংঘটিত হ’ল এই নিকৃষ্ট কাণ্ড । ৰাহুল গান্ধী আৰু কংগ্রেছৰ জ্যেষ্ঠ নেতা জয়ৰাম ৰমেশৰ সন্মুখতে এচাম দুর্বৃত্তই শাৰীৰিকভাবে প্ৰহাৰ কৰে ৷ প্রদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰাক উদণ্ড যুৱকৰ দলে গুৰুলা-গুৰুলকৈ কৰা প্ৰহাৰত ৰক্তাক্ত হৈ পৰিল প্রদেশ কংগ্রেছৰ সভাপতিৰ মুখমণ্ডল। দলবদ্ধ আক্রমণত নাক ভাঙি তেজ ওলাল ভূপেন বৰাৰ । এই আক্ৰমণ সংবিধানৰ ওপৰত আক্ৰমণ।

এই আক্ৰমণ দেশৰ বিধি-ব্যৱস্থাৰ ওপৰত আক্ৰমণ । এই আক্ৰমণ অসমৰ সংস্কৃতিৰ ওপৰত আক্ৰমণ । এই ঘটনাক আমি তীব্ৰ গৰিহণা দিছো । এয়া মুখ্যমন্ত্ৰীৰ চূড়ান্ত ব্যৰ্থতাৰ বহিঃপ্ৰকাশ। আইন শৃংখলাৰ অৱনতি ঘটাৰ বাবে গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰিবলৈ দাবী জনায় বিৰোধী ঐক্য মঞ্চই ৷

সংবাদমেলত বিৰোধী ঐক্যমঞ্চৰ হৈ বিধায়ক অখিল গগৈয়ে মন্তব্য কৰি কয় যে, ৰাহুল গান্ধী, জয়ৰাম ৰমেশ আৰু ভূপেন বৰাৰ আক্ৰমণৰ ঘটনাই অসমক বিশ্বৰ দৰবাৰত বদনামী কৰিছে ৷ এনে ঘৃণনীয় আক্ৰমণ গৰিহণাৰ যোগ্য। প্ৰত্যেকজন অসমীয়াই এনে কাণ্ডক ঘৃণা কৰা উচিত।

তেওঁ লগতে কয় মুখ্যমন্ত্ৰীৰ নিৰ্দেশত যদি এই আক্ৰমণ হোৱাও নাই তথাপি অসমৰ গৃহমন্ত্ৰী সম্পূৰ্ণৰূপে ব্যৰ্থ । অসমত হিটলাৰী শাসন চলিছে । দেশত চলিছে অঘোষিত জৰুৰীকালীন পৰিস্থিতি। ইয়াৰ বাবে তৎকালীন ভাবে মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰা উচিত।
পদত্যাগ কৰাৰ পৰিৱৰ্তে মুখ্যমন্ত্ৰীয়ে ঘটনাটো বিপথে পৰিচালিত কৰিব বিচাৰিছে।
ইয়াৰ বাবে মুখ্যমন্ত্ৰীয়ে ৰাহুল গান্ধীকে দোষাৰোপ কৰা দেখা গৈছে । এই ঘটনাৰ বাবে মুখ্যমন্ত্ৰীয়ে ৰাজহুৱাভাবে ক্ষমা কৰা উচিত।

লগতে পঢ়ক: ‘‘আমাৰেই মেকুৰী’’ বুলি হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণ মল্লিকাৰ্জুন খাৰ্গেৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.