ETV Bharat / bharat

‘‘আমাৰেই মেকুৰী’’ বুলি হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণ মল্লিকাৰ্জুন খাৰ্গেৰ

author img

By ETV Bharat Assamese Team

Published : Jan 21, 2024, 10:29 PM IST

Updated : Jan 22, 2024, 2:30 PM IST

Kharge Slams CM Himanta: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সমালোচনাৰ বাবে আমাৰ মেকুৰীৰ উদাহৰণ কংগ্ৰেছৰ মুৰব্বী মল্লিকাৰ্জুন খাৰ্গেৰ ৷ হিমন্ত বিশ্ব শৰ্মাই মানুহক ভয় খুৱাই পৰৱৰ্তী নিৰ্বাচনত জয়ী হ’বলৈ চেষ্টা কৰিছে বুলি কয় খাৰ্গেই ৷

Kharge Slams CM Himanta
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সমালোচনা মল্লিকাৰ্জুন খৰ্গেৰ

নিউজ ডেস্ক, 21 জানুৱাৰী : কংগ্ৰেছৰ মুৰব্বী মল্লিকাৰ্জুন খাৰ্গেই দেওবাৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ আক্ৰমণ কৰি কয় যে দলটোৰ ভাৰত জোড়ো ন্যায় যাত্ৰা ৰাজ্যখনত আক্ৰমণৰ বলি হৈছে, কাৰণ তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘চেলা’ (শিষ্য) ৷ বিজেপিত যোগদান কৰাৰ পূৰ্বে কংগ্ৰেছৰ সৈতে শৰ্মাৰ দীৰ্ঘদিনীয়া সম্পৰ্কৰ কথা উল্লেখ কৰি খাৰ্গেই কয় যে "আমাৰ নিজৰ মেকুৰীয়েই এতিয়া আমাক মিউ মিউ কৰি আছে ৷" কংগ্ৰেছৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে অসমত তেওঁৰ কনভয়ত শিল নিক্ষেপ কৰা বুলি দাবী কৰাৰ পিছত এই প্ৰতিক্ৰিয়া খাৰ্গেৰ ৷

নগাঁৱত এখন সভাত ভাষণ দি খাৰ্গেই কয় যে হিমন্ত বিশ্ব শৰ্মাই মানুহক ভয় খুৱাই পৰৱৰ্তী নিৰ্বাচনত জয়ী হ’বলৈ চেষ্টা কৰিছে ৷ তেওঁ কয়, "ভাৰত জোডো ন্যায় যাত্ৰা 15 খন ৰাজ্য পাৰ হ'ব ৷ ইয়াৰ পূৰ্বৰ যাত্ৰাৰ কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈকে কৰা হৈছিল ৷ সেই সময়ত ক'তো শিলগুটি নিক্ষেপ হোৱা নাছিল ৷ ভয় খুৱাবলৈ কোনো চেষ্টা কৰা হোৱা নাছিল...অসমত কিয় এনেকুৱা হৈছে ? কাৰণ তেওঁ (অসমৰ মুখ্যমন্ত্ৰী) প্ৰধানমন্ত্ৰী মোদীৰ 'চেলা' ৷ শ্বাহে কোৱা কথাবোৰ তেওঁ শুনি থাকে ৷ তেওঁ দেশৰ দলিত, সংখ্যালঘু আৰু পিছপৰা শ্ৰেণীক ভয় খুৱাইছে ৷ মানুহক ভয় খুৱাই তেওঁ পৰৱৰ্তী নিৰ্বাচনৰ কাম কৰি আছে ৷"

তেওঁ কয় যে কনভয়ত আক্ৰমণ বিজেপিৰ অস্থিৰতাৰ পৰাই উদ্ভৱ হৈছে ৷ "ৰাহুল গান্ধীৰ যাত্ৰা খুউব ভালদৰে চলি আছে ৷ এইটো দেখি বিজেপি উদ্বিগ্ন হৈ পৰিছে ৷ সেয়েহে তেওঁলোকে আমাৰ পিচিচি সভাপতিক আক্ৰমণ কৰে ৷ কিন্তু তেওঁ ভয় খোৱা ব্যক্তি নহয় ৷ তেওঁ কংগ্ৰেছৰ এজন যোদ্ধা ৷ কংগ্ৰেছে কাকো ভয় নকৰে ৷" খাৰ্গেই কয় ৷

কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে কয় যে শোণিতপুৰৰ জামুগুৰিহাটত তেওঁৰ বাহনখনক “বিজেপিৰ উশৃংখল দলে” আক্ৰমণ কৰে ৷ ইফালে দেওবাৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে অভিযোগ উত্থাপন কৰে যে অসম চৰকাৰে জনসাধাৰণক দলৰ ভাৰত জোড়ো ন্যায় যাত্ৰাত যোগদান নকৰিবলৈ সকীয়াই দিছে ৷

ৰাহুল গান্ধীয়ে কয়, "চৰকাৰে জনসাধাৰণক ভাবুকি দি দমন কৰিব পাৰিব বুলি ভাবে ৷ কিন্তু তেওঁলোকে উপলব্ধি কৰা নাই যে এয়া ৰাহুল গান্ধীৰ যাত্ৰা নহয়, ই জনসাধাৰণৰ কণ্ঠৰ যাত্ৰা ৷"

গান্ধীয়ে লগতে কয় যে মুখ্যমন্ত্ৰী শৰ্মা আৰু তেওঁৰ পৰিয়াল দেশৰ ভিতৰতে আটাইতকৈ দুৰ্নীতিগ্ৰস্ত ৷ কংগ্ৰেছৰ সাংসদগৰাকীয়ে অভিযোগ কৰে- "সকলোৱে জানে যে মুখ্যমন্ত্ৰী আৰু তেওঁৰ সমগ্ৰ পৰিয়ালটোৱেই আটাইতকৈ দুৰ্নীতিগ্ৰস্ত ৷ অসম চৰকাৰ এটা পৰিয়ালৰ সুবিধাৰ্থে চলোৱা হয়..."

লগতে পঢ়ক : আক্ৰমণৰ সন্মুখীন ভাৰত জোড়ো ন্যায় যাত্ৰা, আঘাতপ্ৰাপ্ত ভূপেন বৰা

Last Updated : Jan 22, 2024, 2:30 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.