অসম

assam

কা বিৰোধী আন্দোলন প্ৰতিৰোধ কৰিবলৈ সষ্টম হৈছে অসম আৰক্ষী

By ETV Bharat Assamese Team

Published : Mar 5, 2024, 8:23 AM IST

Anti CAA movement in Assam: ৰাজ্যত পুনৰ উকমুকাইছে কা বিৰোধী আন্দোলনৰ দাবানল ৷ পুনৰ ৰাজ্যজুৰি উত্তপ্ত পৰিস্থিতি সৃষ্টি হোৱাৰ সম্ভাৱনা সৃষ্টি হোৱাৰ লগে লগে সষ্টম হৈছে অসম আৰক্ষী। মহানগৰীত প্ৰতিবাদ শূন্য কৰিবলৈ কুচকাৱাজ আৰম্ভ কৰিছে আৰক্ষীয়ে ।

Etv BharatAnti CAA movement in Assam
কা বিৰোধী আন্দোলন প্ৰতিৰোধ কৰিবলৈ সষ্টম হৈছে অসম আৰক্ষী

কা বিৰোধী আন্দোলন প্ৰতিৰোধ কৰিবলৈ সষ্টম হৈছে অসম আৰক্ষী

গুৱাহাটী, 5 মাৰ্চ : লোকসভা নিৰ্বাচনৰ পূৰ্বেই নাগৰিকত্ব সংশোধনী আইন বলৱৎ কৰিবলৈ তৎপৰ হৈছে কেন্দ্ৰৰ বিজেপি চৰকাৰে ৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ইতিমধ্যেই এই কথা ঘোষণা কৰিছে ৷ এনে পৰিস্থিতিত ৰাজ্যত পুনৰ উকমুকাইছে কা বিৰোধী আন্দোলনৰ দাবানল ৷

নাগৰিকত্ব সংশোধনী আইন চমুকৈ কা ক লৈ পুনৰ ৰাজ্যজুৰি উত্তপ্ত পৰিস্থিতি সৃষ্টি হোৱাৰ সম্ভাৱনা দেখা দিয়াৰ লগে লগে সষ্টম হৈছে অসম আৰক্ষী। মহানগৰীত প্ৰতিবাদ শূন্য কৰিবলৈ কুচকাৱাজ আৰম্ভ কৰিছে আৰক্ষীয়ে । ইতিমধ্যে ৰাজ্যৰ বিৰোধী দল, সংগঠনসমূহে CAA বিৰোধিতা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পিচতে মহানগৰীৰ ৰাজহুৱা স্থান, মহাবিদ্যালয়, জনতা ভৱন, জিলা উপায়ুক্তৰ কাৰ্যালয়কে ধৰি মহানগৰীৰ অলি‌য়ে গলিয়ে কাৰ বিৰোধী প্ৰতিবাদ ৰোধ কৰাৰ বাবে আৰক্ষী সষ্টম হৈ পৰিছে ।

আৰক্ষীয়ে বিভিন্ন স্থানত বেৰিকেড স্থাপন কৰাৰ লগতে আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনীয়ে নিয়মীয়াকৈ টহল দিছে । মহানগৰীৰ লগতে প্ৰতিখন জিলাতে কা বিৰোধী প্ৰতিবাদ ৰোধৰ বাবে আৰক্ষী, অৰ্ধ সামৰিক বাহিনীয়ে কুচকাৱাজ আৰম্ভ কৰিছে । ইতিমধ্যে জিলা প্ৰশাসনে প্ৰতিবাদ ৰোধৰ বাবে জিলাভিত্তিক সুৰক্ষা বেষ্টনী গঢ়ি তোলাৰ নিৰ্দেশ প্ৰদান কৰিছে প্ৰত্যেকখন জিলাৰ আৰক্ষী অধীক্ষকক ।

লক্ষণীয় যে, নাগৰিক সংশোধনী আইন চমুকৈ 'কা'ৰ বিধি প্রস্তুত কৰাৰ বাবে সাজু হৈছে চৰকাৰ । 'কা' বলৱৎ কৰাৰ বাবে চলি থকা প্রস্তুতি সন্দর্ভত ইতিমধ্যে কেন্দ্রীয় গৃহ মন্ত্রণালয়ে অসম চৰকাৰক অৱগত কৰিছে আৰু ইয়াৰ সম্ভাৱ্য প্রতিক্রিয়াৰ প্রতি সজাগ আৰু সতর্ক দৃষ্টি ৰাখিবলৈ সতৰ্ক কৰি দিছে । কেন্দ্ৰীয় চৰকাৰৰ এই জৰুৰী বাৰ্তাৰ পাচতেই সষ্টম হৈ পৰিছে অসম চৰকাৰ । সম্ভাৱ্য পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ যুদ্ধকালীন তৎপৰতাৰে সাজু কৰা হৈছে অসম আৰক্ষীক ।

লগতে পঢ়ক:কা বাতিলৰ দাবীত আমগুৰিত তীব্ৰ প্ৰতিবাদ, জি পি সিঙৰ ভূমিকাক সমালোচনা প্ৰতিবাদকাৰীৰ

ABOUT THE AUTHOR

...view details