অসম

assam

প্ৰতিশোধৰ শেলে হিমন্ত বিশ্বৰ বুকুত এদিন আঘাত হানিব: মীৰা বৰঠাকুৰ

By ETV Bharat Assamese Team

Published : Jan 22, 2024, 8:05 PM IST

Congress Protest Against BJP : ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ কনভয় আৰু অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ ওপৰত বিজেপি কৰ্মীয়ে কৰা আক্ৰমণৰ অভিযোগৰ ন্যায় বিচাৰি প্ৰতিবাদ কংগ্ৰেছ কৰ্মীৰ । মহানগৰীৰ ৰাজীৱ ভৱনত সাব্যস্ত কৰে প্ৰতিবাদী কাৰ্যসূচী ।

ভূপেন বৰাক আক্ৰমণৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদ
ভূপেন বৰাক আক্ৰমণৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদ

গুৱাটীত কংগ্ৰেছৰ বিশাল প্ৰতিবাদ

গুৱাহাটী, ২২ জানুৱাৰী :গুৱাহাটী মহানগৰীৰ ৰাজীৱ ভৱনত অসম প্ৰদেশ কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ । দেওবাৰে ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ সময়ত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ ওপৰত কৰা আক্ৰমণৰ ন্যায় বিচাৰি প্ৰতিবাদ সাব্যস্ত দলটোৰ নেতা-কৰ্মীৰ । প্ৰতিবাদস্থলীৰ পৰা মুখ্যমন্ত্ৰী তথা বিজেপিক তীব্ৰ সমালোচনা কংগ্ৰেছ নেতৃত্বৰ ।

আনহাতে, প্ৰতিবাদস্থলীৰ পৰা মুখ্যমন্ত্ৰীক কটু সমালোচনা কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰৰ । অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ ওপৰত বিজেপি কৰ্মীয়ে কৰা আক্ৰমণ সন্দৰ্ভত মন্তব্য কৰি মীৰা বৰঠাকুৰে কয়, "হিমন্ত বিশ্ব শৰ্মাই নিজৰ পতনৰ আখৰাত নিজেই ব্ৰতী হৈছে । প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ১৫ বছৰ মুখ্যমন্ত্ৰী হোৱাৰ পিচতো ইমান অহংকাৰী হোৱা নাছিল । হিমন্ত বিশ্ব শৰ্মাই কালি এটা কথা কৈছিল যে মোৰ প্ৰতিশোধ লোৱাৰ ইচ্ছা আছিল, মই প্ৰতিশোধ ল'ম । কিন্তু বালিলৈ যিপাত শৰ সুগ্ৰীৱলৈও সেই একেপাত শৰেই । এই কথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্বক শৰ্মাই মনত ৰখা উচিত । এই প্ৰতিশোধৰ শেলে হিমন্ত বিশ্ব শৰ্মাৰ বুকুত এদিন আঘাত হানিব সেই কথা পাহৰি যাব নালাগে ।"

ইয়াৰ লগতে প্ৰশাসনৰ ভূমিকা সন্দৰ্ভত মন্তব্য কৰি তেওঁ কয়, "এগৰাকী অতিথি হিচাপে এটা যাত্ৰাত ৰাহুল গান্ধী অসমলৈ আহিছে । অসমৰ আৰক্ষীয়ে যদি এটা যাত্ৰাক সুৰক্ষা দিব নোৱাৰে, ৩ কোটি ১৬ লাখ মানুহক কেনেদৰে সুৰক্ষা দিব ?"

ইফালে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক আক্ৰমণত বিধায়ক পদ্ম হাজৰিকাৰ ঘনিষ্ঠৰ হাত থকাৰ অভিযোগ সম্পৰ্কে মীৰা বৰঠাকুৰে কয়, "যিজন বিধায়কৰ নাম ওলাইছে তেওঁক এগৰাকী গুণ্ডা বিধায়ক বুলি সকলোৱে জানে । মুখ্যমন্ত্ৰীয়েই যদি গুণ্ডা হয়, তেওঁৰ সাংগো-পাংগো সকলো গুণ্ডায়েই হ'ব । মুখ্যমন্ত্ৰীয়ে যদি হাৱা-পানী নিদিয়ে, তেনেহ'লে এনে কাৰ্য কৰিবলৈ কাৰোবাৰ সাধ্য আছে নেকি ?"

লগতে পঢ়ক :মুখ্যমন্ত্রীয়ে অসমখনক গুণ্ডাৰাজলৈ পৰিণত কৰিলে: মীৰা বৰঠাকুৰ

ABOUT THE AUTHOR

...view details