অসম

assam

গণতন্ত্ৰক হত্যা কৰিছে বিজেপিয়ে: লুৰীণজ্যোতি গগৈ - LOK SABHA ELECTIONS

By ETV Bharat Assamese Team

Published : Mar 22, 2024, 5:41 PM IST

Updated : Mar 22, 2024, 7:33 PM IST

Lok Sabha Election 2024 : এতিয়া ইডি, নিয়া, চিবিআই আদি বিজেপিৰ একপ্ৰকাৰৰ ব্লেকমেইলিঙৰ অস্ত্ৰ ৷ এইবাৰ ৰাইজে সঠিক আৰু শুদ্ধ সিদ্ধান্ত ল’ব ৷ ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাৰ্থী লুৰীণজ্যোতি গগৈৰ মন্তব্য এয়া ৷

Lok Sabha Election 2024
গণতন্ত্ৰক হত্যা কৰিছে বিজেপিয়ে- লুৰীণজ্যোতি গগৈ

গণতন্ত্ৰক হত্যা কৰিছে বিজেপিয়ে- লুৰীণজ্যোতি গগৈ

তিনিচুকীয়া, ২২ মাৰ্চ: "মই প্ৰবল আত্মবিশ্বাসী ৷ এইবাৰ ৰাইজে সঠিক আৰু শুদ্ধ সিদ্ধান্ত ল’ব ৷ অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰাৰ ঘটনা গণতন্ত্ৰৰ বাবে অতি দুৰ্ভাগ্যজনক কথা ৷ এতিয়া ইডি, নিয়া, চিবিআই আদি বিজেপিৰ একপ্ৰকাৰৰ ব্লেকমেইলিঙৰ অস্ত্ৰ ৷" শুকুৰবাৰে তিনিচুকীয়া জিলা কংগ্ৰেছ ভৱনত উপস্থিত অসম জাতীয় পৰিষদৰ সভাপতি তথা বিৰোধী ঐক্য মঞ্চৰ ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাৰ্থী লুৰীণজ্যোতি গগৈ উপস্থিত হৈ এইদৰে মন্তব্য প্ৰকাশ কৰে ৷

ৰাজ্যজুৰি নিৰ্বাচনী প্ৰচাৰ চলি আছে ৷ শাসকীয়-বিৰোধী দলসমূহৰে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে নিৰ্বাচনী ৰণডংকা বজাইছে ৷ বৃহস্পতিবাৰে বিৰোধী ঐক্য মঞ্চৰ ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাৰ্থী লুৰীণজ্যোতি গগৈয়ে তিনিচুকীয়া জিলাত উপস্থিত হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে ৷ গগৈ উপস্থিত হোৱাৰ লগে লগে কংগ্ৰেছ ভৱনত তেওঁক উষ্ম আদৰণি জনাই জিলাখনৰ কংগ্ৰেছৰ নেতৃত্ব তথা সদস্য-সদস্যাসকলে ৷ পৰৱৰ্তী সময়ত কংগ্ৰেছ আৰু অসম জাতীয় পৰিষদৰ মাজত এখন যৌথ সভাৰ আয়োজন কৰা হয় ৷

এই সভাত অংশগ্ৰহণ কৰি প্ৰাক্তন সাংসদ পৱন সিং ঘাটোৱাৰে কয় যে, গণতান্ত্ৰিক যুদ্ধত জয়যুক্ত কৰিবলৈ কংগ্ৰেছ দলে লুৰীণজ্যোতি গগৈক সম্পূৰ্ণৰূপে সহায়-সহযোগিতা আগবঢ়াব ৷ বিৰোধী ঐক্য মঞ্চৰ ফালৰ পৰা গগৈক সকলোৱে সক্ৰিয়ভাৱে সহায় কৰিব ৷

জিলা কংগ্ৰেছৰ সভাপতি প্ৰণৱ বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা যৌথ সভাখনত প্ৰাক্তন সাংসদ পৱন সিং ঘাটোৱাৰ, প্ৰাক্তন বিধায়ক ৰাজু চাহু, দূৰ্গা ভূমিজ, অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞা, জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী শোভা দহোতীয়া মৰাণকে আদি কৰি কংগ্ৰেছৰ ভাতৃ-ভগ্নী সংগঠনৰ নেতৃত্ব তথা বিষয়ববীয়াসকল উপস্থিত থাকে ৷

লগতে পঢ়ক:ৰাইজৰ সঁহাৰি-আশীৰ্বাদ আমাৰ লগত আছে : বিজুলী কলিতা মেধি - Lok Sabha Election 2024

Last Updated : Mar 22, 2024, 7:33 PM IST

ABOUT THE AUTHOR

...view details