অসম

assam

চৰকাৰৰ মাতৃভাষা মাধ্যম বিৰোধী সিদ্ধান্তৰ বিৰোধিতাৰে ৰাজ্য কপাঁলে আছুৱে

By ETV Bharat Assamese Team

Published : Jan 25, 2024, 8:26 AM IST

AASU protest against Assam govt : চৰকাৰে লোৱা সিদ্ধান্তৰ বিৰোধিতাৰে বুধবাৰে তিনিচুকীয়া, যোৰহাট, জোনাই আৰু চিৰাঙতো আছু কৰ্মীয়ে প্ৰতিবাদ সাব্যস্ত কৰে ৷

aasu protests across the state against govts medium decision
চৰকাৰৰ মাতৃভাষা মাধ্যম বিৰোধী সিদ্ধান্তৰ বিৰোধিতাৰে ৰাজ্য কপাঁলে আছুৱে

চৰকাৰৰ মাতৃভাষা মাধ্যম বিৰোধী সিদ্ধান্তৰ বিৰোধিতাৰে ৰাজ্য কপাঁলে আছুৱে

নিউজ ডেস্ক, 25 জানুৱাৰী :অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহত ষষ্ঠ শ্ৰেণীৰ পৰা গণিত আৰু বিজ্ঞান বিষয় দুটা ইংৰাজী মাধ্যমত পঢ়াবলৈ অসম চৰকাৰে লোৱা সিদ্ধান্তৰ বিৰোধিতাৰে বুধবাৰে ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰে আছু কৰ্মীয়ে ৷ সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে, চৰকাৰৰ মাতৃভাষা মাধ্যম বিৰোধী সিদ্ধান্তৰ বিৰুদ্ধে বুধবাৰে তিনিচুকীয়া জিলা ছাত্ৰ সন্থাই প্ৰতিবাদ সাব্যস্ত কৰে ৷ জিলাখনৰ মাকুম, ডুমডুমা, তালাপ, ছৈখোৱা, শদিয়া, কাকপথাৰ, ডিগবৈ, মাৰ্ঘেৰিটা, বৰডুমছা-পেঙেৰী, ফিল’বাৰী আঞ্চলিক ছাত্ৰ সন্থাই প্ৰতিলিপি দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷

জোনাই আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ তিনিআলিস্থিত 515 নং ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিলিপি দাহ কাৰ্যসূচীৰে ৰাজ্য চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ৷ নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি বিৰোধী সিদ্ধান্ত বাতিল কৰক, আইৰ মুখৰ ভাষাটো ধ্বংস কৰিবলৈ দিয়া নহ'ব আদি বিভিন্ন শ্লোগানেৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে ।

ৰাজ্য চৰকাৰৰ মাতৃভাষা মাধ্যম বিৰোধী সিদ্ধান্তৰ বিৰোধিতাৰে যোৰহাটতো প্ৰতিবাদত আছুৰ ৷ বুধবাৰে যোৰহাট জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত যোৰহাট আঞ্চলিক ছাত্ৰ সন্থাই প্ৰতিলিপি দাহ কাৰ্যসূচী ৰূপায়ণ কৰে ৷ একে দৰে অসম চৰকাৰে মাতৃভাষা মাধ্যম সম্পৰ্কত লোৱা কেবিনেটৰ সিদ্ধান্ত বাতিলৰ দাবীত মৰিয়নীত আছু কৰ্মীয়ে প্ৰতিবাদ কৰে ৷ মৰিয়নী থানা তিনিআলিৰ সন্মুখত প্ৰতিলিপি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে মৰিয়নী আঞ্চলিক আছু সমিতিয়ে ।

গণিত আৰু বিজ্ঞানৰ পাঠ্যপুথি ইংৰাজী ভাষাত প্ৰকাশ কৰা কেবিনেটৰ সিদ্ধান্তক বাতিল কৰক, অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয়সমূহ ধ্বংস কৰা ষড়যন্ত্ৰ নচলিব, শিক্ষামন্ত্ৰী ৰণোজ পেগু মূৰ্দাবাদ আদি শ্লোগানেৰে চিৰাঙৰ বাসুগাঁৱতো আছু কৰ্মীয়ে প্ৰতিবাদ সাব্যস্ত কৰে ৷

লগতে পঢ়ক :মাধ্যম বিতৰ্কক লৈ চৰকাৰৰ বিৰুদ্ধে পুনৰ সৰৱ আছু

ABOUT THE AUTHOR

...view details